--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • লিভাৰৰ সুস্বাস্থ্যৰ বাবে স্বাস্থ্যকৰ আৰু পৰিশোধিত নোহোৱা খাদ্য গ্ৰহণ কৰক, যাৰ ভিতৰত আছে জটিল কাৰ্বোহাইড্ৰেট, আঁহ আৰু প্ৰ'টিন।

ডিজিটেল ডেস্ক: মানৱ দেহৰ মগজু, হৃদপিণ্ড, কিডনি আৰু লিভাৰ হ’ল আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ। এই লিভাৰ বা যকৃত আমাৰ পেটৰ সোঁকাষে ওপৰৰ ফালে থাকে। লিভাৰ হল মানুহৰ দেহৰ আটাইটকৈ ডাঙৰ অংগ।


ঘৰত ব্যৱহাৰ কৰা ফিল্টাৰে আমি খোৱা দূষিত পানী যেনেদৰে পৰিস্কাৰ কৰি বিশুদ্ধ কৰে ঠিক তেনেদৰে আমাৰ লিভাৰটোৱেও শৰীৰত জমা হোৱা সকলোবোৰ আবৰ্জনা নিস্কাষণ কৰি আমাৰ দেহৰ তেজ পৰিস্কাৰ কৰি শৰীৰটোক সুস্থ কৰি ৰখাৰ গুৰুত্ব পুৰ্ণ ভূমিকা পালন কৰে। লগতে আমাৰ শৰীৰ দ্বাৰা সম্পাদন কৰা কিছুমান কাম সম্পূৰ্ণভাৱে লিভাৰৰ ওপৰতে নিৰ্ভৰ কৰে।


লিভাৰ বেয়া হোৱা সাধাৰণ লক্ষণসমূহ তলত দিয়া ধৰণৰ হ’ব পাৰে –


১. জণ্ডিচ : বিলিৰুবিন বঢ়াৰ বাবে ছাল আৰু চকুৰ বগা অংশ হালধীয়া হোৱা।


২. কাম-কাজ নকৰিলেও সদায় ভাগৰ অনুভৱ কৰা।


৩. পেটৰ ওপৰৰ সোঁফালৰ অস্বস্তি বা বিষ। পেটত পানী জমা হোৱা।


৪. এলবুমিন অভাৱত শৰীৰত পানী জমা হোৱা। ভৰিৰ গোৰোহা ফুলি উঠা।


৫. বমি বমি ভাব বা বমি হোৱা, ভোক নলগা হোৱা


৬. পেচাব ৰঙা বা হালধীয়া হোৱা, মল বগা বা মাটিৰ ৰঙৰ হোৱা।


৭. ছালৰ পৰিৱৰ্তন: হাতৰ তলুৱা হালধীয়া হোৱা।


৮. স্মৃতিশক্তি হ্ৰাস পোৱা।


৯. অনিদ্ৰা বা টোপনিৰ সময় খেলিমেলই হোৱা।


১০. মহিলাৰ অনিয়মিত ঋতুচক্ৰ।


১১. হেপাটাইটিছৰ দৰে ৰোগ হোৱা।


১২. মুখৰ পৰা গোন্ধ ওলোৱা।


১৩. তেজ বমি।


১৪. ওজন কমি যোৱা।



কি কৰিব


যদি আপুনি এই লক্ষণবোৰৰ কোনো এটা অনুভৱ কৰে, তেনেহ'লে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক।


লিভাৰৰ সুস্বাস্থ্যৰ বাবে স্বাস্থ্যকৰ আৰু পৰিশোধিত নোহোৱা খাদ্য গ্ৰহণ কৰক, যাৰ ভিতৰত আছে জটিল কাৰ্বোহাইড্ৰেট, আঁহ আৰু প্ৰ'টিন।


নিয়মিত ব্যায়াম কৰা আৰু পৰ্যাপ্ত পৰিমাণে পানী খোৱাও লিভাৰৰ বাবে উপকাৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ