--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৩ আগষ্টত ভাৰতৰ চন্দ্ৰযান-৩ৰ সুস্থিৰ অৱতৰণৰ পূৰ্বে ইয়াৰ লেণ্ডাৰত সংস্থাপন কৰা কেমেৰাটোৱে চন্দ্ৰৰ ফটো সংগ্ৰহ কৰিছে। ইছৰ’ই এটা চুটি ভিডিঅ’ৰ জৰিয়তে টুইট কৰি ‘লেণ্ডাৰ ইমেজাৰ কেমেৰা ৪’ৰ পৰা লোৱা ছবিসমূহ মুকলি কৰিছে।

ভিডিঅ’টোত চন্দ্ৰৰ পৃষ্ঠভাগ অতি উজ্জ্বল হোৱা দেখা গৈছে, য’ত বহু ঠাইত ক্ৰেটাৰো দেখা গৈছে। ইছৰ’ৰ তথ্য অনুসৰি এই ছবিসমূহ দেওবাৰে (২০ আগষ্ট, ২০২৩) তোলা হৈছে।উল্লেখ্য যে চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব। এয়া ভাৰতৰ তৃতীয় চন্দ্ৰ অভিযান, যাৰ ওপৰত সমগ্ৰ বিশ্বৰ চকু কেন্দ্ৰীভূত হৈ আছে কাৰণ ইয়াৰ পূৰ্বে ২০ আগষ্ট দেওবাৰে ৰাছিয়াৰ চন্দ্ৰ অভিযান ‘লুনা-২৫’ দুৰ্ঘটনাৰ বাবে বিফল হৈছিল। সেইখন যানৰো উদ্দেশ্য দক্ষিণ মেৰুত অৱতৰণেই আছিল। চন্দ্ৰৰ এই অংশত এতিয়ালৈকে কোনো দেশ উপস্থিত হ’ব পৰা নাই। যদি চন্দ্ৰযান-৩ৰ সুস্থিৰ অৱতৰণ সফল হয়, তেন্তে দক্ষিণ মেৰুত অৱতৰণৰ ক্ষেত্ৰত এই কৃতিত্ব অৰ্জন কৰা ভাৰত প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ব।

ইছৰ’ৰ মুৰব্বী এছ সোমনাথে কয় যে বৰ্তমান সকলো কাম সঠিকভাৱে চলি আছে। নিৰ্ধাৰিত সময়ত চন্দ্ৰযান-৩ৰ অৱতৰণক লৈ তেওঁ আশাবাদী। টি অ’ আইৰ সৈতে হোৱা বাৰ্তালাপত ইছৰ’ৰ মুৰব্বী সোমনাথে কয় যে চন্দ্ৰযান-৩ৰ এই যাত্ৰাত এতিয়ালৈকে একো হোৱা বিঘিনি হোৱা নাই আৰু হোৱাৰ সম্ভাৱনাও ক্ষীণ।লগতে তেওঁ কয় যে এতিয়ালৈকে যানখনৰ সকলো ব্যৱস্থাই ইছৰ’ৰ প্ৰয়োজনীয়তা অনুসৰি কাম কৰিছে তথা তেওঁলোক সকলো যানখনৰ অৱতৰণক লৈ আশাবাদী৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু