--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰাজ্যখনত বানত ২০০০ গাঁৱৰ ৩ লাখ ৮৭ হাজাৰৰো অধিক লোক ক্ষতিগ্রস্ত হৈছে।

ডিজিটেল ডেস্কঃ পঞ্জাবত বান পৰিস্থিতি ক্রমান্বয়ে উন্নত হৈছে। বান পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য প্ৰশাসনে কিছু জিলাত শৈক্ষিক প্রতিষ্ঠানসমূহত পাঠদান পুনৰ আৰম্ভ কৰিবলৈ নির্দেশ দিয়া হৈছে।


ৰাজ্যখনত বানত ২০০০ গাঁৱৰ ৩ লাখ ৮৭ হাজাৰৰো অধিক লোক ক্ষতিগ্রস্ত হৈছে। পঞ্জাবত বানত এই পর্যন্ত প্রায় ১৩,২৮৯ কোটি টকাৰ ক্ষতি হৈছে। এই তথ্য পঞ্জাব চৰকাৰে প্ৰকাশ কৰে।


মুখ্য সচিব কে এ পি সিন্‌হাৰ নেতৃত্বত ৰাজ্যৰ এটা প্রতিনিধি দলে কেন্দ্ৰীয় প্রতিনিধি দলৰ সৈতে দেওবাৰে বিয়লি এখন বৈঠকত বহে আৰু এই বৈঠকত বানত হোৱা ক্ষয়-ক্ষতিৰ খতিয়ান দাঙি ধৰে।


তথ্য অনুসৰি গুৰদাসপুৰ আৰু অমৃতসৰ জিলাত ধানখেতিৰ সৰ্বাধিক ক্ষতি হৈছে। পঞ্জাবৰ বিত্ত মন্ত্ৰী হৰপাল চিমাই কয় যে কেন্দ্রই শীঘ্রে ৬০ হাজাৰ কোটি টকা বকেয়া ধন মুকলি কৰি দিয়া উচিত।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ