--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ চন্দ্ৰ অভিযান বিফল হোৱাত দেশখনৰ এগৰাকী ৯০ বছৰীয়া বিজ্ঞানী অসুস্থ হৈ পৰে। লুনা-২৫ অভিযানত তেওঁ বহুখিনি অৱদান আগবঢ়াইছিল। তেওঁ হৈছে মিখাইল মাৰোভ। এই অভিযান সফল কৰিবলৈ মিখাইল মাৰোভে দিনে নিশাই কাম কৰিছিল। বাৰ্ধক্যইও তেওঁৰ উৎসাহক ম্লান কৰিব পৰা নাছিল। এই অভিযান বিফল হোৱা বুলি শুনি বুঢ়া মানুহজন বিধ্বস্ত হৈ পৰিল।

শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁ তাত চিকিৎসাধীন হৈ আছে। চিকিৎসালয়খনৰ পৰা সংবাদ মাধ্যমৰ আগত ৰাছিয়াৰ বিজ্ঞানীগৰাকীয়ে কয় যে, এই অভিযানে মোৰ জীৱনৰ এক বৃহৎ অংশ সামৰি লৈছিল। এই কথা মোৰ বাবে মানি লোৱাটো বৰ কঠিন। এই অভিযান সফল নহ’ল। সেই সফলতা আকৌ দেখাৰ সুযোগ নাপাবও পাৰে।''

এই ৰাছিয়ান বিজ্ঞানীজন পূৰ্বে ছোভিয়েট ইউনিয়নৰ কেইবাটাও মহাকাশ গৱেষণা আৰু অভিযানৰ সৈতে জড়িত আছিল। দীৰ্ঘদিন ধৰি চন্দ্ৰৰ লগত কাম কৰি আহিছে। এই অভিযান কিয় বিফল হ’ল, পৰ্দাৰ আঁৰত কাৰোবাৰ গাফিলতিৰ বাবে দায়ী নেকি সেই তদন্তৰ পিছত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশা কৰে মাৰোভে।

প্ৰায় পাঁচ দশকৰ পাছত ৰাছিয়াই পুনৰ চন্দ্ৰলৈ এখন মহাকাশযান প্ৰেৰণ কৰিবলৈ সাজু হৈছিল। এইবাৰ ইউৰোপীয় সংঘৰ সহায় অবিহনে সকলো নিষ্পত্তি হ’ল। ছোভিয়েট যুগত মস্কোৱে মহাকাশ গৱেষণাত পুনৰ সফলতা লাভ কৰিবলৈ চেষ্টা কৰিছিল। যোৱা ১১ আগষ্টত তেওঁলোকৰ লুনা-২৫ চন্দ্ৰৰ ফালে পাৰ হৈ গৈছিল। কিন্তু চন্দ্ৰত অৱতৰণ কৰাৰ এদিন পূৰ্বে ২০ আগষ্টত এই অভিযান বিফল হয়।

ৰাছিয়াৰ লেণ্ডাৰৰ সৈতে বিজ্ঞানীসকলৰ যোগাযোগ হেৰুৱাই পেলালে। পিছত গম পোৱা গ’ল যে লেণ্ডাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই চন্দ্ৰপৃষ্ঠত খুন্দা মাৰি বিভাজিত হৈ পৰে। এই খবৰৰ পিছতে ৰাছিয়াৰ বিজ্ঞানীজন অসুস্থ হৈ পৰে। ৰাছিয়াৰ মহাকাশ গৱেষণা সংস্থা ৰস্কোচমছৰ মতে, শনিবাৰে চন্দ্ৰত অৱতৰণ কৰাৰ পূৰ্বে লুনা-২৫-এ শেষ কক্ষপথত উপনীত হোৱাৰ কথা আছিল। কিন্তু সেই কক্ষপথ পৰিৱৰ্তন প্ৰক্ৰিয়াৰ সময়ত লেণ্ডাৰখনে ‘জৰুৰীকালীন পৰিস্থিতি’ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

বিজ্ঞানীসকলে লেণ্ডাৰখন যিখন কক্ষপথত স্থাপন কৰিব বিচাৰিছিল, সেই কক্ষপথৰ জোখ-মাখত সামান্য বিচ্যুতি ঘটিছিল। ফলত ই নিৰ্ধাৰিত কক্ষপথতকৈ অলপ আগুৱাই যায়। সেইটোৱেই সমস্যা। ৯০ বছৰীয়া মাৰ্ভৰো ৰস্কোচমছৰ সৈতে জড়িত আছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু