--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটীত জনসাধাৰণৰ সুৰক্ষা আৰু সঠিক যাতায়াত ব্যৱস্থাপনাৰ উদ্দেশ্যে গুৱাহাটী মহানগৰৰ যান-বাহন শাখাই ২২ জুনৰ পৰা ২৫ জুনলৈ কিছু বিশেষ পৰিবহণ বিধি জাৰি কৰিছে

ডিজিটেল ডেস্কঃ নীলাচল পাহাৰৰ বুকুত অবস্থিত শক্তিপীঠ কামাখ্যাত আজিৰে পৰা আৰম্ভ অম্বুবাচী মহাযোগ। অম্বুবাচী মহাযোগক লৈ দেৱালয় কর্তৃপক্ষৰ লগতে প্রশাসনৰ প্রস্তুতি প্রায় তুংগত হৈ পৰিছে।


অম্বুবাচীৰ নিবৃত্তিৰ পাছত মা কামাখ্যাৰ আশিস ল'বলৈ ভক্তসকলে অপেক্ষা কৰে। যাৰ ফলত লাখ লাখ ভক্তৰ সমাগমবে মুখৰিত হৈ পৰে নীলাচলৰ বুকু। সেয়ে অম্বুবাচীৰ সময়ছোৱাত সমগ্র নীলাচল পাহাৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে ভক্তসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সম্মুখীন নহয়, তাৰ বাবে প্রশাসন, মন্দিৰ পৰিচালনা সমিতিয়ে ইতিমধ্যে কেতবোৰ নিদের্শনা জাৰি কৰিছে। ঠিক তেনেদৰে আগন্তুক অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটীত জনসাধাৰণৰ সুৰক্ষা আৰু সঠিক যাতায়াত ব্যৱস্থাপনাৰ উদ্দেশ্যে গুৱাহাটী মহানগৰৰ যান-বাহন শাখাই ২২ জুনৰ পৰা ২৫ জুনলৈ কিছু বিশেষ পৰিবহণ বিধি জাৰি কৰিছে।


যান-বাহন সম্পর্কীয় নির্দেশনাঃ


ক) ভক্তসকলক কঢ়িয়াই অনা যান-বাহনসমূহে নীলাচল ফ্লাই অভাৰৰ তলত যাত্ৰীসকলক নমাই আদাবাৰী বাছষ্টেণ্ড আৰু বৰিপাৰা খেলপথাৰত যান-বাহনবোৰ ৰাখিব লাগিব।


খ) নীলাচল ফ্লাই অভাৰৰ তলৰ ছাৰ্ভিচ লেনেৰে সাধাৰণ জনতাৰ চলাচল সীমিত কৰা হ'ব।


গ) ব্যক্তিগত যান-বাহন লৈ অহা ভক্তসকলে আদাবাৰী বাছষ্টেণ্ড, বৰিপাৰা খেলপথাৰ বা মাছখোৱাৰ এ এছ টি চিত যান-বাহনসমূহ ৰাখিব লাগিব।


ঘ) অম্বুবাচী মহাযোগৰ দিনকেইটাত তিনিচকীয়া বা অধিক চকাযুক্ত মালবাহী বাণিজ্যিক বাহন, কম গতিসম্পন্ন মালবাহী ৰ'টাৰীৰ পৰা মাছখোৱালৈ ডি জি ৰ'ড, এম জি ব'ৰ্ড, এছ টি ব'ৰ্ডত পুৱা ৫ বজাৰ পৰা নিশা ১১ বজালৈ বন্ধ থাকিব।


ঙ) অম্বুবাচী মহাযোগৰ দিনকেইটাত তিনিচকীয়া বা অধিক চকাযুক্ত মালবাহী বাণিজ্যিক বাহন, কম গতিসম্পন্ন মালবাহী বাহন/ঠেলাগাড়ী ইত্যাদিৰ চলাচল পাণ্ডু পর্ট ব'উত আদাবাৰী তিনিআলিৰ পৰা পাণ্ডুপ'টলৈ আৰু বৰবজাৰ ৰ'ৰ্ডত মালিগাঁও তিনিআলিৰ পৰা পাণ্ডু প'র্টলৈ পুরা ৫ বজাৰ পৰা নিশা ১১ বজালৈ বন্ধ থাকিব।


চ) ডিজি ৰ'ড, এম জি ৰ'ড আৰু এটি ৰ'ডত কোনো ধৰণৰ আন্তঃজিলা পৰিবহণ বাছ আৰু দীর্ঘ দূৰত্বৰ বাছৰ (অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনস্থ বাছকে ধৰি) চলাচল বন্ধ থাকিব।


ছ) নামনি অসমৰ পৰা অহা সকলো ধৰণৰ দীর্ঘ দূৰত্বৰ বাছ মাছখোৱা অভিমুখে যাব নোৱাৰিব। বাছবোৰ আদাবাৰী বাছষ্টেণ্ডত বখাব লাগিব।


জ) কামাখ্যা ৰে'লৱে স্টেছনৰ পৰা ভক্তসকলক কঢ়িয়াই অনা বাছবোৰ পি এন জি বি ৰ'ড-ডি জি ৰ'ড-আদাবাৰী তিনিআলি-পাণ্ডু প'র্ট ৰ'ড হৈ আগবাঢ়ি ভক্তসকলক পাণ্ডু প'ৰ্টৰ অস্থায়ী বিশ্রাম শিবিৰত নমাব লাগিব।


ঝ) পাণ্ডু প'র্ট আৰু কামাখ্যা স্টেছনৰ অস্থায়ী শিবিৰৰ পৰা অহা ভক্তসকলে নীলাচল ফ্লাই অ'ভাৰৰ ছাৰ্ভিচ লেনেৰে দেৱালয় অভিমুখে যাত্রা কৰিব লাগিব।


ঞ) ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তেঁতেলীয়া হৈ গোশালা অভিমুখে কোনো গধুৰ বাহনক যাবলৈ দিয়া নহ'ব।


ট) উল্লিখিত নিষেধাজ্ঞাসমূহৰ পৰিপ্ৰেক্ষিতত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অভিমুখে যাত্রা কৰা লোকসকলক নিজৰ যাত্রাপথৰ পৰিকল্পনা আগতীয়াকৈ স্থিৰ কৰাৰ লগতে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।


যান-বাহনৰ পার্কিং নিষিদ্ধ এলেকা:


১) পাণ্ডু পর্ট ৰ'ডত আদাবাৰী তিনিআলিৰ পৰা পাণ্ডু প'র্ট পর্যন্ত পথৰ দুয়ো কাষত।


২) বৰবজাৰ ৰ'ডত মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডু প'র্ট পর্যন্ত পথৰ দুয়োটা কাষত।


৩) এলিভেটেড কৰিড'ৰত।


৪) শান্তিপুৰ বাছ ষ্টেণ্ডৰ পৰা এলিভেটেড কৰিড'ৰৰ আৰম্ভণিলৈ ডি জি ৰ'ডৰ দুয়োটা কাষত।


৫) এলিভেটেড কৰিড'ৰৰ আৰম্ভণিৰ পৰা নীলাচল ফ্লাই অ'ভাৰৰ আৰম্ভণিলৈ ডি জি ৰ'ডৰ দুয়োটা কাষত।


৬) নীলাচল ফ্লাই অ'ভাৰৰ দুয়োটা কাষত।


৭) নীলাচল ফ্লাই অ'ভাৰৰ পৰা আদাবাৰী তিনিআলিলৈ পথৰ দুয়োটা কাষত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ