--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিত্ত মন্ত্রী নির্মলা সীতাৰমণে অহা বিত্তীয় বৰ্ষৰ বাবে সংসদত দাখিল কৰা বাজেটত শিক্ষা আৰু চিকিৎসা খণ্ডত বিশেষ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হয়।

ডিজিটেল ডেস্ক : বিত্ত মন্ত্রী নির্মলা সীতাৰমণে অহা বিত্তীয় বৰ্ষৰ বাবে সংসদত দাখিল কৰা বাজেটত শিক্ষা আৰু চিকিৎসা খণ্ডত বিশেষ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হয়। বিত্ত মন্ত্রীয়ে বাজেটত কৰা ঘোষণা কৰা অনুসৰি এইবাৰ এক লাখ নতুন চাকৰিৰ সৃষ্টি কৰা হ'ব। 


বিত্ত মন্ত্রীয়ে কৰা ঘোষণা অনুসৰি স্বাস্থ্য খণ্ডত এক লাখ এলাইড হেল্থ কেয়াৰ প্রফেশ্যনেলক সংযোজিত কৰা হ'ব। ইয়াৰ বাবে বিত্ত মন্ত্ৰীয়ে পাঁচ বছৰৰ লক্ষ্য ৰাখিছে। আনহাতে, দেশত পাঁচখন নেশ্যনেল ইনস্টিটিউট অব ফার্মাচিউটিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্ছ (এন আই পি ই আব), তিনিখন নতুন ভাৰত আয়ুর্বেদিক প্রতিষ্ঠান (এ আই আই এ), পাঁচখন নতুন ইউনিভাৰ্ছিটি টাউনশ্বিপ, এখন নতুন নেশ্যনেল ইনস্টিউট অব ডিজাইন (এন আই ডি), উত্তৰ ভাৰতত এখন নেশ্যনেল ইনস্টিটিউট অব্ মেণ্টেল হেল্থ এণ্ড নিউৰ' ছায়েন্সেজ (এন আই এম এইচ এ এন এছ-২) আৰু এক লাখ এলাইড হেল্থ প্রফেশ্যনেল সৃষ্টিৰ ঘোষণা কৰা হৈছে। বিত্ত মন্ত্রীয়ে কয় যে বৰ্তমানৰ এলাইড হেল্থ কেয়াৰ প্রফেশ্যনেলক উন্নীত কৰি ব্যক্তিগত আৰু চৰকাৰী খণ্ডৰ এলাইড হেল্থ কেয়াৰ ইন্‌স্টটিউট খোলা হ'ব। আনহাতে, দেশত মেডিকেল ট্যুৰিজম সহজ কৰি তোলাৰ বাবে বিভিন্ন ৰাজ্যত পাঁচখন আঞ্চলিক মেডিকেল হাব স্থাপন কৰা হ'ব আৰু ইয়াত কেন্দ্রীয় তথা ৰাজ্য চৰকাৰে সহযোগ কৰিব। ইয়াত অপ্টোমেট্রী, ৰেডিজঅ'লজি, এনাস্থেছিয়া, অট' টেকন'লজি, এলাইড চাইক'লজি আৰু ব্যৱহাৰ সম্পৰ্কীয় স্বাস্থ্যসহ ১০টা বিশেষ বিষয়ক চামিল কৰা হ'ব। আনহাতে, সমগ্র দেশৰ জিলা চিকিৎসালয়সমূহত জৰুৰীকালীন আৰু ট্রমা চেপ্টাৰ স্থাপন কৰি চিকিৎসালয়সমূহৰ বিছনাৰ সংখ্য ৫০% তকৈ অধিক বৃদ্ধি কৰা হ'ব। 


বাজেটত বায়'-ফার্মা খণ্ডৰ উন্নয়নৰ বাবে ১০ হাজাৰ কোটি টকা ধার্য কৰা হৈছে। ইফালে দেশত নতুন কর্প'ৰেট মিত্র সৃষ্টিৰ বাবে আই চি এছ আই, আই চি এম এ আইৰ দৰে পেছাদাৰী প্রতিষ্ঠানক কম সময়ৰ পাঠ্যক্রম প্রস্তুত কৰিবলৈ কোৱা হৈছে। ইফালে শিক্ষা খণ্ডত চৰকাৰে মহাকাশ বিজ্ঞানখণ্ডতো গুৰুত্ব আৰোপ কৰা হৈছে। বাজেটত কোৱা হৈছে যে মহাকাশ আৰু এট্টু 'ফিজিক্সত চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ বাবে কেন্দ্রীয় বাজেটত চাৰিটা আগশাৰীৰ টেলিস্ক'প ইনফ্রাস্ট্রাকচাৰ ফেচিলিটী স্থাপন কৰা হ'ব। ইয়াৰ ফলত মহাকাশক লৈ গভীৰ অধ্যয়ন কৰাত সুবিধা হ'ব। ইয়াৰ উপৰি ইণ্ডিয়ান ইনস্টিটিউট অব্ মেনেজমেন্টে (আই আই এম) দেশত নতুন সংস্থাপন সৃষ্টিত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। 


দেশৰ আই আই এমসমূহে দহ হাজাৰতকৈ অধিক শিক্ষিত টুৰিষ্ট গাইড সৃষ্টি কৰিব। ইয়াৰ বাবে আই আই এনে আঠ সপ্তাহৰ উচ্চমানৰ পাঠ্যক্রম যুগুত কৰিব। কেন্দ্রীয় চৰকাৰৰ মতে এই পাঠ্যক্রম হাইব্রিড মডেলৰ হ'ব। ইফালে ইণ্ডিয়ান ইনস্টিটিউট অব ক্রিয়েটিভ টেকন'লজি, মুম্বাইৰ সহযোগত ১৫০০০ মাধ্যমিক স্কুল আৰু ৫০০খন কলেজত কন্টেন্ট ক্রিয়েটৰ লেব'ৰেটৰী স্থাপন কৰা হ'ব। ইয়াৰ লগতে এনিমেশ্যন, ভিজুৱেল ইফেক্টছ, গেমিং আৰু কমিক খণ্ডৰ বাবে ২০৩০ চনলৈ ২০ লাখ যুৱকক প্ৰস্তুত কৰা হ'ব। পাঁচখন ইউনিভাৰ্ছিটি টাউনশ্বিপত পঢ়া-শুনাৰ লগতে কোম্পানীত চাকৰি কৰাৰ সুবিধা দি যুৱক-যুৱতীসকলক কৰ্প'ৰেট মিত্রৰূপে গঢ়ি তোলা হ'ব। চৰকাৰে অৰেঞ্জ অর্থনীতি (গেমিং, কমিক্স আৰু ডিজিটেল ক্ৰিয়েটিভ কণ্টেণ্ট)ৰ প্ৰতি গুৰুত্ব আৰোপ কৰে বাজেটত। ২০৩০ চনলৈ ২০ লাখ পেছাদাৰী লোকৰ প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি বাজেটত উক্ত এ ভি জি চি কন্টেন্ট ক্রিয়েটৰ গবেষণাগাৰ স্থাপনৰ সিদ্ধান্ত লয়। ইয়াৰ লগতে পূব ভাৰতত এন আই ডি স্থাপন কৰা হ'ব। 


বাজেটত আয়ুর্বেদ আৰু যোগাকো গুৰুত্ব দিয়া হৈছে যাতে দেশ ২০৪৭ চনৰ ভিতৰত দ্রুতগতিত বিকশিত ভাৰতৰ দিশত আগবাঢ়িব পাবে। ইফালে আই আই টি আৰু আই আই এছ চিসমূহত ১০ হাজাৰ নতুন টেক জলপানি আৰম্ভ কৰা হ'ব। নেশানেল ইনস্টিটিউট অব্ হস্পিটেলিটী স্থাপন কৰা হ'ব আৰু ইয়াত ছাত্র-ছাত্রীসকলক সেৱা উদ্যোগৰ বাবে প্রস্তুত কৰি তোলা হ'ব। আনহাতে নেশ্যনেল ডেষ্টিনেশান ডিজিটেল নলেজ গ্রীড স্থাপন কৰা হ'ব আৰু ইয়াক স্থানীয় গৱেষক, ইতিহাসবিদ আৰু কণ্টেণ্ট ক্রিয়েটবাবে নিয়োগৰ সুবিধা ওলাব।



উৎসঃ দৈনিক জনমভূমিতটি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ