প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া সংযুক্ত আৰৱ গণৰাজ্য (ইউএই) ভ্ৰমণ এনে এক সময়ত হৈছে, যিটো সময়ত ভাৰত আৰু ইউএই-ৰ মাজত দ্বিপাক্ষিক সম্পৰ্কই এক বিশাল ব্যাপ্তিৰে কৌশলগত অংশীদাৰিত্বলৈ ৰূপান্তৰিত হৈছে। সেই কৌশলগত সম্পৰ্ককেই পুনৰ নিশ্চিত কৰি প্ৰধানমন্ত্ৰী মোদী আৰু ইউএইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে আবু ধাবিত আইআইটি দিল্লীৰ এটা চৌহদৰ পৰিকল্পনা কৰিছিল – এয়া দুয়োখন দেশৰ নেতৃত্বৰ উমৈহতীয়া দৃষ্টিভংগী আৰু অগ্ৰাধিকাৰৰ এক জ্বলন্ত প্ৰমাণ হিচাবে চিহ্নিত হৈছে।
নতুন ভাৰতৰ উদ্ভাৱন আৰু দক্ষতাৰ এক অনুকৰণীয় পদক্ষেপ হিচাবে সংযুক্ত আৰৱ গণৰাজ্যত স্থাপন কৰা আই.আই.টি. দিল্লীৰ চৌহদটোৱে শিক্ষাৰ ক্ষেত্ৰত ভাৰত-ইউএইৰ . বন্ধুত্বপূৰ্ণ সম্পৰ্ককএক নতুন মাত্ৰা প্ৰদান কৰিছে। ই মানৱ সম্পদৰ শৈক্ষিক উৎকৰ্ষতা, উদ্ভাৱন, জ্ঞানৰ বিনিময় আৰু বিনিয়োগৰ ক্ষেত্ৰত দুয়োখন দেশৰ অংশীদাৰিত্বৰ দৃষ্টিভংগীকে প্ৰতিফলিত কৰিছে। এই কথাত কোনো সন্দেহ নাই যে এই চৌহদটোৱে পাৰস্পৰিক সমৃদ্ধি আৰু গোলকীয় কল্যাণৰ বাবে জ্ঞানৰ শক্তি ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ধ্বজাবাহকৰ কাম কৰিব।
এটা সম্পূৰ্ণ বৃত্তৰ অৱলোকন
আইআইটি দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় চৌহদে নতুন শিক্ষা নীতিত অন্তৰ্ভুক্ত কৰাৰ ধৰণে শিক্ষানুষ্ঠানসমূহৰ আন্তঃৰাষ্ট্ৰীয়কৰণৰ বিকশিত দৃষ্টান্তকে প্ৰতিফলিত কৰিছে। আইআইটিৰ আন্তৰ্জাতিক চৌহদৰ সপোন পূৰণ কৰাৰ বাবে আৰম্ভণিতে গঠন কৰা ৰাধাকৃষ্ণণ সমিতিৰ কৌশলগত পৰামৰ্শসমূহে আইআইটি দিল্লী আৰু আইআইটি মাদ্ৰাজৰ দৰে প্ৰতিষ্ঠানৰ (জাঞ্জিবাৰত এটা চৌহদৰ সৈতে) এক বহল আন্তঃৰাষ্ট্ৰীয় পদক্ষেপৰ কল্পনাক বাস্তৱায়িত কৰিছে। এনে চৌহদে কেৱল খ্যাতিতেই নহয় ইয়াৰ উপস্থিতিৰেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
দ্বিপাক্ষিক প্ৰতিশ্ৰুতি আৰু বিশ্বাসযোগ্যতাৰে সময়োপযোগী পদক্ষেপৰ জৰিয়তে ভাৰতে ইয়াৰ বন্ধুত্বপূৰ্ণ দেশসমূহৰ সৈতে সম্পৰ্ক উন্নীত কৰি তোলাটো এক বিশেষত্ব হিচাবে পৰগণিত হৈছে। । আইআইটি দিল্লী – আবু ধাবি চৌহদ সম্পূৰ্ণ হোৱাৰ সময়তে ভাৰত চৰকাৰ আৰু আবু ধাবিৰ শিক্ষা তথা জ্ঞান বিভাগৰ (এডিইকে) মাজত বৰ্তি থকা সমন্বয়ৰ প্ৰচেষ্টাৰ এক আকৰ্ষণীয় প্ৰকাশ ঘটিছে। ২০২২ চনৰ আৰম্ভণিতে দুয়োখন দেশৰ নেতাৰ মাজত হোৱা আলোচনাৰ মৰ্মে ২০২৩ চনৰ ১৫ জুলাইত বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ পৰা আৰম্ভ কৰি ২৯ জানুৱাৰী, ২০২৪ তাৰিখে চৌহদ সম্পূৰ্ণ হোৱা আৰু শিক্ষাৰ্থীৰ প্ৰথমটো দলৰ শ্ৰেণী আৰম্ভ হোৱালৈকে, আইআইটি দিল্লী– আবু ধাবিয়ে অতি কম সময়ৰ ভিতৰতে ভাৰত-ইউএইৰ সম্পৰ্কক উল্লেখনীয় স্থানত উপবিষ্ট কৰোৱাইছে।
বহুক্ষেত্ৰত, এই কথাবোৰ এটা সম্পূৰ্ণ বৃত্তৰ পৰা অহা এক ধাৰণা স্বৰূপ হৈ পৰিছে। ঐতিহাসিকভাৱে ভাৰতে নালন্দা বিশ্ববিদ্যালয়ৰ সৈতে শিক্ষাৰ আন্তঃৰাষ্ট্ৰীয়কৰণৰ পথ প্ৰশস্ত কৰিছিল – সেয়া আছিল "বিশ্বৰ প্ৰথমখন আৱাসিক বিশ্ববিদ্যালয়" – য'ত বহু দেশৰ প্ৰখ্যাত পণ্ডিত আহিছিল আৰু অধ্যয়ন কৰিছিল ।
শৈক্ষিক উৎকৰ্ষতা আৰু বাস্তৱ-পৃথিৱীৰ প্ৰাসংগিকতা
আবু ধাবিত স্থাপিত আইআইটি দিল্লীৰ চৌহদৰ কেন্দ্ৰ শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। প্ৰতিষ্ঠানটোৰ পাঠ্যক্ৰম অঞ্চলটোৰ অনন্য প্ৰয়োজনীয়তা আৰু আকাংক্ষাৰ সৈতে সংগতি ৰাখি সতৰ্কতাৰে যুগুত কৰা হৈছে। গৱেষণাৰ ক্ষেত্ৰত আইআইটি দিল্লীৰ অতুলনীয় অভিজ্ঞতাক ব্যৱহাৰ কৰি স্নাতক পৰ্যায়ৰ শিক্ষাদানৰ লগতে আবু ধাবি চৌহদে কেৱল বিশ্বমানৰ শৈক্ষিক বাতাবৰণ সৃষ্টি কৰাই নহয়,সকলো ক্ষেত্ৰতে বৈচিত্ৰতা আনিব বিচাৰিছে। এক কথাই এই চৌহদটো উদ্ভাৱনীমূলক কাম আৰু অঞ্চল-নিৰ্দিষ্ট কাৰ্যসূচীৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
এনাৰ্জী ট্ৰেনজিছন এণ্ড ছাছটেইনিবিলিটি বিষয়ৰ মাষ্টাৰ অব টেকন’লজি পাঠ্যক্ৰমে প্ৰতিষ্ঠানটোৰ আগুৱাই যোৱাৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে। জলবায়ু আৰু অন্যান্য স্থিৰতা সম্পৰ্কীয় প্ৰত্যাহ্বানৰ মোকাবিলা কৰাত নিকা ইন্ধনৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দি এই চৌহদত গ্ৰহণ কৰা কাৰ্যসূচীৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক এই পৰিৱৰ্তনসমূহ কাৰ্যকৰীভাৱে পৰিচালনা কৰিবলৈ প্ৰস্তুত কৰি তোলা । পাঠ্যক্ৰমত এক বহুমুখী দৃষ্টিভংগীৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে, য’ত কাৰিকৰী জ্ঞানক পৰিৱৰ্তন সম্পৰ্কীয় ব্যৱস্থাপনা, উদ্ভাৱন প্ৰক্ৰিয়া আৰু শক্তি-স্থিৰতা আন্তঃসংযোগৰ বুজাবুজিৰ সৈতে একত্ৰিত কৰা হৈছে। এই কাৰ্যসূচীৰ শুভাৰম্ভ ২০২৩ বৰ্ষক সংযুক্ত আৰৱ গণৰাজ্যই স্থিৰতাৰ বৰ্ষ হিচাপে উদযাপন কৰা আৰু ডুবাইত যুগান্তকাৰী চি.ও.পি.২৮ সন্মিলনৰ আয়োজন কৰা বিষয়ৰ সৈতে সংপৃক্ত কৰা হৈছে। এই কাৰ্যসূচীৰ বেছিভাগ শিক্ষাৰ্থীকে নৱীকৰণযোগ্য আৰু শক্তি পৰিৱৰ্তনৰ দিশত উল্লেখনীয় কাম কৰকি থকা আবু ধাবিৰ মুখ্য তেল আৰু গেছ কোম্পানী এডিএনঅ'চি-এ পৃষ্ঠপোষকতা কৰিছে।
আই.আই.টি. দিল্লী আবু ধাবিৰ শ্ৰেণীকোঠাত ভৰি দিয়া শিক্ষাৰ্থীৰ প্ৰথম দলটোৱে অত্যাধুনিক প্ৰক্ৰিয়া আৰু পৰিবেশৰ মাজত জ্ঞান লাভ কৰিবলৈ সক্ষম হ'ব। আইআইটি দিল্লী - আবু ধাবি চৌহদে আৰ্টিফিচিয়েল ইণ্টিলিজেন্স(এ আই), ডাটা এনালিটিক্স, শক্তি আৰু স্থিৰতা, স্বাস্থ্যসেৱাৰ দৰে ক্ষেত্ৰসমূহত গুৰুত্ব দিয়াৰ পৰিকল্পনা কৰিছে। গৱেষণামূলক কাৰ্যসূচী গোলকীয় প্ৰত্যাহ্বান মোকাবিলা কৰাৰ সৈতে সংগতি ৰাখি দেশৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খুৱাই দ্ৰুতগতিত আগুৱাই নিয়া হ’ব।
মান নিশ্চিতি আৰু মান নিৰ্ধাৰণ:
গুণগত মানৰ নিশ্চয়তা হৈছে ৰাধাকৃষ্ণণ সমিতিয়ে আলোকপাত কৰা আন এক প্ৰধান বিষয়। আইআইটি দিল্লী-আবু ধাবিৰ সৈতে সেই বিষয়টো অন্তৰ্ভুক্ত হৈ আছে। স্বীকৃতি, সময়ে সময়ে পাঠ্যক্ৰমৰ সমীক্ষা আৰু প্ৰতিষ্ঠানগত মূল্যাঙ্কনক কেৱল কৰিব লাগে বুলিয়েই কৰা নিয়মীয়া অনুশীলন হিচাপে গণ্য কৰা নহ'ব, ইয়াৰ বিপৰীতে শিক্ষাৰ মান সৰ্বোচ্চ গোলকীয় মানৰ সৈতে খাপ খুৱাই লোৱাটো নিশ্চিত কৰিবলৈ সেইবোৰক একান্ত নিষ্ঠাৰে কৰা বিষয় হিচাবে গণ্য কৰা হ'ব। মান সম্পৰ্কীয় পৰীক্ষা, শৈক্ষিক প্ৰগতি, ইণ্টাৰ্নশ্বিপ আৰু চাকৰি সৃষ্টিৰ জৰিয়তে স্নাতক শিক্ষাৰ্থীসকলক ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰি তোলাটো এই চৌহদৰ প্ৰতিষ্ঠানগত প্ৰতিশ্ৰুতি আৰু ই কেৱল উৎকৃষ্টতাৰ প্ৰত্যাশাই পূৰণ নকৰিব, সেইবোৰ সুন্দৰভাবে অৰ্জন কৰাতো সহায় কৰিব।
পৰিৱৰ্তনশীল বিশ্বৰ বাবে নতুন অংশীদাৰিত্ব
সংযুক্ত আৰৱ গণৰাজ্যৰ ৰাজধানী আবু ধাবিত স্থাপিত এই নতুন চৌহদ কেৱল এক বিশেষ স্থানেই নহয়, ই বিশেষ স্থানতকৈয়ো অধিক। শিক্ষা আৰু উদ্ভাৱনৰ এই শক্তিশালী উদ্যোগত এই চৌহদ এক সম্পূৰ্ণ সহযোগী আৰু নিৰ্ভৰযোগ্য অংশীদাৰ হিচাবে পৰিগণিত হৈছে। ভাৰত আৰু সংযুক্ত আৰৱ গণৰাজ্যৰ মাজত ব্যাপক কৌশলগত অংশীদাৰিত্বৰ উদ্দেশ্য আৰু দৃষ্টিভংগীৰ সৈতে এনে এক নিৰৱচ্ছিন্ন আৰু উৎপাদনশীল যৌথ প্ৰচেষ্টা সঁচাকৈয়ে প্রশংসাৰ যোগ্য।
এই চৌহদত সংস্কৃতি, ধাৰণা আৰু দৃষ্টিভংগীৰ অন্তৰ্নিহিতকৰণে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত গভীৰ সাংস্কৃতিক সম্পৰ্কক শক্তিশালী কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। উদাহৰণ স্বৰূপে, এয়া ধাৰণা কৰা হৈছে যে স্নাতক কাৰ্যসূচীবোৰত ভাৰতীয় শিক্ষাৰ্থীসকলে গণৰাজ্য খনৰ শিক্ষাৰ্থী আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীৰ সৈতে একেলগে থাকিব। একেদৰে, আই.আই.টি. দিল্লীয়ে সংযুক্ত আৰৱ গণৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষক আৰু কৰ্মচাৰীসকলক নিযুক্তি দিব বুলি আশা কৰিছে। যিসকলে আবু ধাবি চৌহদত বিশ্বমানৰ শিক্ষা আৰু গৱেষণা কাৰ্যসূচী বিকশিত কৰাৰ ক্ষেত্ৰত দিল্লী চৌহদৰ শিক্ষকসকলৰ সৈতে মিলিজুলি কাম কৰিব।
আগলৈ চোৱাৰ সময় এয়া
আবু ধাবিত আইআইটি দিল্লীৰ চৌহদ স্থাপনৰ বিষয়টো ভাৰত আৰু সংযুক্ত আৰৱ গণৰাজ্যৰ মাজত অংশীদাৰিত্বৰ প্ৰতিশ্ৰুতি আৰু সম্ভাৱনাৰে পৰিপূৰ্ণ। এয়া নিশ্চিতভাৱে দুখন দেশ আৰু দুখন দেশৰ জনসাধাৰণৰ মাজত বৃহত্তৰ অংশীদাৰিত্বৰ এক প্ৰতীক হিচাবে বিবেচিত হ’ব। ই বিশ্বৰ উন্নতিৰ লক্ষ্যৰে আন্তৰ্জাতিক শৈক্ষিক যুটীয়া উদ্যোগৰ বাবে শিক্ষাৰ্থী আৰু গৱেষকসকলক প্ৰশিক্ষণ প্ৰদান কৰি দুয়োখন দেশৰ গৰিমা বৃদ্ধি কৰিব। আইআইটি-দিল্লীয়ে ইয়াৰ বিশ্বব্যাপী পদাংক বিস্তৃত কৰি গৈছে, ইয়াৰ গন্তব্য স্থান কেৱল মানচিত্ৰৰ একোটা বিন্দু নহয়, এয়া অংশীদাৰিত্বৰ অনুপ্ৰেৰণাৰে উদ্বুদ্ধ গোলকীয় সমৃদ্ধিৰ হকে জ্ঞানৰ এক বিশাল দৃষ্টিভংগীৰ পদক্ষেপ। আগশাৰীৰ ভাৰতীয় প্ৰতিষ্ঠানবোৰ ক্ৰমে পুৰাতন হৈ আহিছে আৰু সময় বাগৰাৰ লগে লগে সেইবোৰে এতিয়া ভাৰতৰ 'বসুধৈৱ কুটুম্বকম' দৰ্শনৰ সৈতে সামঞ্জস্য ৰাখি 'বিশ্ব মিত্ৰ' হিচাপে ভাৰতৰ ভাবমূৰ্তি সুদৃঢ় কৰাৰ দিশত বিশ্বব্যাপী প্ৰভাৱ বিস্তাৰৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে।