--°C
Loading...
Advertisement
Listen to Article
3 min read
80%

In Short

  • সকলোতকৈ ডাঙৰ কথা যে কেগৰ লগতে ৰিজার্ভ বেংকেও এনেদৰে প্ৰতি মাহে হাজাৰ হাজাৰ কোটি টকা ঋণ লোৱা বিষয়টো উল্লেখ কৰি ঋণৰ ধন উৎপাদনশীল কামত ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে।

ডিজিটেল ডেস্ক: বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে ইখনৰ পাছত সিখনকৈ হিতাধিকাৰী সৃষ্টিকাৰী আঁচনি ৰূপায়ণ কৰি এতিয়া ৰাজ্য চৰকাৰখনে সপ্তাহে সপ্তাহে ঋণ ল'ব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। চলিত মাহতে এতিয়ালৈকে তিনিবাৰকৈ ঋণ ল'বলৈ বাধ্য হোৱা চৰকাৰখনে পুনৰ অহা ২৪ মাৰ্চত ৫০০ কোটি টকাৰ ঋণ লোৱাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। 


উল্লেখযোগ্য যে চলিত মাহত পৃথকে পৃথকে তিনিবাৰত মুঠ ২৮০০ কোটি টকাৰ ঋণ লোৱা চৰকাৰখনে ষ্টক নিলামৰ জৰিয়তে পুনৰ ঋণ গ্ৰহণ কৰাৰ বাবে ইতিমধ্যে ৰিজার্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। ইফালে ভোটৰ অংকত ৰাজ্যৰ বিজেপি চৰকাৰখনে প্রতি মাহে লোৱা হাজাৰ হাজাৰ কোটি টকাৰ ঋণৰ ফলত ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ধাৰৰ বোজাও দ্রুত গতিত বৃদ্ধি পাইছে। আনকি ৰাজ্যৰ প্ৰতিজন ব্যক্তিৰ মূৰৰ ওপৰত থকা ঋণ বোজা প্রায় ৪২ হাজাৰ টকা অতিক্ৰম কৰিছে। কিন্তু ইয়াৰ পাছতো ঋণ লৈ ঘিউ খোৱা নীতি গ্ৰহণ কৰা ৰাজ্য চৰকাৰখনে ঋণ ল'বলৈ এৰা নাই। 


সকলোতকৈ ডাঙৰ কথা যে কেগৰ লগতে ৰিজার্ভ বেংকেও এনেদৰে প্ৰতি মাহে হাজাৰ হাজাৰ কোটি টকা ঋণ লোৱা বিষয়টো উল্লেখ কৰি ঋণৰ ধন উৎপাদনশীল কামত ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। পিছে এই আহ্বানকো নেওচি ৰাজ্য চৰকাৰখনে ভোটৰ বাবে গ্ৰহণ কৰা আঁচনিবোৰ ৰূপায়ণতে ঋণৰ ধন ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। তথ্য অনুসৰি ২০১৬ চনৰ ৩১ মার্চ পর্যন্ত ৰাজ্যৰ মুঠ ঋণৰ পৰিমাণ আছিল ৪১,৯৬৪ কোটি টকা। কিন্তু বিজেপি চৰকাৰ অহাৰ পাছত এই ঋণৰ পৰিমাণ ২০২৫ বৰ্ষৰ ৩১ মাৰ্চলৈকে হ'লগৈ ১,৭৭,৯৮৩ কোটি টকা। সেই অনুসৰি অহা ৩১ মার্চত চলিত বিত্তীয় বর্ষটোৰ সামৰণিত ৰাজ্য চৰকাৰৰ ঋণৰ পৰিমাণ ২ লাখ ২০ হেজাৰ কোটিৰো অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। মন কৰিব লগীয়া কথা যে নগদ ধন বিতৰণৰ আঁচনি অৰুণোদয়ৰ নামত চৰকাৰখনে ৰাজকোষৰ বৃহৎ অংকৰ ধন ব্যয় কৰি আহিছে। 


যোৱা দহ মাৰ্চৰ দিনা ৩৯ লাখ ৭০ হাজাৰ অৰুণোদয় হিতাধিকাৰীক ৯০০০ হাজাৰ টকাকৈ প্ৰদান কৰি চমক দিছিল ৰাজ্য চৰকাৰখনে। ইয়াৰ ফলত একেদিনাই ৰাজকোষৰ পৰা ওলাই গৈছিল ৩৬০০ কোটি টকা। ইফালে মহিলা উদ্যমিতা আঁচনি, মুখ্যমন্ত্রী আত্মনিৰ্ভৰ আঁচনি আদি বহু সংখ্যক আঁচনিৰ বাবেও প্রতি মাহে চৰকাৰখনে বৃহৎ অংকৰ ধন ব্যয় কৰিছে। যাৰ বাবে এতিয়া ঋণ লৈহে ৰাজ্য চলাব লগীয়া হৈছে ৰাজ্য চৰকাৰখনে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement