ডিজিটেল ডেস্ক: বজালীত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। ছুইচাইড নোট লিখি এগৰাকী যুৱকৰ আত্মহত্যা । যুৱকজনৰ নাম ৰুবুল কুমাৰ দাস।
বজালী কাঁহাৰ পাৰা গাঁৱৰ হৃষিতা টেণ্ট হাউছ এণ্ড ডেকোৰা স্বত্বাধিকাৰী আছিল ৰুবুল কুমাৰ দাস। ছুইচাইড নোটত উল্লেখ আত্মহত্যাৰ কাৰণ ।
আত্মহত্যাৰ পূৰ্বে পত্নীৰ WhatsApp লৈ প্ৰেৰণ ছুইচাইড নোট । ছুইচাইড নোটত উল্লেখ অনুসৰি ৰুবুল কুমাৰ দাসৰ টেণ্ট হাউছৰ বজালী কুৰবাহা গাঁৱত এখন বিবাহৰ পেন্দেল নিৰ্মাণৰ কাম চলি আছিল।
বাৰে বাৰে বিবাহ ঘৰৰ পৰিয়ালে সলনি কৰিছিল বিবাহ পেন্দেলৰ ডিজাইন । পেন্দেলৰ ডিজাইন সলনি কৰি নতুনকৈ পেন্দেল নিৰ্মাণ কৰিব দি মানসিক অত্যাচাৰ চলাইছিল ৰুবুলক ।
যাৰ বাবে আত্মহত্যাৰ পথ বাচি লোৱা বুলি উল্লেখ কৰিছে ছুইচাইড নোটত । ছুইচাইড নোটত উল্লেখ কৰিছে চাৰি গৰাকী পৰিয়ালৰ সদস্যৰ নাম ।
এই চাৰি গৰাকী ব্যক্তিয়ে মানসিকভাৱে অত্যাচাৰ কৰিছিল ৰুবুলক । চাৰি ব্যক্তি ক্ৰমে নিকুঞ্জ ৰয়, নৱ ৰয়, অবিনাশ ৰয় আৰু হুমেশ্বৰ ৰয়ক আটক কৰিছে।
ইতিমধ্যে বজালী আৰক্ষীয়ে নিশাই গ্ৰেপ্তাৰ কৰে চাৰি অভিযুক্তক । বজালী স্বেচ্ছাসেৱী সংগঠন উদয়ন সংঘৰ এজন সক্ৰীয় সদস্য আছিল ৰুবুল দাস।
ৰুবুল দাসৰ মৃত্যুত বজালীত অঞ্চলজুৰি শোকৰ ছাঁ । ঘটনা সন্দৰ্ভত ৰুবুল দাসৰ পৰিয়ালে ইতিমধ্যে পাটাছাৰকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।