ডিজিটেল ডেস্কঃ যুদ্ধ কালীন তৎপতাৰে আগবাঢ়িছে দেশৰ ভিতৰতে সৰ্ববৃহৎ দিবাং জলবিদ্যুৎ প্রকল্প নির্মাণৰ কাম। এই প্রকল্পটো ২০৩২ চনৰ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।
নামনি সোৱণশিৰি প্ৰকল্পৰ দৰে কোনো পৰিস্থিতিতে যাতে প্রকল্পটোৰ নিৰ্মাণকাৰ্য ব্যাহত নহয় আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত প্রকল্পটোৰ কাম সম্পূর্ণ হয় তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলো ক্ষেত্রতে সহায় কৰাৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশৰ চৰকাৰক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পক লৈ উজনি অসমৰ জনগণ শংকিত হৈ থকাৰ সময়তে দিবাং জলবিদ্যুৎ প্রকল্প ৰূপায়ণৰ সন্দৰ্ভত যোৱা মঙলবাৰে নতুন দিল্লীত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
ডি পি আই আই টি (ডিপার্টমেন্ট ফৰ প্ৰমোশ্যন অব্ ইণ্ডাষ্ট্রি এণ্ড ইণ্টাৰনেল ট্রেড)ৰ সচিব অমৰ সিং ভাটিয়াৰ অধ্যক্ষতাত অনুষ্ঠিত এই উচ্চ পৰ্যায়ৰ বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য আৰু প্ৰকল্প ৰূপায়ণকাৰী প্রতিষ্ঠানসমূহৰ শীৰ্ষ বিষয়াসকলেও অংশগ্ৰহণ কৰে। বৈঠকত প্ৰকল্প নিৰীক্ষণ গোটৰ দ্বাৰা কাম-কাজসমূহ আগবঢ়াই নিয়াৰ লগতে আন্তঃমন্ত্ৰ্যালয় আৰু ৰাজ্যিক সমন্বয় বৃদ্ধিত গুৰুত্ব দিয়া হয়।
এন এইচ পি চিয়ে ৰূপায়ণ কৰি থকা ২৮৮০ মেগাৱাটৰ দিবাং জলবিদ্যুৎ প্রকল্পৰ বাবে প্রয়োজনীয় সামগ্ৰী সৰবৰাহৰ ক্ষেত্ৰত যাতে অসমত কোনো সমস্যাৰ সৃষ্টি নহয, কোনো আন্দোলনৰ পৰিৱেশ সৃষ্টি নহয় সেয়া নিশ্চিত কৰাৰ বাবে অসম চৰকাৰক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে। আনকি প্রকল্পটোক লৈ যাতে কোনো ধৰণৰ উৰা বাতৰি বা নেচিবাচক খবৰ প্ৰচাৰ নহয় সেই ক্ষেত্ৰতো সতর্ক হ'বলৈ অসম আৰু অৰুণাচল চৰকাৰক আহ্বান জনোৱা হৈছে। মন কৰিব লগীয়া কথা যে অৰুণাচল প্ৰদেশৰ ৰয়িঙত সম্প্ৰতি নির্মাণ কাৰ্য আৰম্ভ হোৱা দিবাং জলবিদ্যুৎ প্ৰকল্পৰ পৰা ২৮৮০ মেগাৱাট বিদ্যুৎ উৎপাদন হ'ব। ইয়াৰ বাবে স্থাপন কৰা হ'ব বাৰটা ইউনিট। প্রতিটো ইউনিটে উৎপাদন কৰিব ২৪০ মেগাৱাটকৈ শক্তি। আনহাতে, প্রকল্পটোৰ নিৰ্মাণ ব্যয় ধার্য কৰা হৈছে ৩১,৮৭৬.৩৯ কোটি টকা। সকলোতকৈ ডাঙৰ কথা যে অতি ভূকম্পন এলেকা হিচাপে বিবেচিত অৰুণাচল প্রদেশত বৃহৎ নদীবান্ধ নিৰ্মাণৰ ক্ষেত্ৰত অসমৰ বিভিন্ন দল-সংগঠনৰ লগতে বিশেষজ্ঞসকলেও বিৰোধিতা কৰি আহিছে। কিন্তু ইয়াৰ পাছতো কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰাইজৰ এই দাবীক কোনো ধৰণৰ গুৰুত্ব নিদি ইটোৰ পাছত সিটোকৈ নদীবান্ধ নির্মাণত নামি পৰিছে।
ইতিমধ্যে ৰঙানদীৰ দৰে কম শক্তিৰ জলবিদ্যুৎ প্রকল্পই ৰাইজক ত্রাহি মধুসুধন দেখুৱাইছে। এনে পৰিস্থিতিত দুহেজাৰ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পাছত এতিয়া দিবাং জলবিদ্যুৎ প্রকল্প ৰূপায়ণ হ'লে অসমত কি পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়া সহজতে অনুমেয়। ইফালে, দিল্লীত অনুষ্ঠিত উক্ত বৈঠকত 'উত্তৰ-পূর্বাঞ্চল শক্তি ব্যৱস্থা উন্নতকৰণ প্ৰকল্প (এন ই আৰ পি এছ আই পি)ৰ অগ্ৰগতিৰ সন্দর্ভতো আলোচনা কৰা হয়। ৬,৭০০ কোটি টকীয়া এই প্রকল্প ৰূপায়ণৰ ক্ষেত্রত অসমত ভূমি অধিগ্রহণকে ধৰি কিছু সমস্যাৰ সৃষ্টি হৈছে। শক্তি মন্ত্ৰ্যালয়ৰ অধীনস্থ এক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান 'পাৱাৰগ্ৰীড'ৰ জৰিয়তে অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নগালেণ্ড আৰু ত্ৰিপুৰাক সংযুক্ত কৰি এই প্ৰকল্প হাতত লৈছিল।
কিন্তু এই প্ৰকল্পৰ কাম আজিও সমাপ্ত হোৱা নাই। বৈঠকত ঝাৰখণ্ডৰ ১১টা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ লগতে ছিকিমত ২টা প্রকল্প, নগালেণ্ডত ২টা প্রকল্প আৰু অৰুণাচল প্রদেশত ১টা ব্যক্তিগত প্ৰকল্পৰ সন্দৰ্ভতো আলোচনা কৰা হয়।
উৎস দৈনিক জনমভূমি, অমল গোস্বামী