--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহ আৰু কুকুৰৰ সম্পৰ্ক অতি মধুৰ। গৰাকীৰ প্ৰতি অতি নিষ্ঠাৱান হোৱা বাবে কুকুৰক প্ৰভুভক্ত বুলি কোৱা হয়। গৰাকীৰ মৃত্যুৰ পাছত বছৰ বছৰ ধৰি ৰে’ল ষ্টেচনত মালিকৰ বাবে অপেক্ষা কৰি থকা জাপানৰ নিষ্ঠাবান কুকুৰ হাচিকোৰ হৃদয়বিদাৰক কাহিনীটো মনত আছেনে? দশক দশক ধৰি এই কাহিনীয়ে প্ৰমাণ কৰি আহিছে যে কুকুৰ সঁচাকৈয়ে ‘মানুহৰ বেষ্ট ফ্ৰেণ্ড’ উপাধিটোৰ যোগ্য। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আফগানিস্তানৰ এটা কুকুৰৰ কাহিনী। আমি একেবাৰে নিশ্চিত যে কুকুৰটোৰ কাহিনীয়ে আপোনাৰো মন সেমেকাই তুলিব।

যোৱা বুধবাৰে পুৱা পূব আফগানিস্তানৰ গ্ৰাম্য, পাহাৰীয়া অঞ্চলত হোৱা প্ৰবল ভূমিকম্পত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক আহত হয়। ৬.১ প্ৰাবল্যৰ এই ধ্বংসাত্মক ভূমিকম্পত বহু ঘৰ-দুৱাৰো বিধ্বস্ত হৈ পৰে। এনে বহু ধ্বংসপ্ৰাপ্ত ঘৰ আৰু আশ্ৰয়হীন পৰিয়ালৰ মাজত মানুহে লক্ষ্য কৰিছে যে এটা কুকুৰে নিয়মিতভাৱে এটা নিৰ্দিষ্ট ঠাইলৈ গৈ কিবা এটা বিচাৰি থাকে।



উল্লেখ্য যে এই কুকুৰটোৰ ঘৰৰ প্ৰতিজন ব্যক্তিয়েই ভূমিকম্পত নিহত হৈছিল। কেনেবাকৈ প্ৰাণ ৰক্ষা পৰিছিল কুকুৰটোৰ। ওচৰ-চুবুৰীয়াই কুকুৰটোৰ চোৱা-চিতা কৰি আছে যদিও ভূমিকম্পত ভাঙি চূৰমাৰ হোৱা ঘৰটোলৈ ঘূৰি আহি সদায় কান্দি থাকে কুকুৰটোৱে। ঘৰৰ মানুহক বিচাৰি হাহাকাৰ কৰে কুকুৰটোৱে। মালিকক বিচাৰি হাহাকাৰ কৰি থকা কুকুৰটোৰ হৃদয়বিদাৰক ফটোখনে সকলোকে আৱেগিক কৰি তুলিছে। বৰ্তমান বহুতে স্বেচ্ছাই কুকুৰটোৰ দায়িত্ব ল'ম বুলি আগবাঢ়ি আহিছে। কিছুমানে মন্তব্য কৰিছে যে কুকুৰটোৱে যাতে পুনৰ আগৰ মালিকৰ দৰেই মৰমীয়াল আৰু যত্নৱান মালিক বিচাৰি পায়। 

আনহাতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় যে আফগানিস্তানৰ জনসাধাৰণক সহায় কৰিবলৈ ভাৰতে কাবুললৈ দ্বিতীয়টো সাহায্য প্ৰেৰণ কৰিছে। ভাৰতে কাবুললৈ প্ৰেৰণ কৰা সাহায্যত অত্যাৱশ্যকীয় সকলোখিনি সামগ্ৰীয়ে আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি