--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২০২৪ চনত 'সমগ্র দেশতে নাগৰিকে চাইবাৰ প্রৱঞ্চনাৰ বাবে হেৰুওৱা মুঠ ধনৰ পৰিমাণ হ'ল ২২,৮৪৫
  • ৭৩ কোটি টকা।

ডিজিটেল ডেস্ক : চাইবাৰ অপৰাধীয়ে ২০২৪ চনত ভাৰতীয় নাগৰিকৰ পৰা মুঠ ২২,৮৪৫.৭৩ কোটি টকা সৰকায়। কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে সংসদত এই কথা প্রকাশ কৰে।


এটা লিখিত প্রশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ দপ্তৰৰ ৰাজ্য মন্ত্রী বান্দী সঞ্জয় কুমাৰে লোক সভাক জনায় যে কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ৰ আই৪ চি (ইণ্ডিয়ান চাইবাৰ ক্রাইম ক'-অর্ডিনেশ্যন চেন্টাৰ)-এ পৰিচালনা কৰা নেশ্যনেল ছাইবাৰ ক্রাইম ৰিপ'র্টিং (এন চি আৰ পি) আৰু চিটিজেন ফাইনেন্সিয়েল চাইবাৰ ফ্ৰড ৰিপ'ৰ্টিং এণ্ড মেনেজমেন্ট ছিষ্টেমৰ (চি এফ চি এফ আৰ এম এছ) মতে ২০২৪ চনত 'সমগ্র দেশতে নাগৰিকে চাইবাৰ প্রৱঞ্চনাৰ বাবে হেৰুওৱা মুঠ ধনৰ পৰিমাণ হ'ল ২২,৮৪৫.৭৩ কোটি টকা।


পূৰ্বৰ বছৰটোত এই পৰিমাণ আছিল ৭,৪৬৫.১৮ কোটি টকা।' কুমাৰে আৰু কয় যে ২০২৪ চনত এন চি আৰ পিত জনোৱা বিত্তীয় প্রৱঞ্চনাৰ ঘটনা হ'ল ৩৬,৩৭,২৮৮টা। ২০২৩ চনত এনে ঘটনা আছিল ২৪,৪২,৯৭৮টা। মন্ত্রীজনে দিয়া তথ্যমতে এন চি আৰ পিত জনোৱা মতে ২০২২ চনত চাইবাৰ অপৰাধৰ সংখ্যা আছিল ১০,২৯,০২৬টা। ই আছিল পূৰ্বৰ বছৰটোতকৈ ১২৭.৪৪ শতাংশ বেছি।


২০২৩ চনত ২০২২ চনতকৈ ৫৫.১৫ শতাংশ বৃদ্ধি পাই চাইবাৰ অপৰাধৰ সংখ্যা হয়গৈ ১৫,৯৬,৪৯৩টা। আনহাতে ২০২৪ চনত পূৰ্বৰ বছৰতকৈ ৪২.০৮ শতাংশ বৃদ্ধি পাই এই সংখ্যা ২২,৬৮,৩৪৬ টা হয়গৈ। চৰকাৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থাৰ বিষয়ে বিতংভাৱে জনাই মন্ত্রীজনে কয় যে বৰ্তমানলৈকে ৯.৪২ লাখতকৈ বেছি ছিম কার্ড আৰু ২,৬৩,৩৪৮ আই এম ই আই চৰকাৰে বন্ধ কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক