--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ডেমিয়ান চাইমনে এক্সত পোষ্ট কৰিছিল, '২০২৫ চনৰ জুন মাহত সৰগোধা অঞ্চলৰ গুগল আৰ্থত লোৱা ছবিয়ে ২০২৫ চনৰ মে' মাহত কিৰানা পাহাৰত ভাৰতে কৰা আক্ৰমণৰ প্ৰভাৱৰ অঞ্চল দেখুৱাইছে

ডিজিটেল ডেস্কঃ ২০২৫ চনৰ মে’ মাহত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা সামৰিক সংঘৰ্ষৰ পিছত এতিয়া উপগ্ৰহৰ ছবিত প্ৰকাশ পাইছে যে পাকিস্তানৰ সৰগোধা অঞ্চলত অৱস্থিত কিৰানা পাহাৰত ভাৰতে ‘সতৰ্কবাণী আক্ৰমণ’ চলাইছিল। এই একেটা অঞ্চলতে পাকিস্তানে নিজৰ পাৰমাণৱিক অস্ত্ৰ গোপন সুৰংগত জমা কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে ভাৰতীয় বায়ুসেনাই এই দাবী নাকচ কৰিছে।


এই চাঞ্চল্যকৰ দাবী কৰিছে বিখ্যাত মুক্ত উৎস চোৰাংচোৱা (OSINT) বিশেষজ্ঞ ডেমিয়েন চাইমনে। তেওঁ গুগল আৰ্থৰ ২০২৫ চনৰ জুন মাহৰ আপডেট কৰা উপগ্ৰহৰ ছবি শ্বেয়াৰ কৰি দাবী কৰে যে কিৰানা পাহাৰত ভাৰতৰ আক্ৰমণৰ স্পষ্ট চিন দেখা যায়। ছাইমনে ইয়াক সতৰ্কবাণীমূলক আক্ৰমণ বুলি অভিহিত কৰিছে, য’ত কোনো গভীৰ ক্ষতি হোৱা নাই।


কিৰানা পাহাৰত ভাৰতে আক্ৰমণ কৰিছিল নেকি?


ডেমিয়ান চাইমনে এক্স (পূৰ্বৰ টুইটাৰ)ত পোষ্ট কৰিছিল, '২০২৫ চনৰ জুন মাহত সৰগোধা অঞ্চলৰ গুগল আৰ্থত লোৱা ছবিয়ে ২০২৫ চনৰ মে' মাহত কিৰানা পাহাৰত ভাৰতে কৰা আক্ৰমণৰ প্ৰভাৱৰ অঞ্চল দেখুৱাইছে।' এজন ব্যৱহাৰকাৰীয়ে ষ্ট্ৰাইকটো গভীৰলৈ গৈছিল নেকি বুলি সোধা প্ৰশ্নত চাইমনে উত্তৰ দিছিল, ‘নাই, এই ষ্ট্ৰাইক আৰু পূৰ্বৰ চিত্ৰকল্প দুয়োটাতে মাটিৰ তলৰ কোনো প্ৰভাৱ বা সুৰংগৰ ক্ষতি দেখা নাযায়। সম্ভৱতঃ ভাৰতৰ পৰা অহা সতৰ্কবাণী আক্ৰমণ আছিল, কিয়নো ইয়াৰ পৰা সুৰংগ আৰু গুৰুত্বপূৰ্ণ সা-সুবিধাসমূহ বহু দূৰত আৰু তাত কোনো ধৰণৰ ক্ষতি দেখা নাযায়।


কিৰানা পাহাৰত আক্ৰমণৰ দাবী নাকচ ভাৰতীয় সেনাই


১২ মে’ত এক যৌথ সংবাদ ব্রিফিঙত এয়াৰ মাৰ্শ্বাল এ কে ভাৰতীয়ে কয়, ‘আমি কিৰানা পাহাৰক লক্ষ্য কৰি লোৱা নাই৷ মোৰ আগৰ ব্রিফিঙতো এই বিষয়ে একো কোৱা হোৱা নাছিল৷’ ভাৰতীয় বায়ুসেনাৰ এই বক্তব্যৰ পিছতো ছ’চিয়েল মিডিয়াত বহু ভিডিঅ’ আৰু ছবি ভাইৰেল হৈ আছে, য’ত কিৰানা পাহাৰৰ পৰা ধোঁৱা ওপৰলৈ উঠি অহা দেখা গৈছে।


কিৰানা পাহাৰ কিয় গুৰুত্বপূৰ্ণ?


পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ সৰগোধা জিলাত অৱস্থিত কিৰানা পাহাৰ। বিশ্বাস কৰা হয় যে ইয়াতেই পাকিস্তান সেনাই নিজৰ পাৰমাণৱিক অস্ত্ৰ নিৰাপদ সুৰংগত জমা কৰি ৰাখে। এই সুৰংগসমূহৰ গভীৰতা আৰু সুৰক্ষাই ইয়াক কৌশলগতভাৱে অতি সংবেদনশীল কৰি তোলে।


অপাৰেচন সিন্দুৰত ভাৰতৰ প্ৰতিশোধ


যোৱা ৭ মে’ত ভাৰতে পাকিস্তান দখল কাশ্মীৰ (POK) আৰু পাকিস্তানৰ ভিতৰত অৱস্থিত সন্ত্ৰাসবাদী ঘাটিৰ ওপৰত প্ৰতিশোধ লয়। ইয়াৰ পূৰ্বে ২২ এপ্ৰিলত কাশ্মীৰৰ পহলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে ২৬জন নিৰীহ লোকক হত্যা কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে অপাৰেচন সিন্দুৰৰ অধীনত ১১টা সামৰিক ঘাটিক লক্ষ্য কৰি লয়। ইয়াৰ ভিতৰত আছিল ৰফিকী, মুৰিদ, নূৰ খান, ৰহিম য়াৰ খান, চুক্কুৰ, চুনীয়া, পাছুৰ আৰু ছিয়ালকোটৰ দৰে গুৰুত্বপূৰ্ণ বিমান ঘাটি।


নূৰ খান এয়াৰবেছত আক্ৰমণ - আটাইতকৈ ডাঙৰ সংকেত?


এই অভিযানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ আছিল ৰাৱালপিণ্ডিৰ ওচৰত পাকিস্তানৰ সামৰিক কমাণ্ডৰ মুখ্য কাৰ্যালয়ৰ সমীপত অৱস্থিত নূৰ খান এয়াৰবেছত আক্ৰমণ। এই মুখ্য কাৰ্যালয়টো পাকিস্তানৰ পাৰমাণৱিক কাৰ্যসূচী চোৱাচিতা কৰা কৌশলগত পৰিকল্পনা বিভাগৰ কেন্দ্ৰও। পাকিস্তানৰ আটাইতকৈ ডাঙৰ আশংকা হ’ল ইয়াৰ পাৰমাণৱিক কমাণ্ড নিষ্ক্ৰিয় হ’ব পাৰে। নূৰ খানৰ ওপৰত কৰা ষ্ট্ৰাইক ভাৰতৰ সামৰ্থ্যৰ বাৰ্তা হিচাপে বুজিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ