--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভূমিস্খলনৰ ফলতে পথৰ কাষত থকা পাঁচ খন দোকান ভাঙি পৰে। আজি প্ৰায় ৯:৩০ বজাৰ পৰা ১০ টা মান বজাত সংঘটিত হয় এই ঘটনা।

ডিজিটেল ডেস্ক: ডিমা হাছাও জিলাৰ মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত হাংৰুম অঞ্চলত হোৱা প্ৰচণ্ড ভূমিস্খলনত প্ৰায় ৭০ বছৰ বয়সৰ এজন বৃদ্ধ নিহত হোৱাৰ উপৰি পাহাৰ কটাত নিয়োজিত এছকেভেটাৰৰ চালক জন নিহত হোৱাৰ বাতৰি আহি পৰিছে।


ভূমিস্খলনত নিহত হোৱা এছকেভেটাৰ চালক জন হৈছে লক্ষীমপুৰৰ বাসিন্দা ফেৰণ টিগা। ভূমিস্খলনৰ ফলত পাহাৰ ওপৰৰ পৰা মাটিৰ লগতে তলত বাগৰি পৰে এছকেভেটাৰ খন যাৰ ফলত মৃত্যু হয় এছকেভেটাৰৰ চালক জনৰ বুলি নিৰ্মান সংস্থাই জানিব লৈ দিয়ে। ভূমিস্খলনত নিহত হোৱা অন্য ব্যক্তি জন হৈছে হুয়াজেনগামবে নৃয়ামে। আৰু এই ভূমিস্খলনৰ ফলতে ৯ জন গুৰুতৰ বাবে আহত হয়।


ইয়াৰ উপৰি ভূমিস্খলনৰ ফলতে পথৰ কাষত থকা পাঁচ খন দোকান ভাঙি পৰে। আজি প্ৰায় ৯:৩০ বজাৰ পৰা ১০ টা মান বজাত সংঘটিত হয় এই ঘটনা। সূত্ৰ অনুসৰি ভাৰতমালাৰ অধীনত অনুশা প্ৰজেক্ট প্ৰাইভেট লিমিটেড নিৰ্মান সংস্থাই পথ নিৰ্মাণৰ বাবে মাটি কটাৰ কামত নিয়োজিত হৈ থকাৰ সময়তে হঠাতে ভূমিস্খলন সংঘটিত হয়। যাৰ ফলত এগৰাকী বৃদ্ধ নিহত হোৱাৰ উপৰি আহত হোৱা ৯ জন লোকৰ ভিতৰত চাৰিজন লোক নিৰ্মাণ সংস্থাৰ বুলি জানিব পৰা গৈছে।


ইপিনে ভূমিস্খলনত আহত হোৱা লোক সকলক যিখন বাহনত কৰি হাংৰুমৰ পৰা হাফলং লৈ অনা হৈছিল এই বাহন খন দুৰ্ঘটনাৰ কৱলত পৰে যাৰ ফলত বাহন খনৰ চালক জন আহত হয় বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য ডিমা হাছাও জিলাৰ মাহুৰৰ পৰা মণিপুৰৰ তামেংলং লৈকে ভাৰতমালাৰ অধীনত চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম চলিয়াছে। এনএইচআইডিচিএল-ৰ অধীনত এই চাৰিলেন পথ নিৰ্মাণৰ কাম কৰিয়াছিল অনুশা প্ৰজেক্ট প্ৰাইভেট লিমিটেড নামৰ নিৰ্মান সংস্থাই। যোৱা কালি ৰাতি প্ৰচণ্ড বৰুষণ হৈছিল আৰু আজি ৰাতিপুৱা নিৰ্মান সংস্থাটোৱে হাংৰুমত বজাৰ এলেকাৰ ওচৰতে থকা এখন পাহাৰ জেচিবি লগাই কটাৰ সময়ত প্ৰচণ্ড ভূমিস্খলন সংগঠিত হয় ইয়াৰ ফলতে দুই জন লোক নিহত হোৱাৰ উপৰি ৯ গৰাকী লোক গুৰুতৰ ভাবে আহত হোৱাৰ বাতৰি পোৱা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ