--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • উল্লেখ্য যে তিনি দিন পূৰ্বে ডিব্ৰুগড় চহৰৰ এই অংশত ব্ৰহ্মপুত্ৰই খহনীয়াৰ সৃষ্টি কৰে আৰু পূৰ্বে কেতিয়াও খহনীয়া নোহোৱা এই অংশত থকা এখন ৰিটেইনিং ৱাল খহি যায়। জলসম্পদ বিভাগে জৰুৰীকালীনভাৱে এই অংশত প্ৰতিৰোধী কাম অব্যাহত ৰাখিছে।

ডিজিটেল ডেস্ক : জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকাই আজি ডিব্ৰুগড় নগৰৰ মাজমজিয়াত থকা জগাৰ্ছ পাৰ্কৰ সমীপত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াত আক্ৰান্ত অংশ পৰিদৰ্শন কৰি বিভাগীয়ভাৱে চলাই থকা জৰুৰীকালীন কামসমূহৰ বুজ লয় । 


উল্লেখ্য যে তিনি দিন পূৰ্বে ডিব্ৰুগড় চহৰৰ এই অংশত ব্ৰহ্মপুত্ৰই খহনীয়াৰ সৃষ্টি কৰে আৰু পূৰ্বে কেতিয়াও খহনীয়া নোহোৱা এই অংশত থকা এখন ৰিটেইনিং ৱাল খহি যায়। জলসম্পদ বিভাগে জৰুৰীকালীনভাৱে এই অংশত প্ৰতিৰোধী কাম অব্যাহত ৰাখিছে।



আজি মন্ত্ৰী তথা স্থানীয় বিধায়ক প্ৰশান্ত ফুকনৰ সৈতে এই স্থান পৰিদৰ্শন কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে সমস্যাৰ বুজ লয় । এই অংশটো সম্পূৰ্ণ বিপদমুক্ত কৰিবলৈ জলসম্পদ বিভাগে সক্ৰিয়তাৰে কাম কৰি আছে বুলি উপস্থিত সাংবাদিকসকলৰ আগত মন্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে ইয়াৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা প্ৰদানৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰে । সাংবাদিকসকলৰ আগত মন্ত্ৰীগৰাকীয়ে আৰু কয় যে বিভাগৰ হাতত ডিব্ৰুগড়ত প্ৰতিৰোধী কাম কৰিব পৰাকৈ পৰ্যাপ্ত সামগ্ৰী মজুত আছে। ডিব্ৰুগড়ৰ প্ৰায় সকলো স্থানতে ব্ৰহ্মপুত্ৰৰ পাৰত বান-খহনীয়া প্ৰতিৰোধী কাম চলি আছে। বিগত দুবছৰত প্ৰায় ৩৭৫ কোটি টকা ডিব্ৰুগড় চহৰখনৰ সুৰক্ষাৰ বাবে দিয়া হৈছে বুলি মন্তব্য কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে আৰু কয়, "ব্ৰহ্মপুত্ৰ এখন যথেষ্ট খৰস্ৰোতা নদী আৰু ইয়াক ১০০ শতাংশ নিয়ন্ত্ৰণ কৰাটো অলপ জটিল যদিও আমি যিমান পাৰোঁ শক্তিশালীভাৱে কামসমূহ সম্পাদন কৰিবলৈ চেষ্টা কৰি আছোঁ, আৰু আমি এইক্ষেত্ৰত যথেষ্ট সফলো হৈছোঁ।" লগতে ডিব্ৰুগড়বাসীক শংকিত নহ'বলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।



ডিব্ৰুগড়ক লৈ আমি যথেষ্ট 'ছিৰিয়াচ' আৰু যেতিয়াই বান-খহনীয়া সমস্যাই দেখা দিছে মই তাৎক্ষণিকভাৱে উপস্থিত হৈ পৰিস্থিতি তদাৰক কৰিছো, ডিব্ৰুগড় নগৰক খহনীয়ামুক্ত কৰিবলৈ দুবছৰত প্ৰায় ৩৭৫ কোটি টকাৰ প্ৰকল্প হাতত লৈছো: জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকা



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ