ডিজিটেল ডেস্ক : আন্তর্জাতিক পর্যায়ত খ্যাতি অর্জন কৰা বিশিষ্ট বাঁহীবাদক দীপক শর্মাক অসম লাইভ ২৪-এ সংগীতসূর্য জুবিন গাৰ্গৰ সোঁৱৰণত আৰম্ভ কৰা বঁটা প্ৰদান কৰা হৈছে।
সম্প্রতি গুৱাহাটীৰ এখন হস্পিটেলত চিকিৎসাধীন হৈ থকা গুৰুতৰভাৱে অসুস্থ খ্যাতিমান বাঁহীবাদকগৰাকীক এই বঁটা প্ৰদান কৰে অসম লাইভ২৪ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক নৃপেন দাসে। এই বঁটাৰ সৈতে দুই লাখ টকা অৰ্থমূল্যৰ সৈতে প্রশস্তিপত্র, ফলক আৰু অংগবস্ত্ৰ আছে।
বঁটা প্ৰদান কৰি প্ৰতিষ্ঠানটোৰ অধ্যক্ষ দাসে দীপক শৰ্মাৰ আশু আৰোগ্য কামনা কৰাৰ লগতে অর্থনৈতিক সংকটত ভুগি থকা শিল্পীজনৰ চিকিৎসাত সহায় হোৱাকৈ সাধ্যানুসাৰে দান-বৰঙনি আগবঢ়াবলৈ অসমবাসীক আহ্বান জনায়। প্রয়োজনত শিল্পীজনক আন ধৰণে সহায় কৰিবলৈও তেওঁ সাজু আছে বুলি দোহাৰে। উল্লেখযোগ্য যে, অসমৰ এগৰাকী ক্ষণজন্মা শিল্পী জুবিন গাৰ্গৰ নামত প্রতিবছৰে দুই লাখ টকা অৰ্থমূল্যৰ এই বঁটা ৰাজ্যৰ শিল্পক্ষেত্ৰলৈ অনৱদ্য অৱদান আগবঢ়োৱা শিল্পীক প্ৰদান কৰা হ'ব বুলি তেওঁ পুনৰ জানিবলৈ দিয়ে।
দিছপুৰ হস্পিটেলত চিকিৎসাধীন অৱস্থাতে প্ৰদান কৰা এই বঁটা গ্ৰহণ কৰি শিল্পী দীপক শর্মা আৱেগিক হৈ পৰে। বঁটা প্ৰদান অনুষ্ঠানত নৃপেন দাসক সহযোগ কৰে অসম লাইভ ২৪ৰ মুখ্য পৰিচালন সম্পাদক ঋতুস্মিন শর্মা, কার্যবাহী সম্পাদক শান্তনু মহন্ত, প্রতিষ্ঠানটোৰ সঞ্চালক ধ্ৰুৱজ্যোতি দাস, 'সমীক্ষণ' আলোচনীৰ মুখ্য সম্পাদক দিগন্ত ওজা আদিয়ে। ইপিনে, শিল্পীজনৰ চিকিৎসাৰ বাবে নৃপেন দাসে এন আৰ ডি গ্ৰুপৰ তৰফৰ পৰাও ৫ লাখ টকাৰ বৰঙনি আগবঢ়ায়।
উৎসঃ দৈনিক জনমভূমি