--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তৰ্জাতিক চাপত পৰি ৰাছিয়া কিছু পৰিমাণে সংযত হৈছে। মস্কো সেনাই পূৱ ইউক্ৰেইন এৰি খাৰকিভ আৰু কিয়েভ চহৰক এতিয়া লক্ষ্য কৰি লৈছে। সোমবাৰে ৰাতিপুৱা স্থানীয় লোকসকলে পূৱ ইউক্ৰেইনৰ ক্ৰেমেনচুক চহৰৰ মাজভাগত থকা এখন শ্বপিং মলত ঘৰুৱা সামগ্ৰী কিনিবলৈ একত্ৰিত হৈছিল। বজাৰ ইতিমধ্যে আৰম্ভ হৈছিল। ঠিক তেতিয়াই, ৰাছিয়াৰ মিছাইলে আঘাত কৰিছিল মলটোক। মুহূৰ্ততে গোটেই শ্বপিং মলটো জ্বলি উঠিল। মলটোৰ এখনৰ পাছত আন এখন দেৱাল তাচৰ ঘৰৰ দৰে ভাঙি পৰিছিল। স্থানীয় লোকসকলৰ মতে, সেই সময়ত শ্বপিং মলত কমেও এহেজাৰ লোক আছিল। 

এক তথ্য অনুসৰি ১০ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। কমেও ৪০ জন আহত। অৱশ্যে, ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা একাধিক ভিডিঅ'ত জ্বলি থকা মলটোৰ ভয়ংকৰ ছবি দেখা গৈছে, একাধিক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি হতাহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে।  একেদিনাই ইউক্ৰেইনৰ কৰ্তৃপক্ষই দাবী কৰে যে মাৰিয়পোলত ৰাছিয়াৰ আক্ৰমণত ধ্বংস হোৱা এটা ঘৰৰ পৰা ১০০ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে ক্ৰেমেনচুক মলত আক্ৰমণৰ এটা ভিডিঅ' পোষ্ট কৰি ৰাছিয়াক কঠোৰ ভাষাত গৰিহণা দিছিল। তেওঁ কয়, "অগ্নিনিৰ্বাপক বাহিনীয়ে নিজৰ জীৱনৰ কথা নাভাবি মলত জুই নুমুৱাবলৈ চেষ্টা কৰি আছে। আন এটা টুইটত ক্ৰেমেনচুক চহৰৰ মেয়ৰ ভিটালি মেইলস্কিয়েও শ্বপিং মলত মিছাইল আক্ৰমণৰ কথা নিশ্চিত কৰিছে। ইউক্ৰেইনৰ মেয়ৰ ৰোমান ৰিচুকে আক্ৰমণৰ আগতে আৰু পিছত মলটোৰ এখন ফটোৰ সৈতে টুইট কৰিছিল: "স্থানীয় লোকে কমেও চাৰিবাৰ বিস্ফোৰণৰ শব্দ শুনিছে।  মই ইয়াক সন্ত্ৰাসবাদী আক্ৰমণ বুলিয়েই কম। তেনেক্ষেত্ৰত ৰাছিয়া হব সন্ত্ৰাসবাদীৰ দেশ।

ইউক্ৰেইনৰ ৰাজধানী কিয়েভতো আক্ৰমণ আৰম্ভ হৈছে। জেলেনস্কি প্ৰশাসনে কৈছিল যে এটা দীৰ্ঘ দূৰত্বৰ পৰা ৰাছিয়ান মিছাইলে দেওবাৰে কিয়েভৰ কমেও দুটা বাসগৃহত আঘাত কৰিছিল। অৱশ্যে, মস্কোৱে দাবী কৰিছে যে ইউক্ৰেইনৰ সেনাই ভুলবশতঃ কিয়েভ আক্ৰমণ কৰিছিল। ক্ৰেমেনচুক চহৰৰ মলত হোৱা আক্ৰমণৰ বিষয়ে সোমবাৰে নিশালৈকে মস্কোৱে মুখ খোলা নাছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি