--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ অৱসান বিচাৰি আলোচনা ৰ বাট মুকলি কৰা হৈছে। ৰক্তক্ষয়ী সংঘাতৰ পাছত দেশ দুখনে এতিয়া আলোচনা ৰ বাবে খোজ আগবঢ়াইছে। চুবুৰীয়া দেশ বেলাৰুছত আলোচনাৰ বাবে উপস্থিত হৈছে ৰাছিয়া আৰু ইউক্ৰেইনৰ প্ৰতিনিধি দল। দুখন হেলিকপ্টাৰেৰে দুয়োখন দেশৰ প্ৰতিনিধিয়ে ইতিমধ্যে উপস্থিত হৈছে বেলাৰুছত। বিধ্বংসী যুদ্ধই ইউক্ৰেইনক অস্থিৰ কৰি ৰখাৰ মাজতে এতিয়া আলোচনাৰ জৰিয়তে এই সংকটৰ সমাধানৰ বাট বিচৰাৰ চেষ্টা কৰা হৈছে। মন কৰিবলগীয়া যে, যিসময়ত ইউক্ৰেইনৰ পথে পথে ৰুছ সৈন্যৰ প্ৰৱল আগ্ৰাসন অব্যাহত আছে তথা বিভিন্ন স্থানত বিধ্বংসী মাৰণাস্ত্ৰৰ আক্ৰমণ অব্যাহত আছে সেই সময়তে শান্তি আলোচনা এক অখজা বিষয় হৈ পৰে। এনে পৰিপ্ৰেক্ষিততে ন্যায্যভাৱেই ইউক্ৰেইনে দুটা দাবী কৰিছে। সেই দুটা দাবী হৈছে তাৎক্ষণিতকভাৱে যুদ্ধ বিৰতি ঘোষণা কৰা আৰু ইউক্ৰেইনৰ পৰা ৰুছ সৈন্য অপসাৰণ কৰা। এই দুটা দাবী সুস্থিৰ আলোচনাৰ বাবে নিশ্চয় অতি প্ৰাসংগিক আৰু প্ৰয়োজনীয় দাবী। এফালে অস্ত্ৰৰ জনজননি চলি থাকিলে আনফালে কিদৰে শান্তি আলোচনা অনুষ্ঠিত কৰাটো সম্ভৱপৰ হ’ব? ইউক্ৰেইনৰ এই দাবীৰ প্ৰতি ৰাছিয়াই এতিয়ালৈকে সঁহাৰি দিয়া দেখিবলৈ পোৱা হোৱা নাই। তেওঁলোকে এখন চুক্তিহে স্বাক্ষৰ কৰিব বিচাৰিছে। ইতিমধ্যে বেলাৰুছ সীমান্তত এই আলোচনা আৰম্ভ হৈছে। এই আলোচনাত ইউক্ৰেইনৰ ফালৰ পৰা অংশগ্ৰহণকাৰীসকল হৈছে, ছাৰ্ভেণ্ট অব দ্য পিপুলৰ অধ্যক্ষ ডেভিড আৰাখামিয়া। ইউক্ৰেইনৰ প্ৰতিৰক্ষামন্ত্ৰী অ’লেকক্সি ৰেজনিকোভ ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ মু্খ্য পৰামৰ্শদাতা মিখাইল প’ড’লায়ক, তৃপাক্ষিক আলোচনা গোটৰ ইউক্ৰেইনৰ প্ৰতিনিধি দলৰ প্ৰথমগৰাকী উপ-মুৰব্বী আণ্ড্ৰে কোষ্টিন, সাংসদ ৰুষ্টম উমেৰভ, ইউক্ৰেইনৰ বিদেশ মন্ত্ৰালয়ৰ সহযোগী মন্ত্ৰী নিকোলাই তকিটস্কি। এই আলোচনাত দুয়ো দেশৰ মাজৰ সংঘাত নিৰসনৰ বিষয়টোৱে আগস্থান লাভ কৰাৰ লগতে দুয়ো দেশৰ মাজৰ দীৰ্ঘদিনীয়া সংঘাতৰ বিষয় কিছুমানো উত্থাপন কৰা হ’ব বুলি জানিব পৰা গৈছে। এই সম্পৰ্কীয় সকলো শেহতীয়া তথ্য আমি দি থাকিব আপোনালোকক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু