--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আত্মহত্যাৰ পূৰ্বে পত্নীৰ WhatsApp লৈ প্ৰেৰণ ছুইচাইড নোট । ছুইচাইড নোটত উল্লেখ অনুসৰি ৰুবুল কুমাৰ দাসৰ টেণ্ট হাউছৰ বজালী কুৰবাহা গাঁৱত এখন বিবাহৰ পেন্দেল নিৰ্মাণৰ কাম চলি আছিল।

ডিজিটেল ডেস্ক:  বজালীত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। ছুইচাইড নোট লিখি এগৰাকী যুৱকৰ আত্মহত্যা । যুৱকজনৰ নাম ৰুবুল কুমাৰ দাস।


বজালী কাঁহাৰ পাৰা গাঁৱৰ হৃষিতা টেণ্ট হাউছ এণ্ড ডেকোৰা স্বত্বাধিকাৰী আছিল ৰুবুল কুমাৰ দাস। ছুইচাইড নোটত উল্লেখ আত্মহত্যাৰ কাৰণ ।


আত্মহত্যাৰ পূৰ্বে পত্নীৰ WhatsApp লৈ প্ৰেৰণ ছুইচাইড নোট । ছুইচাইড নোটত উল্লেখ অনুসৰি ৰুবুল কুমাৰ দাসৰ টেণ্ট হাউছৰ বজালী কুৰবাহা গাঁৱত এখন বিবাহৰ পেন্দেল নিৰ্মাণৰ কাম চলি আছিল।


বাৰে বাৰে বিবাহ ঘৰৰ পৰিয়ালে সলনি কৰিছিল বিবাহ পেন্দেলৰ ডিজাইন । পেন্দেলৰ ডিজাইন সলনি কৰি নতুনকৈ পেন্দেল নিৰ্মাণ কৰিব দি মানসিক অত্যাচাৰ চলাইছিল ৰুবুলক ।


যাৰ বাবে আত্মহত্যাৰ পথ বাচি লোৱা বুলি উল্লেখ কৰিছে ছুইচাইড নোটত । ছুইচাইড নোটত উল্লেখ কৰিছে চাৰি গৰাকী পৰিয়ালৰ সদস্যৰ নাম ।


এই চাৰি গৰাকী ব্যক্তিয়ে মানসিকভাৱে অত্যাচাৰ কৰিছিল ৰুবুলক । চাৰি ব্যক্তি ক্ৰমে নিকুঞ্জ ৰয়, নৱ ৰয়, অবিনাশ ৰয় আৰু হুমেশ্বৰ ৰয়ক আটক কৰিছে।


ইতিমধ্যে বজালী আৰক্ষীয়ে নিশাই গ্ৰেপ্তাৰ কৰে চাৰি অভিযুক্তক । বজালী স্বেচ্ছাসেৱী সংগঠন উদয়ন সংঘৰ এজন সক্ৰীয় সদস্য আছিল ৰুবুল দাস।


ৰুবুল দাসৰ মৃত্যুত বজালীত অঞ্চলজুৰি শোকৰ ছাঁ । ঘটনা সন্দৰ্ভত ৰুবুল দাসৰ পৰিয়ালে ইতিমধ্যে পাটাছাৰকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ