--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভূমিস্খলনৰ ফলতে পথৰ কাষত থকা পাঁচ খন দোকান ভাঙি পৰে। আজি প্ৰায় ৯:৩০ বজাৰ পৰা ১০ টা মান বজাত সংঘটিত হয় এই ঘটনা।

ডিজিটেল ডেস্ক: ডিমা হাছাও জিলাৰ মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত হাংৰুম অঞ্চলত হোৱা প্ৰচণ্ড ভূমিস্খলনত প্ৰায় ৭০ বছৰ বয়সৰ এজন বৃদ্ধ নিহত হোৱাৰ উপৰি পাহাৰ কটাত নিয়োজিত এছকেভেটাৰৰ চালক জন নিহত হোৱাৰ বাতৰি আহি পৰিছে।


ভূমিস্খলনত নিহত হোৱা এছকেভেটাৰ চালক জন হৈছে লক্ষীমপুৰৰ বাসিন্দা ফেৰণ টিগা। ভূমিস্খলনৰ ফলত পাহাৰ ওপৰৰ পৰা মাটিৰ লগতে তলত বাগৰি পৰে এছকেভেটাৰ খন যাৰ ফলত মৃত্যু হয় এছকেভেটাৰৰ চালক জনৰ বুলি নিৰ্মান সংস্থাই জানিব লৈ দিয়ে। ভূমিস্খলনত নিহত হোৱা অন্য ব্যক্তি জন হৈছে হুয়াজেনগামবে নৃয়ামে। আৰু এই ভূমিস্খলনৰ ফলতে ৯ জন গুৰুতৰ বাবে আহত হয়।


ইয়াৰ উপৰি ভূমিস্খলনৰ ফলতে পথৰ কাষত থকা পাঁচ খন দোকান ভাঙি পৰে। আজি প্ৰায় ৯:৩০ বজাৰ পৰা ১০ টা মান বজাত সংঘটিত হয় এই ঘটনা। সূত্ৰ অনুসৰি ভাৰতমালাৰ অধীনত অনুশা প্ৰজেক্ট প্ৰাইভেট লিমিটেড নিৰ্মান সংস্থাই পথ নিৰ্মাণৰ বাবে মাটি কটাৰ কামত নিয়োজিত হৈ থকাৰ সময়তে হঠাতে ভূমিস্খলন সংঘটিত হয়। যাৰ ফলত এগৰাকী বৃদ্ধ নিহত হোৱাৰ উপৰি আহত হোৱা ৯ জন লোকৰ ভিতৰত চাৰিজন লোক নিৰ্মাণ সংস্থাৰ বুলি জানিব পৰা গৈছে।


ইপিনে ভূমিস্খলনত আহত হোৱা লোক সকলক যিখন বাহনত কৰি হাংৰুমৰ পৰা হাফলং লৈ অনা হৈছিল এই বাহন খন দুৰ্ঘটনাৰ কৱলত পৰে যাৰ ফলত বাহন খনৰ চালক জন আহত হয় বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য ডিমা হাছাও জিলাৰ মাহুৰৰ পৰা মণিপুৰৰ তামেংলং লৈকে ভাৰতমালাৰ অধীনত চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম চলিয়াছে। এনএইচআইডিচিএল-ৰ অধীনত এই চাৰিলেন পথ নিৰ্মাণৰ কাম কৰিয়াছিল অনুশা প্ৰজেক্ট প্ৰাইভেট লিমিটেড নামৰ নিৰ্মান সংস্থাই। যোৱা কালি ৰাতি প্ৰচণ্ড বৰুষণ হৈছিল আৰু আজি ৰাতিপুৱা নিৰ্মান সংস্থাটোৱে হাংৰুমত বজাৰ এলেকাৰ ওচৰতে থকা এখন পাহাৰ জেচিবি লগাই কটাৰ সময়ত প্ৰচণ্ড ভূমিস্খলন সংগঠিত হয় ইয়াৰ ফলতে দুই জন লোক নিহত হোৱাৰ উপৰি ৯ গৰাকী লোক গুৰুতৰ ভাবে আহত হোৱাৰ বাতৰি পোৱা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ