--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বোম্বে উচ্চ ন্যায়ালয়ে  চন্দা কোছাৰ আৰু তেওঁৰ স্বামী দীপক কোছাৰক ঋণ জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ কৰাটো অবৈধ আছিল বুলি ঘোষণা কৰিছে৷   সোমবাৰে, বোম্বাই উচ্চ ন্যায়ালয়ে কয়  যে চিবিআইয়ে চন্দা আৰু দীপক কোছাৰক আইনৰ প্ৰতি সঠিক সন্মান নেদেখুৱাই গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ উপৰি ন্যায়ালয়ে লগতে কৈছে যে ই চিবিআইৰ  ক্ষমতাৰ অপব্যৱহাৰ আছিল।

ন্যায়াধীশ অনুজা প্ৰভুদেশাই আৰু এন আৰ বৰকাৰৰ এখন  খণ্ড বিচাৰপীঠে কয় যে  আইচিআইচিআই বেংকৰ প্ৰাক্তন পৰিচালনা সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ)চন্দা কোছাৰ আৰু দীপক কোছাৰক অবৈধভাৱে গ্ৰেপ্তাৰ কৰিছিল। 
এতিয়া আদালতে কৈছে যে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে যাবতীয় প্ৰমাণ দাখিল কৰাত  অক্ষম হৈছে। আদালতে কৈছে  যে তেওঁলোকক গ্ৰেপ্তাৰ কৰাটো অবৈধ  আছিল। 

কোছাৰে তদন্তত সহযোগিতা  নকৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল বুলি তদন্ত সংস্থাটোৱে দিয়া  যুক্তিও আদালতে মানি ল'বলৈ অস্বীকাৰ কৰে। এই সন্দৰ্ভত আদালতে কয় যে জেৰাৰ সময়ত অভিযুক্তৰ নীৰৱ হৈ থকাৰ অধিকাৰ আছে।

চিবিআইয়ে ২০২২ চনৰ ২৩ ডিচেম্বৰত চন্দা আৰু দীপকক গ্ৰেপ্তাৰ কৰিছিল৷২০২২ চনৰ ২৩ ডিচেম্বৰত চিবিআইয়ে ভিডিঅ'কন-আইচিআইচিআই বেংকৰ ঋণ গোচৰত চন্দা আৰু দীপকক গ্ৰেপ্তাৰ কৰিছিল। তেওঁসোকে  তৎক্ষণাৎ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়লৈ গৈছিল আৰু ইয়াক অবৈধ ঘোষণা কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ উপৰি  তেওঁলোকে অন্তৱৰ্তীকালীন আদেশৰ জৰিয়তে জামিনত মুক্তি বিচাৰিছিল।

২০২৩ চনৰ ৯ জানুৱাৰীত আদালতে অন্তৱৰ্তীকালীন আদেশ প্ৰদান কৰি  কোছাৰক জামিন প্ৰদান কৰিছিল। চিবিআইয়ে অসাৱধানতাৰে তেওঁলোকক  গ্ৰেপ্তাৰ কৰিছিল বুলি এতিয়া প্ৰমাণ হৈছে৷  


দীপক আৰু চন্দা কোছাৰৰ বিৰুদ্ধে ভিডিঅ'কনক দিয়া ঋণৰ জৰিয়তে আইচিআইচিআই বেংকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উঠিছিল। এই ঋণবোৰ পিছত অনা-কাৰ্যকৰী সম্পদলৈ ৰূপান্তৰিত হৈছিল। এই ক্ষেত্ৰত, চিবিআই, ইডি, এছএফআইঅ' আৰু আয়কৰ বিভাগে দীপক আৰু চন্দা কোছাৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল৷ 
 ২০১২ চনত ভিডিঅ'কনক  ৩২৫০ কোটি টকাৰ ঋণ দিয়া হৈছিল। অভিযোগ অনুসৰি ভিডিঅ'কন গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ বেণুগোপাল ধুতে ভিডিঅ'কনৰ ঋণ পোৱাৰ পিছত কোছাৰৰ কোম্পানী নিউপাৱাৰ ৰিনিউৱেবলছত কোটি কোটি টকা বিনিয়োগ কৰিছিল।

সেই ঋণ  এখন সমিতিয়ে অনুমোদন জনাইছিল, য'ত চন্দা কোছাৰো সদস্য আছিল। অক্টোবৰ ২০১৮-ত, চন্দাই বিষয়টোৰ বাবে পদত্যাগ কৰিবলগীয়া  হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement