--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সোণাপুৰৰ কমাৰকুছিত জুবিন গাৰ্গৰ জ্বলি যোৱা চিতাৰ কাষত নিশা অনুৰাগীয়ে আৱেগেৰে গালে মায়াবিনী।

ডিজিটেল ডেস্কঃ জুবিন নাই, কোনেও মানি ল'ব পৰা নাই এই কঠোৰ সত্যক। কায়িক দেহা এৰি কালি পঞ্চভূতত বিলীন হ'ল জুবিন গাৰ্গ। লাখ লাখ জনতাই জনালে শেষ বিদায়। 


চিতাগ্নি শেষ হোৱাৰ পাছতো নিশা জুবিনৰ সমাধিৰ কাষত বহি থাকিল অলেখ অনুৰাগী। সোণাপুৰৰ কমাৰকুছিত জুবিন গাৰ্গৰ জ্বলি যোৱা চিতাৰ কাষত নিশা অনুৰাগীয়ে আৱেগেৰে গালে মায়াবিনী। চৌপাশ কঁপাই ভাঁহি আহিল জয় জুবিন দা ধ্বনি। কোনেও বিদায় জনাব পৰা নাই প্ৰাণৰ আপোন শিল্পীক। 


বুধবাৰে পুৱাও কমাৰকুছিলৈ জুবিনক শেষ শ্ৰদ্ধা জনাবলৈ আহিল বহুলোক। চিতাৰ কাষত তেওঁৰ সান্নিধ্য বিচাৰি আজিও অপেক্ষাৰত বহু অনুৰাগী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এতিয়াও অব্যাহত আছে জনস্ৰোত। আটায়ে সোঁৱৰণ কৰিলে প্ৰাণৰ শিল্পীগৰাকীক। সমাধিথলীলৈ আহি উচুপি উঠিল অজস্ৰ অনুৰাগী। 


বিয়লিলৈ সোণাপুৰৰ কমাৰকুছিত আৰু অধিক লোকে ভিৰ কৰাৰ সম্ভাৱনাই দেখা দিছে। প্ৰিয় শিল্পীক শেষ বিদায় দিবলৈ আহিয়েই আছে অনুৰাগী। এয়াই শিল্পীৰ মহত্ব, হেৰাই গৈয়ো যি হেৰাই নাযায়। আজীৱন ৰৈ যায় মানুহৰ বুকুৱে বুকুৱে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
১ নৱেম্বৰৰ পৰা দশম শ্ৰেণীৰ শিক্ষার্থীলৈ 'প্ৰেৰণা', মাহে ৩০০ টকাকৈ ছমাহ লাভ কৰিব ধন
গুৱাহাটী বিশ্ববিদ্যালয়ত পোনপ্রথমবাৰৰ বাবে এবিভিপিৰ দাবীত স্নাতক আৰু বি. টেক.ৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিলে ভোটাধিকাৰ
বানৰ কবলত গহপুৰ, বিশ্বনাথ, চাৰিদুৱাৰ, ব্ৰহ্মাজান, ছত্ৰং নৈৰ মথাউৰি ছিগি বিস্তীর্ণ অঞ্চল প্লাৱিত
আগষ্টত আই চি চিৰ শ্ৰেষ্ঠ খেলুৱৈ মহম্মদ ছিৰাজ
চিতাত মুখাগ্নি কৰাৰ পূৰ্বে জী উঠিল মহিলা! পৰিয়ালৰ মাজত হাহাকাৰ
বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ ; আজি ফাইনেলত যুঁজিব নীৰজ চোপ্ৰা আৰু আৰ্ছাদ নাদীম
ধিঙত ভয়ংকৰ দুৰ্ঘটনা! স্কুটীত প্ৰচণ্ড খুন্দা তীব্ৰবেগী ট্ৰাকৰ; ভাতৃ-ভগ্নীৰ অৱস্থা সংকটজনক
দিশা পাটানীৰ ঘৰত গুলীচালনা কৰা দুয়োজন আৰক্ষীৰ এনকাউণ্টাৰত নিহত ; গেংষ্টাৰ ৰোহিত গোদাৰাৰ ভাবুকি