--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পুষ্টিকাৰক আহাৰৰ ঠাইত বিশ্বজুৰি শিশুবোৰে 'জাংক ফুড' গ্ৰহণ কৰাৰ বাবে মেদবহুলতাই গভীৰ জনস্বাস্থ্য সংকটৰ সৃষ্টি কৰিছে।

ডিজিটেল ডেস্ক: বিশ্বজুৰি প্রায় ১৮৮ মিলিয়ন (১৮.৮ কোটি) শিশু মেদবহুলতাত ভুগিছে। বিশ্ব স্বাস্থ্য সংস্থাই (হু) সতর্ক কৰি দি কয় যে শিশু অৱস্থাত হোৱা মেদবহুলতা হৈছে অন্যতম দ্রুতগতিত বৃদ্ধি হোৱা জনস্বাস্থ্য সংকট। এই মেদবহুলতা হৈছে অস্বাস্থ্যকৰ খাদ্য, খাদ্য বিপণনত তীব্র প্রতিযোগিতা আৰু পৰিৱেশগত কাৰণৰ বাবে সৃষ্টি হোৱা স্বাস্থ্য সংকট। 


পুষ্টিকাৰক আহাৰৰ ঠাইত বিশ্বজুৰি শিশুবোৰে 'জাংক ফুড' গ্ৰহণ কৰাৰ বাবে মেদবহুলতাই গভীৰ জনস্বাস্থ্য সংকটৰ সৃষ্টি কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়াকৈ জাৰি কৰা বিশ্বজনীন নির্দেশনাত মেদবহুলতা প্ৰতিৰোধৰ বাবে বিভিন্ন উপায় উল্লেখ কৰিছে। বিশ্ব সংস্থাটোৱে কয় যে সমগ্র বিশ্বত প্রায় ৩৯০ মিলিয়ন ৫-১৯ বছৰ বয়সৰ শিশু হৈছে অত্যধিক ওজনৰ। য'ত ১৮৮ মিলিয়ন শিশুৱে মেদবহুলতাত ভুগি আছে। এই মেদবহুলতাৰ বাবে শিশুবোৰ ডায়েবেটিছ, হৃদৰোগ আৰু অন্যান্য গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা আছে।


ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য গোটটোৱে সতৰ্ক কৰি দিয়ে যে বৰ্তমানৰ শিশুবোৰে উচ্চ পৰিমাণত চেনি, নিমখ আৰু চর্বিযুক্ত অধিক সংসাধিত খাদ্য গ্রহণ কৰে। এই নীৰৱ ঘাতক খাদ্যবোৰৰ বিষয়ত টেলিভিছন, ডিজিটেল মিডিয়া আৰু বিদ্যালয়ৰ পৰিৱেশতো ব্যাপকভাৱে শিশুবোৰক উদগনি দিয়া হয়। এইদৰে হোৱাৰ ফলতেই 'জাংক ফুড' গ্রহণ কৰাত উৎসাহী হৈ শিশুবোৰে অতি কম বয়সতে মেদবহুলতাত আক্রান্ত হয়। বিশ্বৰ দেশসমূহক এই স্পৰ্শকাতৰ বিষয়ত জৰুৰী কার্যপন্থা ল'লৈ আহ্বান জনাই কয় যে সংশ্লিষ্ট চৰকাৰসমূহে শিশুৰ বাবে অস্বাস্থ্যকৰ খাদ্য বিপণন কৰাটো নিষিদ্ধ কৰিব লাগে। বিদ্যালয়সমূহৰ চাৰিওফালে পুষ্টিকাৰক মানৰ খাদ্য বিক্ৰী কৰাটো বাধ্যতামূলক কৰিব লাগে। 


বিশ্ব স্বাস্থ্য সংস্থাটোৱে এইটোত গুৰুত্ব দি কয় যে বিদ্যালয়লৈ যোৱাৰ সময়ত শিশুৰ বাবে অভিভাৱকে স্বাস্থ্যসন্মত বিদ্যালয় ভোজন, সুৰক্ষিত পেয় জল আৰু দৈনন্দিন রুটিনত শাৰীৰিক ব্যায়াম সু-নিশ্চিত কৰিব লাগে। নির্দেশনাটোত এইটোও কোৱা হৈছে যে মেদবহুলতা এতিয়া ধনী দেশসমূহতে সীমাবদ্ধ হৈ থকা নাই, এই স্বাস্থ্য সংকট এতিয়া নিম্ন আৰু মজলীয়া আয়ৰ দেশসমূহতো সম্প্ৰসাৰণ হৈছে। বিশ্বৰ দেশসমূহে শক্তিশালী প্ৰতিৰোধী নীতি নল'লে, শীঘ্রেই শিশু অৱস্থাৰ মেদবহুলতাই সমগ্র বিশ্বতে গুৰুতৰ স্বাস্থ্য সংকটৰ সৃষ্টি কৰিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ