--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সোণাপুৰৰ কমাৰকুছিত জুবিন গাৰ্গৰ জ্বলি যোৱা চিতাৰ কাষত নিশা অনুৰাগীয়ে আৱেগেৰে গালে মায়াবিনী।

ডিজিটেল ডেস্কঃ জুবিন নাই, কোনেও মানি ল'ব পৰা নাই এই কঠোৰ সত্যক। কায়িক দেহা এৰি কালি পঞ্চভূতত বিলীন হ'ল জুবিন গাৰ্গ। লাখ লাখ জনতাই জনালে শেষ বিদায়। 


চিতাগ্নি শেষ হোৱাৰ পাছতো নিশা জুবিনৰ সমাধিৰ কাষত বহি থাকিল অলেখ অনুৰাগী। সোণাপুৰৰ কমাৰকুছিত জুবিন গাৰ্গৰ জ্বলি যোৱা চিতাৰ কাষত নিশা অনুৰাগীয়ে আৱেগেৰে গালে মায়াবিনী। চৌপাশ কঁপাই ভাঁহি আহিল জয় জুবিন দা ধ্বনি। কোনেও বিদায় জনাব পৰা নাই প্ৰাণৰ আপোন শিল্পীক। 


বুধবাৰে পুৱাও কমাৰকুছিলৈ জুবিনক শেষ শ্ৰদ্ধা জনাবলৈ আহিল বহুলোক। চিতাৰ কাষত তেওঁৰ সান্নিধ্য বিচাৰি আজিও অপেক্ষাৰত বহু অনুৰাগী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এতিয়াও অব্যাহত আছে জনস্ৰোত। আটায়ে সোঁৱৰণ কৰিলে প্ৰাণৰ শিল্পীগৰাকীক। সমাধিথলীলৈ আহি উচুপি উঠিল অজস্ৰ অনুৰাগী। 


বিয়লিলৈ সোণাপুৰৰ কমাৰকুছিত আৰু অধিক লোকে ভিৰ কৰাৰ সম্ভাৱনাই দেখা দিছে। প্ৰিয় শিল্পীক শেষ বিদায় দিবলৈ আহিয়েই আছে অনুৰাগী। এয়াই শিল্পীৰ মহত্ব, হেৰাই গৈয়ো যি হেৰাই নাযায়। আজীৱন ৰৈ যায় মানুহৰ বুকুৱে বুকুৱে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ