--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বোম্বে উচ্চ ন্যায়ালয়ে  চন্দা কোছাৰ আৰু তেওঁৰ স্বামী দীপক কোছাৰক ঋণ জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ কৰাটো অবৈধ আছিল বুলি ঘোষণা কৰিছে৷   সোমবাৰে, বোম্বাই উচ্চ ন্যায়ালয়ে কয়  যে চিবিআইয়ে চন্দা আৰু দীপক কোছাৰক আইনৰ প্ৰতি সঠিক সন্মান নেদেখুৱাই গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ উপৰি ন্যায়ালয়ে লগতে কৈছে যে ই চিবিআইৰ  ক্ষমতাৰ অপব্যৱহাৰ আছিল।

ন্যায়াধীশ অনুজা প্ৰভুদেশাই আৰু এন আৰ বৰকাৰৰ এখন  খণ্ড বিচাৰপীঠে কয় যে  আইচিআইচিআই বেংকৰ প্ৰাক্তন পৰিচালনা সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ)চন্দা কোছাৰ আৰু দীপক কোছাৰক অবৈধভাৱে গ্ৰেপ্তাৰ কৰিছিল। 
এতিয়া আদালতে কৈছে যে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে যাবতীয় প্ৰমাণ দাখিল কৰাত  অক্ষম হৈছে। আদালতে কৈছে  যে তেওঁলোকক গ্ৰেপ্তাৰ কৰাটো অবৈধ  আছিল। 

কোছাৰে তদন্তত সহযোগিতা  নকৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল বুলি তদন্ত সংস্থাটোৱে দিয়া  যুক্তিও আদালতে মানি ল'বলৈ অস্বীকাৰ কৰে। এই সন্দৰ্ভত আদালতে কয় যে জেৰাৰ সময়ত অভিযুক্তৰ নীৰৱ হৈ থকাৰ অধিকাৰ আছে।

চিবিআইয়ে ২০২২ চনৰ ২৩ ডিচেম্বৰত চন্দা আৰু দীপকক গ্ৰেপ্তাৰ কৰিছিল৷২০২২ চনৰ ২৩ ডিচেম্বৰত চিবিআইয়ে ভিডিঅ'কন-আইচিআইচিআই বেংকৰ ঋণ গোচৰত চন্দা আৰু দীপকক গ্ৰেপ্তাৰ কৰিছিল। তেওঁসোকে  তৎক্ষণাৎ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়লৈ গৈছিল আৰু ইয়াক অবৈধ ঘোষণা কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ উপৰি  তেওঁলোকে অন্তৱৰ্তীকালীন আদেশৰ জৰিয়তে জামিনত মুক্তি বিচাৰিছিল।

২০২৩ চনৰ ৯ জানুৱাৰীত আদালতে অন্তৱৰ্তীকালীন আদেশ প্ৰদান কৰি  কোছাৰক জামিন প্ৰদান কৰিছিল। চিবিআইয়ে অসাৱধানতাৰে তেওঁলোকক  গ্ৰেপ্তাৰ কৰিছিল বুলি এতিয়া প্ৰমাণ হৈছে৷  


দীপক আৰু চন্দা কোছাৰৰ বিৰুদ্ধে ভিডিঅ'কনক দিয়া ঋণৰ জৰিয়তে আইচিআইচিআই বেংকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উঠিছিল। এই ঋণবোৰ পিছত অনা-কাৰ্যকৰী সম্পদলৈ ৰূপান্তৰিত হৈছিল। এই ক্ষেত্ৰত, চিবিআই, ইডি, এছএফআইঅ' আৰু আয়কৰ বিভাগে দীপক আৰু চন্দা কোছাৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল৷ 
 ২০১২ চনত ভিডিঅ'কনক  ৩২৫০ কোটি টকাৰ ঋণ দিয়া হৈছিল। অভিযোগ অনুসৰি ভিডিঅ'কন গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ বেণুগোপাল ধুতে ভিডিঅ'কনৰ ঋণ পোৱাৰ পিছত কোছাৰৰ কোম্পানী নিউপাৱাৰ ৰিনিউৱেবলছত কোটি কোটি টকা বিনিয়োগ কৰিছিল।

সেই ঋণ  এখন সমিতিয়ে অনুমোদন জনাইছিল, য'ত চন্দা কোছাৰো সদস্য আছিল। অক্টোবৰ ২০১৮-ত, চন্দাই বিষয়টোৰ বাবে পদত্যাগ কৰিবলগীয়া  হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু