--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উল্লেখযোগ্য যে সংসদৰ বর্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ দিনাই আজি তেওঁ পদত্যাগ কৰে

ডিজিটেল ডেস্ক : উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে সোমবাৰে হঠাৎ পদত্যাগ কৰে। তেওঁ তৎকালেই কার্যকৰী হোৱাকৈ নিজৰ পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতি । কৰে। ৰাষ্ট্ৰপতিলৈ লিখা পত্ৰখনত ধনখড়ে স্বাস্থ্যজনিত কাৰণত আৰু চিকিৎসকৰ পৰামৰ্শৰ কথা উল্লেখ কৰি সংবিধানৰ ৬৭(এ) অনুচ্ছেদৰ অধীনত পদত্যাগ ঘোষণা কৰে।


ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুলৈ লিখা পত্ৰখনত ধনখড়ে কয়, 'স্বাস্থ্যক অগ্রাধিকাৰ আৰু চিকিৎসাজনিত পৰামৰ্শ পালন কৰি, মই ভাৰতৰ উপৰাষ্ট্ৰপতি পদৰ পৰা তৎক্ষণাৎ কাৰ্যকৰী হোৱাকৈ পদত্যাগ পত্র দাখিল কৰিছোঁ।' তেওঁৰ সৈতে কৰা সহযোগ আৰু সৌহার্দ্যমূলক সম্পৰ্কৰ বাবে ৰাষ্ট্ৰপতিৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰে।


ইয়াৰ লগতে তেওঁক কৰা প্ৰধানমন্ত্ৰী তথা তেওঁৰ মন্ত্ৰী পৰিষদৰ প্ৰতিও ধনখড়ে কৃতজ্ঞতা প্রকাশ কৰে। ধনখড়ে পদত্যাগ পত্রত কয়, 'সংসদৰ সকলো মাননীয় সদস্যৰ পৰা মই যি স্নেহ, বিশ্বাস তথা সন্মান লাভ কৰিছিলোঁ সেয়া সমগ্ৰ জীৱনটো অন্তৰত সঞ্চিত হৈ থাকিব।' উপৰাষ্ট্ৰপতিৰূপে নিজৰ কাৰ্যকালৰ কথা স্মৰণ কৰি ধনখড়ে কয়, 'এই মহান গণতন্ত্ৰৰ উপৰাষ্ট্ৰপতিৰূপে লাভ কৰা অভিজ্ঞতা আৰু দৃষ্টিভংগীৰ বাবে মই গভীৰভাৱে কৃতজ্ঞ। ভাৰতৰ অর্থনৈতিক বিকাশ আৰু অভূতপূর্ব পৰিৱৰ্তনৰ যুগৰ সাক্ষী হৈ পৰাটো মোৰ বাবে সৌভাগ্য আৰু সন্তোষৰ কথা।'


তেওঁ বিশ্বত ভাৰতৰ উদয় আৰু উজ্জ্বল ভৱিষ্যতৰ প্ৰতি অটুট আস্থা প্রকাশ কৰি নিজৰ পদত্যাগ পত্ৰৰ সামৰণি মাৰে। উল্লেখযোগ্য যে সংসদৰ বর্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ দিনাই আজি তেওঁ পদত্যাগ কৰে।


ধনখড়ে সোমবাৰে ৰাজ্য সভাৰ উপ-সভাপতি হিচাপে সদনৰ কাম-কাজো পৰিচালনা কৰিছিল। উল্লেখযোগ্য যে ধনখড়ে ২০২২ চনৰ ১১ আগষ্টত দেশৰ উপ-ৰাষ্ট্ৰপতি ৰূপে শপত গ্রহণ কৰিছিল। তেওঁৰ কাৰ্যকাল ২০২৭ চনত অন্ত পৰিলহেঁতেন।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক