--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • নিউজিলেণ্ডৰ বিৰুদ্ধে ৰায়পুৰত অনুষ্ঠিত হোৱা টি-২০ মেচখনত তেওঁৰ বেটৰ পৰা ওলোৱা ধুমুহা ইনিংছে পুনৰবাৰ প্ৰমাণ কৰিলে যে তেওঁ কিয় বৰ্তমান সময়ৰ অন্যতম বিপজ্জনক বেটছমেন।

ডিজিটেল ডেস্কঃ টীম ইণ্ডিয়াৰ বিস্ফোৰক উইকেটকীপাৰ বেটছমেন ঈশান কিষাণে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ এক স্মৰণীয় প্ৰত্যাৱৰ্তন ঘটাইছে। নিউজিলেণ্ডৰ বিৰুদ্ধে ৰায়পুৰত অনুষ্ঠিত হোৱা টি-২০ মেচখনত তেওঁৰ বেটৰ পৰা ওলোৱা ধুমুহা ইনিংছে পুনৰবাৰ প্ৰমাণ কৰিলে যে তেওঁ কিয় বৰ্তমান সময়ৰ অন্যতম বিপজ্জনক বেটছমেন।


যোৱা কিছু সময় ধৰি ঈশান কিষাণ টীম ইণ্ডিয়াৰ মূল একাদশৰ পৰা বাহিৰত আছিল। ঘৰুৱা ক্ৰিকেটত উন্নত প্ৰদৰ্শন আৰু নিজৰ ফিটনেছৰ ওপৰত কাম কৰাৰ পিছত তেওঁক নিউজিলেণ্ডৰ বিৰুদ্ধে এই শৃংখলাত সুযোগ দিয়া হয়। ৰায়পুৰৰ খেলপথাৰত ভৰি দি তেওঁ প্ৰথম বলটোৰ পৰাই আক্ৰমণাত্মক ৰূপত দেখা গৈছিল।



ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ইশানে নিউজীলেণ্ডৰ শক্তিশালী বলিং আক্ৰমণক নস্যাৎ কৰি এটাৰ পিছত এটাকৈ চাৰি আৰু ছয়েৰে দৰ্শকক মোহিত কৰে। তেওঁৰ এই ইনিংছে ভাৰতক এক শক্তিশালী স্থিতি প্ৰদান কৰাৰ লগতে কিৱি বাহিনীৰ ওপৰত আৰম্ভণিৰে পৰা চাপ সৃষ্টি কৰে।



ক্ৰিকটে বিশেষজ্ঞসকলৰ মতে, ঈশান কিষাণৰ এই প্ৰত্যাৱৰ্তন কেৱল তেওঁৰ বাবেই নহয়, বৰঞ্চ আগন্তুক টি-২০ বিশ্বকাপৰ বাবে টীম ইণ্ডিয়াৰ বাবেও এক ইতিবাচক ইংগিত। দলৰ ওপৰৰ ক্ৰমত এজন বাঁওহতীয়া বিস্ফোৰক বেটছমেনৰ উপস্থিতি ভাৰতৰ বাবে সদায় লাভজনক।


প্ৰশংসাত পঞ্চমুখ অনুৰাগী: ইশানৰ এই প্ৰদৰ্শনৰ পিছত ছ’চিয়েল মিডিয়াত অনুৰাগীৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে। ‘ঈশান কিষাণ ২.০’ (Ishan Kishan 2.0) বুলি অভিহিত কৰি অনুৰাগীসকলে কৈছে যে এয়াটো মাত্ৰ আৰম্ভণিহে, আগলৈ বহুত খেল বাকী আছে।


এই জয়ে কেৱল ভাৰতক শৃংখলাত আগুৱাই নিয়াই নহয়, বৰঞ্চ ঈশান কিষাণৰ আত্মবিশ্বাসকো এক নতুন মাত্ৰা প্ৰদান কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু