--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সীমান্তৰ মহাসমৰত জৰ্জৰিত ইউক্ৰেইন। ৰাছিয়ান সৈন্যৰ বুট জোতাৰ শব্দত কঁপি উঠিছে ইউক্ৰেইন। ধাৰাষাৰ গুলীবৰ্ষণ, মিছাইল আক্ৰমণত বিপৰ্যস্ত হৈ পৰিছে ইউক্ৰেইনৰ স্বাভাৱিক জীৱনযাত্ৰা। কেৱল সেয়াই নহয় বিগত কেইবাদিন ধৰি চলি অহা নিৰন্তৰ যুদ্ধৰ প্ৰভাৱ পৰিছে ইউক্ৰেইনৰ অৰ্থনীতিত। তথাপি, ৰুছ সেনাৰ ৰঙা চকুক ভয় নকৰে ইউক্ৰেইনে। আনকি দেশবাসীৰ বাবে ঢাল হৈ থিয় দিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনক্সি। যুদ্ধবিধ্বস্ত ইউক্ৰেইন সীমান্তৰ পৰা আন এক হৃদয়বিদাৰক ঘটনা পোহৰলৈ আহিছে। টিভি শ্ব’ৰ মাজতে হুকহুকাই কান্দি উঠিল সাংবাদিক। ৰাছিয়ান সৈন্যৰ ক্ষেপনাস্ত্ৰৰ আঘাতত চূৰ্ণ-বিচূৰ্ণ হোৱা নিজৰ বাসগৃহতো টেলিভিছনৰ পৰ্দাত প্ৰদৰ্শন কৰাৰ পাছত ষ্টুডিঅ’তে হুকহুকাই কান্দি উঠিল বিবিচিৰ ইউক্ৰেইনৰ সাংবাদিক অলগা মালছেভস্কাই। ইউক্ৰেইনৰ এইগৰাকী মহিলা সাংবাদিকৰ এটা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সাংবাদিকতাৰ পেছাত জড়িত এজন মানুহ কিমান অসহায় পৰিস্থিতিৰ সন্মুখীন হ’ব লগীয়া হয় তাৰেই শেহতীয়া উদাহৰণ বিবিচিৰ সাংবাদিক অলগা মালছেভস্কা। ভাইৰেল হোৱা ভিডিঅ’টোত দেখিবলৈ পোৱা অনুসৰি, লণ্ডনৰ ষ্টুডিঅ’ত সহকৰ্মী সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰাৰ সময়তে অলগাৰ মোবাইলৈ আহিছিল ভিডিঅ’ বাৰ্তা । ভিডিঅ’টো চোৱাৰ লগে লগে প্ৰগৰেম চলি থকা সময়তে চকুলো টুকিবলৈ ধৰে অলগাই। তেওঁ কয়, ‘আমাৰ ঘৰত ৰকেট বিস্ফোৰণৰ পূৰ্বে মোৰ মাই আন এটি ঘৰৰ বেচমেণ্টত আশ্ৰয় লৈছিল। সেয়েহে তেওঁ জীৱিত আছে। এই কথাকে মায়ে মোক এছ এম এছ কৰি জনালে। ভাগ্য ভাল বিস্ফোৰণৰ পূৰ্বে মায়ে বেচমেণ্টত আত্মগোপন কৰিছিল। আজি যেতিয়া ঘৰৰ পৰা মই ষ্টুডিঅ’লৈ আহিছিলো সেই সময়ত এবাৰো কল্পনা কৰা নাছিলো যে আমাৰ বাসগৃহতো এইদৰে বোমাত চূৰ্ণ-বিচূৰ্ণ হ’ব।’ স্বাভাৱকিতে, এনে হৃদয়বিদাৰক দৃশ্যই সচেতন প্ৰতিগৰাকী ব্যক্তিৰে অন্তৰ চুই গৈছে। যুদ্ধৰ পৰিণাম কিমান ভয়ংকৰ হ’ ব পাৰে শেহতীয়া এই দৃশ্যবোৰেই তাৰ প্ৰমাণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু