--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সম্প্রতি গুৱাহাটীৰ এখন হস্পিটেলত চিকিৎসাধীন হৈ থকা গুৰুতৰভাৱে অসুস্থ খ্যাতিমান বাঁহীবাদকগৰাকীক এই বঁটা প্ৰদান কৰে অসম লাইভ২৪ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক নৃপেন দাসে।

ডিজিটেল ডেস্ক : আন্তর্জাতিক পর্যায়ত খ্যাতি অর্জন কৰা বিশিষ্ট বাঁহীবাদক দীপক শর্মাক অসম লাইভ ২৪-এ সংগীতসূর্য জুবিন গাৰ্গৰ সোঁৱৰণত আৰম্ভ কৰা বঁটা প্ৰদান কৰা হৈছে।


সম্প্রতি গুৱাহাটীৰ এখন হস্পিটেলত চিকিৎসাধীন হৈ থকা গুৰুতৰভাৱে অসুস্থ খ্যাতিমান বাঁহীবাদকগৰাকীক এই বঁটা প্ৰদান কৰে অসম লাইভ২৪ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক নৃপেন দাসে। এই বঁটাৰ সৈতে দুই লাখ টকা অৰ্থমূল্যৰ সৈতে প্রশস্তিপত্র, ফলক আৰু অংগবস্ত্ৰ আছে। 


বঁটা প্ৰদান কৰি প্ৰতিষ্ঠানটোৰ অধ্যক্ষ দাসে দীপক শৰ্মাৰ আশু আৰোগ্য কামনা কৰাৰ লগতে অর্থনৈতিক সংকটত ভুগি থকা শিল্পীজনৰ চিকিৎসাত সহায় হোৱাকৈ সাধ্যানুসাৰে দান-বৰঙনি আগবঢ়াবলৈ অসমবাসীক আহ্বান জনায়। প্রয়োজনত শিল্পীজনক আন ধৰণে সহায় কৰিবলৈও তেওঁ সাজু আছে বুলি দোহাৰে। উল্লেখযোগ্য যে, অসমৰ এগৰাকী ক্ষণজন্মা শিল্পী জুবিন গাৰ্গৰ নামত প্রতিবছৰে দুই লাখ টকা অৰ্থমূল্যৰ এই বঁটা ৰাজ্যৰ শিল্পক্ষেত্ৰলৈ অনৱদ্য অৱদান আগবঢ়োৱা শিল্পীক প্ৰদান কৰা হ'ব বুলি তেওঁ পুনৰ জানিবলৈ দিয়ে। 


দিছপুৰ হস্পিটেলত চিকিৎসাধীন অৱস্থাতে প্ৰদান কৰা এই বঁটা গ্ৰহণ কৰি শিল্পী দীপক শর্মা আৱেগিক হৈ পৰে। বঁটা প্ৰদান অনুষ্ঠানত নৃপেন দাসক সহযোগ কৰে অসম লাইভ ২৪ৰ মুখ্য পৰিচালন সম্পাদক ঋতুস্মিন শর্মা, কার্যবাহী সম্পাদক শান্তনু মহন্ত, প্রতিষ্ঠানটোৰ সঞ্চালক ধ্ৰুৱজ্যোতি দাস, 'সমীক্ষণ' আলোচনীৰ মুখ্য সম্পাদক দিগন্ত ওজা আদিয়ে। ইপিনে, শিল্পীজনৰ চিকিৎসাৰ বাবে নৃপেন দাসে এন আৰ ডি গ্ৰুপৰ তৰফৰ পৰাও ৫ লাখ টকাৰ বৰঙনি আগবঢ়ায়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ