--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বেংকৰ পৰা ঋণ লৈ খেতি কৰা দুই যুৱ কৃষকৰ এতিয়া মূৰত সৰগ ভাগি পৰিছে। কিন্তু অভিযোগ উঠিছে, বন্যহস্তী খেদিবলৈ বন বিভাগক খবৰ দিয়াৰ পাছতো আজুহাত দেখুৱাই দায়িত্ব পালন নকৰিলে বিভাগীয় কৰ্তৃপক্ষই।

ডিজিটেল ডেস্কঃ এইবাৰ বন্যহস্তীৰ লক্ষ্য মাজুলীৰ গেজিং চাপৰি। নিশাৰ ভিতৰতে বন্যহস্তীৰ চাৰি জনীয়া এটা জাকে তহিলং কৰিলে ২৫ বিঘাকৈ ৰবি শস্যৰ ফচল। 


বেংকৰ পৰা ঋণ লৈ খেতি কৰা দুই যুৱ কৃষকৰ এতিয়া মূৰত সৰগ ভাগি পৰিছে। কিন্তু অভিযোগ উঠিছে, বন্যহস্তী খেদিবলৈ বন বিভাগক খবৰ দিয়াৰ পাছতো আজুহাত দেখুৱাই দায়িত্ব পালন নকৰিলে বিভাগীয় কৰ্তৃপক্ষই।


পৰেশ কলিতা আৰু বিমান দত্তই গেজিং চাপৰিত এই দুজন যুৱকে স্বাৱলম্বী হোৱাৰ সপোন লৈ বেংকৰ পৰা ঋণ লৈ প্ৰায় ২৫ বিঘা মাটিত গঢ়ি তুলিছিল এই বিশাল কৃষি পাম। পথাৰত আছিল আলু, ৰঙালাও, বেঙেনা আৰু জাতি লাউৰ লানি নিছিগা ,সৰিয়হৰ খেতি। কিন্তু এতিয়া একোৱেই নাই। হাতীৰ গৰকনিত ধূলিসাৎ হ’ল তেওঁলোকৰ শ্ৰম আৰু সপোন।


ভুক্তভোগী কৃষকৰ অভিযোগ, হাতী অহাৰ খবৰ লগে লগে বন বিভাগক দিয়া হৈছিল। বন বিভাগৰ লোকে আজুহাত দেখুৱাই ঘটনাস্থলীত উপস্থিত নহ’ল। যাৰ ফলত নিৰ্বিঘ্নে হাতীৰ জাকে চলাই গ’ল ধ্বংসলীলা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু