--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পুষ্টিকাৰক আহাৰৰ ঠাইত বিশ্বজুৰি শিশুবোৰে 'জাংক ফুড' গ্ৰহণ কৰাৰ বাবে মেদবহুলতাই গভীৰ জনস্বাস্থ্য সংকটৰ সৃষ্টি কৰিছে।

ডিজিটেল ডেস্ক: বিশ্বজুৰি প্রায় ১৮৮ মিলিয়ন (১৮.৮ কোটি) শিশু মেদবহুলতাত ভুগিছে। বিশ্ব স্বাস্থ্য সংস্থাই (হু) সতর্ক কৰি দি কয় যে শিশু অৱস্থাত হোৱা মেদবহুলতা হৈছে অন্যতম দ্রুতগতিত বৃদ্ধি হোৱা জনস্বাস্থ্য সংকট। এই মেদবহুলতা হৈছে অস্বাস্থ্যকৰ খাদ্য, খাদ্য বিপণনত তীব্র প্রতিযোগিতা আৰু পৰিৱেশগত কাৰণৰ বাবে সৃষ্টি হোৱা স্বাস্থ্য সংকট। 


পুষ্টিকাৰক আহাৰৰ ঠাইত বিশ্বজুৰি শিশুবোৰে 'জাংক ফুড' গ্ৰহণ কৰাৰ বাবে মেদবহুলতাই গভীৰ জনস্বাস্থ্য সংকটৰ সৃষ্টি কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়াকৈ জাৰি কৰা বিশ্বজনীন নির্দেশনাত মেদবহুলতা প্ৰতিৰোধৰ বাবে বিভিন্ন উপায় উল্লেখ কৰিছে। বিশ্ব সংস্থাটোৱে কয় যে সমগ্র বিশ্বত প্রায় ৩৯০ মিলিয়ন ৫-১৯ বছৰ বয়সৰ শিশু হৈছে অত্যধিক ওজনৰ। য'ত ১৮৮ মিলিয়ন শিশুৱে মেদবহুলতাত ভুগি আছে। এই মেদবহুলতাৰ বাবে শিশুবোৰ ডায়েবেটিছ, হৃদৰোগ আৰু অন্যান্য গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা আছে।


ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য গোটটোৱে সতৰ্ক কৰি দিয়ে যে বৰ্তমানৰ শিশুবোৰে উচ্চ পৰিমাণত চেনি, নিমখ আৰু চর্বিযুক্ত অধিক সংসাধিত খাদ্য গ্রহণ কৰে। এই নীৰৱ ঘাতক খাদ্যবোৰৰ বিষয়ত টেলিভিছন, ডিজিটেল মিডিয়া আৰু বিদ্যালয়ৰ পৰিৱেশতো ব্যাপকভাৱে শিশুবোৰক উদগনি দিয়া হয়। এইদৰে হোৱাৰ ফলতেই 'জাংক ফুড' গ্রহণ কৰাত উৎসাহী হৈ শিশুবোৰে অতি কম বয়সতে মেদবহুলতাত আক্রান্ত হয়। বিশ্বৰ দেশসমূহক এই স্পৰ্শকাতৰ বিষয়ত জৰুৰী কার্যপন্থা ল'লৈ আহ্বান জনাই কয় যে সংশ্লিষ্ট চৰকাৰসমূহে শিশুৰ বাবে অস্বাস্থ্যকৰ খাদ্য বিপণন কৰাটো নিষিদ্ধ কৰিব লাগে। বিদ্যালয়সমূহৰ চাৰিওফালে পুষ্টিকাৰক মানৰ খাদ্য বিক্ৰী কৰাটো বাধ্যতামূলক কৰিব লাগে। 


বিশ্ব স্বাস্থ্য সংস্থাটোৱে এইটোত গুৰুত্ব দি কয় যে বিদ্যালয়লৈ যোৱাৰ সময়ত শিশুৰ বাবে অভিভাৱকে স্বাস্থ্যসন্মত বিদ্যালয় ভোজন, সুৰক্ষিত পেয় জল আৰু দৈনন্দিন রুটিনত শাৰীৰিক ব্যায়াম সু-নিশ্চিত কৰিব লাগে। নির্দেশনাটোত এইটোও কোৱা হৈছে যে মেদবহুলতা এতিয়া ধনী দেশসমূহতে সীমাবদ্ধ হৈ থকা নাই, এই স্বাস্থ্য সংকট এতিয়া নিম্ন আৰু মজলীয়া আয়ৰ দেশসমূহতো সম্প্ৰসাৰণ হৈছে। বিশ্বৰ দেশসমূহে শক্তিশালী প্ৰতিৰোধী নীতি নল'লে, শীঘ্রেই শিশু অৱস্থাৰ মেদবহুলতাই সমগ্র বিশ্বতে গুৰুতৰ স্বাস্থ্য সংকটৰ সৃষ্টি কৰিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু