--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বাইক চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল নবী হুছেইনৰ গেঙে।

ডিজিটেল ডেস্কঃ ৰাইজৰ নিদ্ৰা হৰণ কৰা দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন অৱশেষত পৰিল আৰক্ষীৰ জালত। নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুৰ্ধৰ্ষ  বাইক চোৰটোক। 


ৰূপহীহাটৰ কাৱৈমাৰীৰ পৰা নগাঁও TSI আৰক্ষীয়ে অভিযান চলাই আটক কৰে নবী হুছেইনক।


নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বাইক চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল নবী হুছেইনৰ গেঙে।


পূৰ্বতেও ডকাইত গোচৰত অভিযুক্ত হৈ জেল হাজোতলৈ গৈছিল নবী হুছেইন। ''চোৰে নেৰে চোৰ প্ৰকৃতি, কুকুৰে নেৰে ছাঁই...যাৰ যি প্ৰকৃতি মৰিলে লগতে যায়'' বুলি অসমত এষাৰি প্ৰবাদ প্ৰচলিত আছে। ঠিক সেই কথাই খাটে নবী হুছেইনৰ ক্ষেত্ৰত। জেলত শাস্তি ভোগাৰ পাছতো জেলৰ পৰা ওলাই আহিয়ে পুনৰ চুৰি কাৰ্যত জঁপিয়াই পৰিল নবী। 


পিতৃ-মাতৃয়ে নাম ৰাখিলে নবী পাছে তিলমানো নবীৰ গুণ নাই, কামে কাজে কিন্তু সি পাপীহে। 


যোৱা নিশা কাৱৈমাৰীৰ পৰা নবী হুছেইনক আটক কৰি সোধপোচা অব্যাহত ৰাখিছে নগাঁও সদৰ আৰক্ষীয়ে। চোৰটোক গ্ৰেপ্তাৰ কৰাত স্বস্তিৰ নিঃশ্বাস পেলাইছে অঞ্চলবাসীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি