--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ডেমিয়ান চাইমনে এক্সত পোষ্ট কৰিছিল, '২০২৫ চনৰ জুন মাহত সৰগোধা অঞ্চলৰ গুগল আৰ্থত লোৱা ছবিয়ে ২০২৫ চনৰ মে' মাহত কিৰানা পাহাৰত ভাৰতে কৰা আক্ৰমণৰ প্ৰভাৱৰ অঞ্চল দেখুৱাইছে

ডিজিটেল ডেস্কঃ ২০২৫ চনৰ মে’ মাহত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা সামৰিক সংঘৰ্ষৰ পিছত এতিয়া উপগ্ৰহৰ ছবিত প্ৰকাশ পাইছে যে পাকিস্তানৰ সৰগোধা অঞ্চলত অৱস্থিত কিৰানা পাহাৰত ভাৰতে ‘সতৰ্কবাণী আক্ৰমণ’ চলাইছিল। এই একেটা অঞ্চলতে পাকিস্তানে নিজৰ পাৰমাণৱিক অস্ত্ৰ গোপন সুৰংগত জমা কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে ভাৰতীয় বায়ুসেনাই এই দাবী নাকচ কৰিছে।


এই চাঞ্চল্যকৰ দাবী কৰিছে বিখ্যাত মুক্ত উৎস চোৰাংচোৱা (OSINT) বিশেষজ্ঞ ডেমিয়েন চাইমনে। তেওঁ গুগল আৰ্থৰ ২০২৫ চনৰ জুন মাহৰ আপডেট কৰা উপগ্ৰহৰ ছবি শ্বেয়াৰ কৰি দাবী কৰে যে কিৰানা পাহাৰত ভাৰতৰ আক্ৰমণৰ স্পষ্ট চিন দেখা যায়। ছাইমনে ইয়াক সতৰ্কবাণীমূলক আক্ৰমণ বুলি অভিহিত কৰিছে, য’ত কোনো গভীৰ ক্ষতি হোৱা নাই।


কিৰানা পাহাৰত ভাৰতে আক্ৰমণ কৰিছিল নেকি?


ডেমিয়ান চাইমনে এক্স (পূৰ্বৰ টুইটাৰ)ত পোষ্ট কৰিছিল, '২০২৫ চনৰ জুন মাহত সৰগোধা অঞ্চলৰ গুগল আৰ্থত লোৱা ছবিয়ে ২০২৫ চনৰ মে' মাহত কিৰানা পাহাৰত ভাৰতে কৰা আক্ৰমণৰ প্ৰভাৱৰ অঞ্চল দেখুৱাইছে।' এজন ব্যৱহাৰকাৰীয়ে ষ্ট্ৰাইকটো গভীৰলৈ গৈছিল নেকি বুলি সোধা প্ৰশ্নত চাইমনে উত্তৰ দিছিল, ‘নাই, এই ষ্ট্ৰাইক আৰু পূৰ্বৰ চিত্ৰকল্প দুয়োটাতে মাটিৰ তলৰ কোনো প্ৰভাৱ বা সুৰংগৰ ক্ষতি দেখা নাযায়। সম্ভৱতঃ ভাৰতৰ পৰা অহা সতৰ্কবাণী আক্ৰমণ আছিল, কিয়নো ইয়াৰ পৰা সুৰংগ আৰু গুৰুত্বপূৰ্ণ সা-সুবিধাসমূহ বহু দূৰত আৰু তাত কোনো ধৰণৰ ক্ষতি দেখা নাযায়।


কিৰানা পাহাৰত আক্ৰমণৰ দাবী নাকচ ভাৰতীয় সেনাই


১২ মে’ত এক যৌথ সংবাদ ব্রিফিঙত এয়াৰ মাৰ্শ্বাল এ কে ভাৰতীয়ে কয়, ‘আমি কিৰানা পাহাৰক লক্ষ্য কৰি লোৱা নাই৷ মোৰ আগৰ ব্রিফিঙতো এই বিষয়ে একো কোৱা হোৱা নাছিল৷’ ভাৰতীয় বায়ুসেনাৰ এই বক্তব্যৰ পিছতো ছ’চিয়েল মিডিয়াত বহু ভিডিঅ’ আৰু ছবি ভাইৰেল হৈ আছে, য’ত কিৰানা পাহাৰৰ পৰা ধোঁৱা ওপৰলৈ উঠি অহা দেখা গৈছে।


কিৰানা পাহাৰ কিয় গুৰুত্বপূৰ্ণ?


পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ সৰগোধা জিলাত অৱস্থিত কিৰানা পাহাৰ। বিশ্বাস কৰা হয় যে ইয়াতেই পাকিস্তান সেনাই নিজৰ পাৰমাণৱিক অস্ত্ৰ নিৰাপদ সুৰংগত জমা কৰি ৰাখে। এই সুৰংগসমূহৰ গভীৰতা আৰু সুৰক্ষাই ইয়াক কৌশলগতভাৱে অতি সংবেদনশীল কৰি তোলে।


অপাৰেচন সিন্দুৰত ভাৰতৰ প্ৰতিশোধ


যোৱা ৭ মে’ত ভাৰতে পাকিস্তান দখল কাশ্মীৰ (POK) আৰু পাকিস্তানৰ ভিতৰত অৱস্থিত সন্ত্ৰাসবাদী ঘাটিৰ ওপৰত প্ৰতিশোধ লয়। ইয়াৰ পূৰ্বে ২২ এপ্ৰিলত কাশ্মীৰৰ পহলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে ২৬জন নিৰীহ লোকক হত্যা কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে অপাৰেচন সিন্দুৰৰ অধীনত ১১টা সামৰিক ঘাটিক লক্ষ্য কৰি লয়। ইয়াৰ ভিতৰত আছিল ৰফিকী, মুৰিদ, নূৰ খান, ৰহিম য়াৰ খান, চুক্কুৰ, চুনীয়া, পাছুৰ আৰু ছিয়ালকোটৰ দৰে গুৰুত্বপূৰ্ণ বিমান ঘাটি।


নূৰ খান এয়াৰবেছত আক্ৰমণ - আটাইতকৈ ডাঙৰ সংকেত?


এই অভিযানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ আছিল ৰাৱালপিণ্ডিৰ ওচৰত পাকিস্তানৰ সামৰিক কমাণ্ডৰ মুখ্য কাৰ্যালয়ৰ সমীপত অৱস্থিত নূৰ খান এয়াৰবেছত আক্ৰমণ। এই মুখ্য কাৰ্যালয়টো পাকিস্তানৰ পাৰমাণৱিক কাৰ্যসূচী চোৱাচিতা কৰা কৌশলগত পৰিকল্পনা বিভাগৰ কেন্দ্ৰও। পাকিস্তানৰ আটাইতকৈ ডাঙৰ আশংকা হ’ল ইয়াৰ পাৰমাণৱিক কমাণ্ড নিষ্ক্ৰিয় হ’ব পাৰে। নূৰ খানৰ ওপৰত কৰা ষ্ট্ৰাইক ভাৰতৰ সামৰ্থ্যৰ বাৰ্তা হিচাপে বুজিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ