--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সীমান্তৰ মহাসমৰত জৰ্জৰিত ইউক্ৰেইন। ৰাছিয়ান সৈন্যৰ বুট জোতাৰ শব্দত কঁপি উঠিছে ইউক্ৰেইন। ধাৰাষাৰ গুলীবৰ্ষণ, মিছাইল আক্ৰমণত বিপৰ্যস্ত হৈ পৰিছে ইউক্ৰেইনৰ স্বাভাৱিক জীৱনযাত্ৰা। কেৱল সেয়াই নহয় বিগত কেইবাদিন ধৰি চলি অহা নিৰন্তৰ যুদ্ধৰ প্ৰভাৱ পৰিছে ইউক্ৰেইনৰ অৰ্থনীতিত। তথাপি, ৰুছ সেনাৰ ৰঙা চকুক ভয় নকৰে ইউক্ৰেইনে। আনকি দেশবাসীৰ বাবে ঢাল হৈ থিয় দিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনক্সি। যুদ্ধবিধ্বস্ত ইউক্ৰেইন সীমান্তৰ পৰা আন এক হৃদয়বিদাৰক ঘটনা পোহৰলৈ আহিছে। টিভি শ্ব’ৰ মাজতে হুকহুকাই কান্দি উঠিল সাংবাদিক। ৰাছিয়ান সৈন্যৰ ক্ষেপনাস্ত্ৰৰ আঘাতত চূৰ্ণ-বিচূৰ্ণ হোৱা নিজৰ বাসগৃহতো টেলিভিছনৰ পৰ্দাত প্ৰদৰ্শন কৰাৰ পাছত ষ্টুডিঅ’তে হুকহুকাই কান্দি উঠিল বিবিচিৰ ইউক্ৰেইনৰ সাংবাদিক অলগা মালছেভস্কাই। ইউক্ৰেইনৰ এইগৰাকী মহিলা সাংবাদিকৰ এটা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সাংবাদিকতাৰ পেছাত জড়িত এজন মানুহ কিমান অসহায় পৰিস্থিতিৰ সন্মুখীন হ’ব লগীয়া হয় তাৰেই শেহতীয়া উদাহৰণ বিবিচিৰ সাংবাদিক অলগা মালছেভস্কা। ভাইৰেল হোৱা ভিডিঅ’টোত দেখিবলৈ পোৱা অনুসৰি, লণ্ডনৰ ষ্টুডিঅ’ত সহকৰ্মী সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰাৰ সময়তে অলগাৰ মোবাইলৈ আহিছিল ভিডিঅ’ বাৰ্তা । ভিডিঅ’টো চোৱাৰ লগে লগে প্ৰগৰেম চলি থকা সময়তে চকুলো টুকিবলৈ ধৰে অলগাই। তেওঁ কয়, ‘আমাৰ ঘৰত ৰকেট বিস্ফোৰণৰ পূৰ্বে মোৰ মাই আন এটি ঘৰৰ বেচমেণ্টত আশ্ৰয় লৈছিল। সেয়েহে তেওঁ জীৱিত আছে। এই কথাকে মায়ে মোক এছ এম এছ কৰি জনালে। ভাগ্য ভাল বিস্ফোৰণৰ পূৰ্বে মায়ে বেচমেণ্টত আত্মগোপন কৰিছিল। আজি যেতিয়া ঘৰৰ পৰা মই ষ্টুডিঅ’লৈ আহিছিলো সেই সময়ত এবাৰো কল্পনা কৰা নাছিলো যে আমাৰ বাসগৃহতো এইদৰে বোমাত চূৰ্ণ-বিচূৰ্ণ হ’ব।’ স্বাভাৱকিতে, এনে হৃদয়বিদাৰক দৃশ্যই সচেতন প্ৰতিগৰাকী ব্যক্তিৰে অন্তৰ চুই গৈছে। যুদ্ধৰ পৰিণাম কিমান ভয়ংকৰ হ’ ব পাৰে শেহতীয়া এই দৃশ্যবোৰেই তাৰ প্ৰমাণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু