--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ অৱসান বিচাৰি আলোচনা ৰ বাট মুকলি কৰা হৈছে। ৰক্তক্ষয়ী সংঘাতৰ পাছত দেশ দুখনে এতিয়া আলোচনা ৰ বাবে খোজ আগবঢ়াইছে। চুবুৰীয়া দেশ বেলাৰুছত আলোচনাৰ বাবে উপস্থিত হৈছে ৰাছিয়া আৰু ইউক্ৰেইনৰ প্ৰতিনিধি দল। দুখন হেলিকপ্টাৰেৰে দুয়োখন দেশৰ প্ৰতিনিধিয়ে ইতিমধ্যে উপস্থিত হৈছে বেলাৰুছত। বিধ্বংসী যুদ্ধই ইউক্ৰেইনক অস্থিৰ কৰি ৰখাৰ মাজতে এতিয়া আলোচনাৰ জৰিয়তে এই সংকটৰ সমাধানৰ বাট বিচৰাৰ চেষ্টা কৰা হৈছে। মন কৰিবলগীয়া যে, যিসময়ত ইউক্ৰেইনৰ পথে পথে ৰুছ সৈন্যৰ প্ৰৱল আগ্ৰাসন অব্যাহত আছে তথা বিভিন্ন স্থানত বিধ্বংসী মাৰণাস্ত্ৰৰ আক্ৰমণ অব্যাহত আছে সেই সময়তে শান্তি আলোচনা এক অখজা বিষয় হৈ পৰে। এনে পৰিপ্ৰেক্ষিততে ন্যায্যভাৱেই ইউক্ৰেইনে দুটা দাবী কৰিছে। সেই দুটা দাবী হৈছে তাৎক্ষণিতকভাৱে যুদ্ধ বিৰতি ঘোষণা কৰা আৰু ইউক্ৰেইনৰ পৰা ৰুছ সৈন্য অপসাৰণ কৰা। এই দুটা দাবী সুস্থিৰ আলোচনাৰ বাবে নিশ্চয় অতি প্ৰাসংগিক আৰু প্ৰয়োজনীয় দাবী। এফালে অস্ত্ৰৰ জনজননি চলি থাকিলে আনফালে কিদৰে শান্তি আলোচনা অনুষ্ঠিত কৰাটো সম্ভৱপৰ হ’ব? ইউক্ৰেইনৰ এই দাবীৰ প্ৰতি ৰাছিয়াই এতিয়ালৈকে সঁহাৰি দিয়া দেখিবলৈ পোৱা হোৱা নাই। তেওঁলোকে এখন চুক্তিহে স্বাক্ষৰ কৰিব বিচাৰিছে। ইতিমধ্যে বেলাৰুছ সীমান্তত এই আলোচনা আৰম্ভ হৈছে। এই আলোচনাত ইউক্ৰেইনৰ ফালৰ পৰা অংশগ্ৰহণকাৰীসকল হৈছে, ছাৰ্ভেণ্ট অব দ্য পিপুলৰ অধ্যক্ষ ডেভিড আৰাখামিয়া। ইউক্ৰেইনৰ প্ৰতিৰক্ষামন্ত্ৰী অ’লেকক্সি ৰেজনিকোভ ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ মু্খ্য পৰামৰ্শদাতা মিখাইল প’ড’লায়ক, তৃপাক্ষিক আলোচনা গোটৰ ইউক্ৰেইনৰ প্ৰতিনিধি দলৰ প্ৰথমগৰাকী উপ-মুৰব্বী আণ্ড্ৰে কোষ্টিন, সাংসদ ৰুষ্টম উমেৰভ, ইউক্ৰেইনৰ বিদেশ মন্ত্ৰালয়ৰ সহযোগী মন্ত্ৰী নিকোলাই তকিটস্কি। এই আলোচনাত দুয়ো দেশৰ মাজৰ সংঘাত নিৰসনৰ বিষয়টোৱে আগস্থান লাভ কৰাৰ লগতে দুয়ো দেশৰ মাজৰ দীৰ্ঘদিনীয়া সংঘাতৰ বিষয় কিছুমানো উত্থাপন কৰা হ’ব বুলি জানিব পৰা গৈছে। এই সম্পৰ্কীয় সকলো শেহতীয়া তথ্য আমি দি থাকিব আপোনালোকক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু