--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চি আই ডিয়ে শ্যামকানু মহন্তৰ গীতানগৰস্থিত ঘৰত একেৰাহে দুদিন অভিযান চলাইছিল। এই অভিযানৰ সময়ত কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে ঘটনা সংঘটিত হয়।

ডিজিটেল ডেস্ক : অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱা নর্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত নতুন বিপদৰ সন্মুখীন হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মুখ্য অভিযুক্তজন এইবাৰ বিত্তীয় অনিয়মৰ গোচৰত অভিযুক্ত হৈ পৰিছে। পত্নীৰ সৈতে লগ লাগি পাঁচটাকৈ প্রতিষ্ঠানৰ মালিক হৈ কোৰোণাৰে ধন চপোৱা শ্যামকানু মহন্তৰ বিৰুদ্ধে চি আই ডিয়ে গোচৰ ৰুজু কৰি তদন্ত কৰি থকাৰ পাছত এইবাৰ ই ডিয়েও (আইন বলবৎকাৰী সঞ্চালকালয়) তদন্ত আৰম্ভ কৰিছে। ই ডিৰ এটা দলে শ্যামকানু মহন্তক কেইবাঘণ্টা ধৰি জেৰা কৰে।


চি আই ডিৰ জিম্মাতে শ্যামকানু মহন্তক ই ডিৰ তিনিজনীয়া দলে জেৰা কৰে। তেওঁক জেৰা কৰাৰ উপৰি চি আই ডিয়ে ইতিমধ্যে জব্দ কৰা নথি পত্ৰবোৰ দলটোৱে পৰীক্ষা কৰে। দলটোৱে পাছত শ্যামকানুৰ বহু আপত্তিজনক নথি-পত্ৰৰ প্ৰতিলিপি লৈ যায়। উল্লেখযোগ্য যে চি আই ডিয়ে শ্যামকানু মহন্তৰ গীতানগৰস্থিত ঘৰত একেৰাহে দুদিন অভিযান চলাইছিল। এই অভিযানৰ সময়ত কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে ঘটনা সংঘটিত হয়। শ্যামকানু মহন্তৰ ঘৰৰপৰা 'চি আই ডিৰ দলে বহু আপত্তিজনক নথি-পত্ৰ, চৰকাৰী বিষয়া আৰু বিভাগৰ ছীল-মোহৰ উদ্ধাৰ হৈছিল। ট্রেণ্ড এম এম এছ নামৰ প্ৰতিষ্ঠানৰ নামত দুখনকৈ পান কার্ড উদ্ধাৰ হৈছিল।


বিভিন্ন কোম্পানী, চৰকাৰী বিষয়া আৰু বিভাগৰ মুঠ ২৮টা ছীলো উদ্ধাৰ হৈছিল। ইয়াৰ উপৰি বেনামী সম্পত্তিৰ বহু নথি-পত্ৰ উদ্ধাৰ কৰিছিল চি আই ডিব দলে। কালি ই ডিৰ দলটোৱে সকলো নথিৰে প্ৰতিলিপি লগত লৈ যায়। ইফালে শ্যামকানু মহন্তৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আয়কৰ বিভাগকো অনুৰোধ কৰাৰ কথা ইতিমধ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। প্রাপ্ত তথ্য অনুসৰি ইতিমধ্যে জি এছ টি বিভাগে তদন্তৰ বাবে প্রয়োজনীয় নথি-পত্ৰ সাজু কৰা বুলিও জানিব পৰা গৈছে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ