--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অৰুণাচলত বসবাস কৰা ১১৮ জনক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ কৰে৷ ভাষনত মন্ত্ৰী পিযূষ হাজৰিকাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মুখ্য পৃষ্ঠপোষকতাত এই জাতিগত প্ৰমাণ পত্ৰ দিয়াৰ বাবে ধন্যবাদ জনাই৷

ডিজিটেল ডেস্কঃ অৰুণাচলৰ মৰাণসকলক জাতিগত প্ৰমাণ-পত্ৰ দিয়াৰ প্ৰধান ব্যক্তিজন হ'ল অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা : পিযূষ হাজৰিকা


তিনিচুকীয়া জিলাৰ ডিগবৈ বিধান সভা সমষ্টিত নতুনকৈ সংযোজন হোৱা বালিজানত তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ সভা আৰু আন আন সহযোগী অনুষ্ঠানসমূহৰ সহযোগত অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণসকলক জাতিগত প্ৰমাণ-পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পিযূষ হাজৰিকা উপস্থিত থাকে৷ 


অৰুণাচলত বসবাস কৰা ১১৮ জনক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ কৰে৷ ভাষনত মন্ত্ৰী পিযূষ হাজৰিকাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মুখ্য পৃষ্ঠপোষকতাত এই জাতিগত প্ৰমাণ পত্ৰ দিয়াৰ বাবে ধন্যবাদ জনাই৷ 


উল্লেখযোগ্য যে অৰুণাচলত বসবাস কৰা লোকসকলে এই জাতিগত প্ৰমাণ পত্ৰৰ দ্বাৰা অসমত সৰ্বটো প্ৰকাৰৰ চাকৰি আৰু শিক্ষাৰ ক্ষেত্ৰত আবেদন কৰিব পাৰিব৷ মন্ত্ৰী পিযূষ হাজৰিকাই অসমৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ ক্ষেত্ৰতো সংবাদ মাধ্যমৰ আগত মতামত আগবঢ়াই৷ 


বালিজানতে নিৰ্মীয়মাণ বুঢ়ীদিহিং আদৰ্শ মহাবিদ্যালয়ত মন্ত্ৰী পিযূষ হাজৰিকা উপস্থিত হৈ অহা শিক্ষা বৰ্ষৰ পৰা চৰকাৰে আৰম্ভ কৰিব বুলি ঘোষণা কৰে৷ আনহাতে অৰুণাচলৰ পৰা আহি জাতিগত প্ৰমাণ পত্ৰ লোৱা শিক্ষাৰ্থীসকলক উৎফুল্লিত হৈ পৰা দেখা যায়৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ