--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২০২৪ চনত 'সমগ্র দেশতে নাগৰিকে চাইবাৰ প্রৱঞ্চনাৰ বাবে হেৰুওৱা মুঠ ধনৰ পৰিমাণ হ'ল ২২,৮৪৫
  • ৭৩ কোটি টকা।

ডিজিটেল ডেস্ক : চাইবাৰ অপৰাধীয়ে ২০২৪ চনত ভাৰতীয় নাগৰিকৰ পৰা মুঠ ২২,৮৪৫.৭৩ কোটি টকা সৰকায়। কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে সংসদত এই কথা প্রকাশ কৰে।


এটা লিখিত প্রশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ দপ্তৰৰ ৰাজ্য মন্ত্রী বান্দী সঞ্জয় কুমাৰে লোক সভাক জনায় যে কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ৰ আই৪ চি (ইণ্ডিয়ান চাইবাৰ ক্রাইম ক'-অর্ডিনেশ্যন চেন্টাৰ)-এ পৰিচালনা কৰা নেশ্যনেল ছাইবাৰ ক্রাইম ৰিপ'র্টিং (এন চি আৰ পি) আৰু চিটিজেন ফাইনেন্সিয়েল চাইবাৰ ফ্ৰড ৰিপ'ৰ্টিং এণ্ড মেনেজমেন্ট ছিষ্টেমৰ (চি এফ চি এফ আৰ এম এছ) মতে ২০২৪ চনত 'সমগ্র দেশতে নাগৰিকে চাইবাৰ প্রৱঞ্চনাৰ বাবে হেৰুওৱা মুঠ ধনৰ পৰিমাণ হ'ল ২২,৮৪৫.৭৩ কোটি টকা।


পূৰ্বৰ বছৰটোত এই পৰিমাণ আছিল ৭,৪৬৫.১৮ কোটি টকা।' কুমাৰে আৰু কয় যে ২০২৪ চনত এন চি আৰ পিত জনোৱা বিত্তীয় প্রৱঞ্চনাৰ ঘটনা হ'ল ৩৬,৩৭,২৮৮টা। ২০২৩ চনত এনে ঘটনা আছিল ২৪,৪২,৯৭৮টা। মন্ত্রীজনে দিয়া তথ্যমতে এন চি আৰ পিত জনোৱা মতে ২০২২ চনত চাইবাৰ অপৰাধৰ সংখ্যা আছিল ১০,২৯,০২৬টা। ই আছিল পূৰ্বৰ বছৰটোতকৈ ১২৭.৪৪ শতাংশ বেছি।


২০২৩ চনত ২০২২ চনতকৈ ৫৫.১৫ শতাংশ বৃদ্ধি পাই চাইবাৰ অপৰাধৰ সংখ্যা হয়গৈ ১৫,৯৬,৪৯৩টা। আনহাতে ২০২৪ চনত পূৰ্বৰ বছৰতকৈ ৪২.০৮ শতাংশ বৃদ্ধি পাই এই সংখ্যা ২২,৬৮,৩৪৬ টা হয়গৈ। চৰকাৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থাৰ বিষয়ে বিতংভাৱে জনাই মন্ত্রীজনে কয় যে বৰ্তমানলৈকে ৯.৪২ লাখতকৈ বেছি ছিম কার্ড আৰু ২,৬৩,৩৪৮ আই এম ই আই চৰকাৰে বন্ধ কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক