--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • উল্লেখযোগ্য যে সাতভনী' নামে খ্যাত অসম, অৰুণাচল প্রদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নগালেণ্ড আৰু ত্ৰিপুৰা ভৌগোলিকভাবে অতি স্পৰ্শকাতৰ অঞ্চল।

ডিজিটেল ডেস্ক: ছাত্ৰৰ নেতৃত্বাধীন বাংলাদেশৰ নৱগঠিত ৰাজনৈতিক দল নেশ্যনেল চিটিজেন পাৰ্টিৰ (এন চি পি) নেতা তথা ভাৰত-বিৰোধী বক্তব্যৰ বাবে জনাজাত হাচনাত আব্দুল্লাই সোমবাৰে ভাৰতৰ পৰা উত্তৰ-পূৰ্বাঞ্চলক বিচ্ছিন্ন কৰাৰ ভাবুকি দিয়ে। আব্দুল্লাই কয় যে যদি ভাৰতে বাংলাদেশত 'অস্থিৰতা সৃষ্টি কৰায়' তেন্তে দেশখনে 'সাতভনী' নামে জনাজাত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক দেশৰ পৰা বিচ্ছিন্ন কৰিব।


উল্লেখযোগ্য যে সাতভনী' নামে খ্যাত অসম, অৰুণাচল প্রদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নগালেণ্ড আৰু ত্ৰিপুৰা ভৌগোলিকভাবে অতি স্পৰ্শকাতৰ অঞ্চল। কাৰণ এই উত্তৰ-পূৰ্বাঞ্চল পশ্চিম বংগৰ 'চিকেন নেক' নামৰ ঠেক এটি কৰিডৰেৰে ভাৰতৰ মূল ভূ-ভাগৰ সৈতে সংযুক্ত হৈ আছে। ঢাকাৰ কেন্দ্ৰীয় শ্বহীদ মিনাৰত ইনকিলাব মঞ্চই আহ্বান জনোৱা এক সর্বদলীয় প্রতিবাদী সমাৱেশত অংশগ্ৰহণ কৰি এন চি পিৰ দক্ষিণাঞ্চলৰ মুখ্য সংগঠক হাচনাত আব্দুল্লাই দাবী কৰে যে নির্বাচন প্ৰক্ৰিয়াত কূটাঘাতৰ চেষ্টা কৰা আৰু শেহতীয়াকৈ সোঁপন্থী কর্মী ওচমান হাদীৰ আক্ৰমণত জড়িত থকা 'বিশৃংখলা সৃষ্টিকাৰীসকল'-এ ভাৰতৰ পৰা সাহায্য লাভ কৰিছে।


সীমান্ত পাৰ হৈ বাংলাদেশী নাগৰিকক হত্যা কৰাত ভাৰতৰ চৰকাৰ জড়িত বুলিও তেওঁ অভিযোগ কৰে। তেওঁ কয়, 'মই স্পষ্টকৈ ভাৰতক ক'বলৈ বিচাৰোঁ যে যদি আপোনালোকে বাংলাদেশৰ সাৰ্বভৌমত্ব, সম্ভাৱনা, ভোটাধিকাৰ আৰু মানৱ অধিকাৰক সন্মান নকৰা শক্তিক আশ্রয় দিয়ে, তেন্তে বাংলাদেশে প্রত্যুত্তৰ দিব।' তেওঁ আৰু কয় যে বাংলাদেশক অস্থিৰ কৰা কাৰ্যৰ ভয়াৱহ প্রতিক্রিয়া হ'ব, যি বৃহৎ অঞ্চলটোত বিদাৰণ ঘটাব। তেওঁ কয়, 'যদি বাংলাদেশক অস্থিৰ কৰি তোলা হয়, প্ৰতিৰোধৰ জুই সীমাৰ সিপাৰলৈকে বিয়পিব।'


উল্লেখযোগ্য যে এন চি পিৰ এই নেতাজন হৈছে দেশৰ কঠোৰ ভাৰত-বিৰোধী কণ্ঠবোৰৰ অন্যতম। তেওঁ নিয়মীয়াকৈ ভাৰতৰ বিৰুদ্ধে বিদ্বেষপূর্ণ বক্তব্য আগবঢ়ায়। ভাৰতে পূৰ্বৰ শাসক দল আৰু বৰ্তমান দেশখনত নিষিদ্ধ আৱামী লীগৰ ৰাজনৈতিক 'সন্ত্রাসবাদী'ক আশ্রয় দিয়া বুলি অভিযোগ কৰি আব্দুল্লাই ভৱিষ্যতৰ বাবে 'ভাৰতীয় আধিপত্য বিৰোধী' আৰু 'বাংলাদেশপন্থী' এখন সংসদৰ আহ্বান জনায়। 'বাংলাদেশক শ্রুতলিপি দিবলৈ বিচৰা ভাৰতক এক সাম্রাজ্যবাদী শক্তি' আখ্যা দি এন চি পিৰ নেতাজনে অভিযোগ কৰে যে ভাৰতে 'তথ্য যুদ্ধ' আৰম্ভ কৰিছে আৰু 'সংখ্যালঘু কার্ড' খেলি 'সাম্প্রদায়িক সমন্বয়'ত ব্যাঘাত জন্মাইছে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু