--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বাণিজ্যিক প্রতিষ্ঠানত অধিক গেছৰ ব্যৱহাৰ হয়, যাৰ ফলত ঘৰুৱা গেছ চিলিণ্ডাৰত চাপ বেছি হয় আৰু বিস্ফোৰণৰ আশংকা থাকে।

ডিজিটেল ডেস্ক : কামৰূপ মহানগৰ জিলাৰ বিভিন্ন ব্যাৱসায়িক প্রতিষ্ঠান, একাংশ হোটেল, ৰেস্তোৰাঁ, কেণ্টিন আদিত ঘৰুৱা বন্ধন গেছ ব্যৱহাৰ কৰি আছে। ব্যাৱসায়িক প্রতিষ্ঠানত ঘৰুৱা বন্ধন গেছৰ চিলিণ্ডাৰ ব্যৱহাৰ কৰাটো সুৰক্ষাৰ দিশৰ পৰা বিপজ্জনক আৰু বে-আইনী।


বাণিজ্যিক প্রতিষ্ঠানৰ বাবে বিশেষভাৱে ডিজাইন কৰা চিলিণ্ডাৰ ব্যৱহাৰ কৰাটো প্রয়োজনীয়। ঘৰুৱা গেছ চিলিণ্ডাৰবোৰ কম চাপৰ বাবে তৈয়াৰ কৰা হয় আৰু বাণিজ্যিক কাম-কাজত ব্যৱহাৰ কৰিলে বিপদ সংঘটিত হোৱাৰ সম্ভাৱনা অধিক।


বাণিজ্যিক প্রতিষ্ঠানত অধিক গেছৰ ব্যৱহাৰ হয়, যাৰ ফলত ঘৰুৱা গেছ চিলিণ্ডাৰত চাপ বেছি হয় আৰু বিস্ফোৰণৰ আশংকা থাকে। আনহাতে বাণিজ্যিক স্থানত গেছ ব্যৱহাৰৰ বাবে নির্দিষ্ট নিয়ম আছে, যিবোৰ ঘৰুৱা গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰত প্রযোজ্য নহয়। বাণিজ্যিক চিলিণ্ডাৰবোৰ অধিক শক্তিশালী আৰু নিৰাপদ হোৱাকৈ তৈয়াৰ কৰা হয়। সেয়েহে, ব্যাৱসায়িক প্ৰতিষ্ঠানত ঘৰুৱা গেছ চিলিণ্ডাৰৰ সলনি বাণিজ্যিক চিলিণ্ডাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক।


কিন্তু তাৰ পাছতো ঘৰুৱা ৰন্ধন গেছ যোগান আৰু বিতৰণ নিয়ন্ত্রণ আইনৰ ধাৰা ৩(চি) আৰু ৭ (চি) উলংঘা কৰি মহানগৰৰ অধিকাংশ ব্যাৱসায়িক প্রতিষ্ঠানে ব্যৱহাৰ কৰি আছে ঘৰুৱা বন্ধন গেছৰ চিলিণ্ডাৰ। কামৰূপ মহানগৰ জিলা প্রশাসন আৰু খাদ্য ৰাজহুৱা বিতৰণ তথা গ্রাহক পৰিক্ৰমা বিভাগে বিভিন্ন সময়ত ব্যাৱসায়িক প্রতিষ্ঠানত ঘৰুৱা বন্ধন গেছৰ চিলিণ্ডাৰ ব্যৱহাৰকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত দি আহিছে যদিও দীর্ঘদিন ধৰি গুৱাহাটী মহানগৰৰ বিভিন্ন ব্যাৱসায়িক, বাণিজ্যিক প্রতিষ্ঠান আৰু পদপথৰ ব্যৱসায়ীয়ে মুকলিকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ ব্যৱহাৰ কৰি থকা পৰিলক্ষিত হৈছে।


মহানগৰত ব্যৱসায়-বাণিজ্য কৰা লোকসকলে তেওঁলোকৰ ব্যাৱসায়িক প্রতিষ্ঠানসমূহত বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰ ব্যৱহাৰ কৰিব লাগে যদিও অধিকাংশই ব্যৱহাৰ নকৰে। তদুপৰি ব্যাৱসায়িক প্রতিষ্ঠানসমূহত ঘৰুৱা ৰন্ধন গেছৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি একাংশ গেছ এজেঞ্চিয়েও গোপনে তেওঁলোকক ঘৰুৱা বন্ধন গেছৰ চিলিণ্ডাৰ যোগান ধৰি তাৰ বিনিময়ত নির্দিষ্ট মূল্যতকৈ অধিক মূল্য সংগ্রহ কৰে।


এনেদৰেই মহানগৰত এতিয়া ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ এক বৃহৎ ক'লা বজাৰ অব্যাহত আছে। লক্ষণীয়ভাৱে বিগত বর্ষতেই কামৰূপ মহানগৰ জিলা প্রশাসনে এক জাননী জাৰি কৰি সকলো ব্যাৱসায়িক প্রতিষ্ঠানক তেওঁলোকে যাতে নিজৰ নিজৰ প্রতিষ্ঠানত বাণিজ্যিক গেছৰ চিলিণ্ডাৰ ব্যৱহাৰ কৰে, তাৰ বাবে সতর্ক কৰি দি ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হ'লে তেনে প্রতিষ্ঠানৰ বিৰুদ্ধে আইনসংগত ব্যৱস্থা গ্রহণ কৰা হ'ব বুলি উল্লেখ কৰিছিল।


আনহাতে ব্যাৱসায়িক প্রতিষ্ঠানে বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰিৱৰ্তে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ ব্যৱহাৰ কৰাৰ ফলত চৰকাৰে ৰাজহ হেৰুৱাবলগীয়া হৈছে বুলিও জাননীত উল্লেখ কৰা হৈছিল। কিন্তু তাৰ পাছতো এইক্ষেত্রত আজিলৈকে আইন উলংঘাকাৰীৰ বিৰুদ্ধে আশ্চর্যজনকভাবে জিলা প্রশাসন বা দায়িত্বশীল বিভাগে কোনোধৰণৰ কঠোৰ ব্যৱস্থা গ্রহণ নকৰিলে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ