ডিজিটেল ডেস্ক : অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱা নর্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত নতুন বিপদৰ সন্মুখীন হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মুখ্য অভিযুক্তজন এইবাৰ বিত্তীয় অনিয়মৰ গোচৰত অভিযুক্ত হৈ পৰিছে। পত্নীৰ সৈতে লগ লাগি পাঁচটাকৈ প্রতিষ্ঠানৰ মালিক হৈ কোৰোণাৰে ধন চপোৱা শ্যামকানু মহন্তৰ বিৰুদ্ধে চি আই ডিয়ে গোচৰ ৰুজু কৰি তদন্ত কৰি থকাৰ পাছত এইবাৰ ই ডিয়েও (আইন বলবৎকাৰী সঞ্চালকালয়) তদন্ত আৰম্ভ কৰিছে। ই ডিৰ এটা দলে শ্যামকানু মহন্তক কেইবাঘণ্টা ধৰি জেৰা কৰে।
চি আই ডিৰ জিম্মাতে শ্যামকানু মহন্তক ই ডিৰ তিনিজনীয়া দলে জেৰা কৰে। তেওঁক জেৰা কৰাৰ উপৰি চি আই ডিয়ে ইতিমধ্যে জব্দ কৰা নথি পত্ৰবোৰ দলটোৱে পৰীক্ষা কৰে। দলটোৱে পাছত শ্যামকানুৰ বহু আপত্তিজনক নথি-পত্ৰৰ প্ৰতিলিপি লৈ যায়। উল্লেখযোগ্য যে চি আই ডিয়ে শ্যামকানু মহন্তৰ গীতানগৰস্থিত ঘৰত একেৰাহে দুদিন অভিযান চলাইছিল। এই অভিযানৰ সময়ত কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে ঘটনা সংঘটিত হয়। শ্যামকানু মহন্তৰ ঘৰৰপৰা 'চি আই ডিৰ দলে বহু আপত্তিজনক নথি-পত্ৰ, চৰকাৰী বিষয়া আৰু বিভাগৰ ছীল-মোহৰ উদ্ধাৰ হৈছিল। ট্রেণ্ড এম এম এছ নামৰ প্ৰতিষ্ঠানৰ নামত দুখনকৈ পান কার্ড উদ্ধাৰ হৈছিল।
বিভিন্ন কোম্পানী, চৰকাৰী বিষয়া আৰু বিভাগৰ মুঠ ২৮টা ছীলো উদ্ধাৰ হৈছিল। ইয়াৰ উপৰি বেনামী সম্পত্তিৰ বহু নথি-পত্ৰ উদ্ধাৰ কৰিছিল চি আই ডিব দলে। কালি ই ডিৰ দলটোৱে সকলো নথিৰে প্ৰতিলিপি লগত লৈ যায়। ইফালে শ্যামকানু মহন্তৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আয়কৰ বিভাগকো অনুৰোধ কৰাৰ কথা ইতিমধ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। প্রাপ্ত তথ্য অনুসৰি ইতিমধ্যে জি এছ টি বিভাগে তদন্তৰ বাবে প্রয়োজনীয় নথি-পত্ৰ সাজু কৰা বুলিও জানিব পৰা গৈছে।
উৎস: দৈনিক জনমভূমি