--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৩ আগষ্টত ভাৰতৰ চন্দ্ৰযান-৩ৰ সুস্থিৰ অৱতৰণৰ পূৰ্বে ইয়াৰ লেণ্ডাৰত সংস্থাপন কৰা কেমেৰাটোৱে চন্দ্ৰৰ ফটো সংগ্ৰহ কৰিছে। ইছৰ’ই এটা চুটি ভিডিঅ’ৰ জৰিয়তে টুইট কৰি ‘লেণ্ডাৰ ইমেজাৰ কেমেৰা ৪’ৰ পৰা লোৱা ছবিসমূহ মুকলি কৰিছে।

ভিডিঅ’টোত চন্দ্ৰৰ পৃষ্ঠভাগ অতি উজ্জ্বল হোৱা দেখা গৈছে, য’ত বহু ঠাইত ক্ৰেটাৰো দেখা গৈছে। ইছৰ’ৰ তথ্য অনুসৰি এই ছবিসমূহ দেওবাৰে (২০ আগষ্ট, ২০২৩) তোলা হৈছে।উল্লেখ্য যে চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব। এয়া ভাৰতৰ তৃতীয় চন্দ্ৰ অভিযান, যাৰ ওপৰত সমগ্ৰ বিশ্বৰ চকু কেন্দ্ৰীভূত হৈ আছে কাৰণ ইয়াৰ পূৰ্বে ২০ আগষ্ট দেওবাৰে ৰাছিয়াৰ চন্দ্ৰ অভিযান ‘লুনা-২৫’ দুৰ্ঘটনাৰ বাবে বিফল হৈছিল। সেইখন যানৰো উদ্দেশ্য দক্ষিণ মেৰুত অৱতৰণেই আছিল। চন্দ্ৰৰ এই অংশত এতিয়ালৈকে কোনো দেশ উপস্থিত হ’ব পৰা নাই। যদি চন্দ্ৰযান-৩ৰ সুস্থিৰ অৱতৰণ সফল হয়, তেন্তে দক্ষিণ মেৰুত অৱতৰণৰ ক্ষেত্ৰত এই কৃতিত্ব অৰ্জন কৰা ভাৰত প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ব।

ইছৰ’ৰ মুৰব্বী এছ সোমনাথে কয় যে বৰ্তমান সকলো কাম সঠিকভাৱে চলি আছে। নিৰ্ধাৰিত সময়ত চন্দ্ৰযান-৩ৰ অৱতৰণক লৈ তেওঁ আশাবাদী। টি অ’ আইৰ সৈতে হোৱা বাৰ্তালাপত ইছৰ’ৰ মুৰব্বী সোমনাথে কয় যে চন্দ্ৰযান-৩ৰ এই যাত্ৰাত এতিয়ালৈকে একো হোৱা বিঘিনি হোৱা নাই আৰু হোৱাৰ সম্ভাৱনাও ক্ষীণ।লগতে তেওঁ কয় যে এতিয়ালৈকে যানখনৰ সকলো ব্যৱস্থাই ইছৰ’ৰ প্ৰয়োজনীয়তা অনুসৰি কাম কৰিছে তথা তেওঁলোক সকলো যানখনৰ অৱতৰণক লৈ আশাবাদী৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক