--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • লিভাৰৰ সুস্বাস্থ্যৰ বাবে স্বাস্থ্যকৰ আৰু পৰিশোধিত নোহোৱা খাদ্য গ্ৰহণ কৰক, যাৰ ভিতৰত আছে জটিল কাৰ্বোহাইড্ৰেট, আঁহ আৰু প্ৰ'টিন।

ডিজিটেল ডেস্ক: মানৱ দেহৰ মগজু, হৃদপিণ্ড, কিডনি আৰু লিভাৰ হ’ল আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ। এই লিভাৰ বা যকৃত আমাৰ পেটৰ সোঁকাষে ওপৰৰ ফালে থাকে। লিভাৰ হল মানুহৰ দেহৰ আটাইটকৈ ডাঙৰ অংগ।


ঘৰত ব্যৱহাৰ কৰা ফিল্টাৰে আমি খোৱা দূষিত পানী যেনেদৰে পৰিস্কাৰ কৰি বিশুদ্ধ কৰে ঠিক তেনেদৰে আমাৰ লিভাৰটোৱেও শৰীৰত জমা হোৱা সকলোবোৰ আবৰ্জনা নিস্কাষণ কৰি আমাৰ দেহৰ তেজ পৰিস্কাৰ কৰি শৰীৰটোক সুস্থ কৰি ৰখাৰ গুৰুত্ব পুৰ্ণ ভূমিকা পালন কৰে। লগতে আমাৰ শৰীৰ দ্বাৰা সম্পাদন কৰা কিছুমান কাম সম্পূৰ্ণভাৱে লিভাৰৰ ওপৰতে নিৰ্ভৰ কৰে।


লিভাৰ বেয়া হোৱা সাধাৰণ লক্ষণসমূহ তলত দিয়া ধৰণৰ হ’ব পাৰে –


১. জণ্ডিচ : বিলিৰুবিন বঢ়াৰ বাবে ছাল আৰু চকুৰ বগা অংশ হালধীয়া হোৱা।


২. কাম-কাজ নকৰিলেও সদায় ভাগৰ অনুভৱ কৰা।


৩. পেটৰ ওপৰৰ সোঁফালৰ অস্বস্তি বা বিষ। পেটত পানী জমা হোৱা।


৪. এলবুমিন অভাৱত শৰীৰত পানী জমা হোৱা। ভৰিৰ গোৰোহা ফুলি উঠা।


৫. বমি বমি ভাব বা বমি হোৱা, ভোক নলগা হোৱা


৬. পেচাব ৰঙা বা হালধীয়া হোৱা, মল বগা বা মাটিৰ ৰঙৰ হোৱা।


৭. ছালৰ পৰিৱৰ্তন: হাতৰ তলুৱা হালধীয়া হোৱা।


৮. স্মৃতিশক্তি হ্ৰাস পোৱা।


৯. অনিদ্ৰা বা টোপনিৰ সময় খেলিমেলই হোৱা।


১০. মহিলাৰ অনিয়মিত ঋতুচক্ৰ।


১১. হেপাটাইটিছৰ দৰে ৰোগ হোৱা।


১২. মুখৰ পৰা গোন্ধ ওলোৱা।


১৩. তেজ বমি।


১৪. ওজন কমি যোৱা।



কি কৰিব


যদি আপুনি এই লক্ষণবোৰৰ কোনো এটা অনুভৱ কৰে, তেনেহ'লে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক।


লিভাৰৰ সুস্বাস্থ্যৰ বাবে স্বাস্থ্যকৰ আৰু পৰিশোধিত নোহোৱা খাদ্য গ্ৰহণ কৰক, যাৰ ভিতৰত আছে জটিল কাৰ্বোহাইড্ৰেট, আঁহ আৰু প্ৰ'টিন।


নিয়মিত ব্যায়াম কৰা আৰু পৰ্যাপ্ত পৰিমাণে পানী খোৱাও লিভাৰৰ বাবে উপকাৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু