--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত দীৰ্ঘদিনীয়া যুদ্ধত কেৰালাৰ এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে তেওঁৰ আত্মীয়ও গুৰুতৰভাৱে আহত হৈছে। নিহত লোকজনৰ নাম বিনিল টিবি । বিনিল টিবি কেৰালাৰ থ্ৰিছুৰ জিলাৰ ৱাডাক্কানচেৰীৰ বাসিন্দা আছিল। আহত ব্যক্তিজন জৈন টি কে বুলি চিনাক্ত কৰা হৈছে, সেইজনো একে অঞ্চলৰ।

কিছুদিন পূৰ্বে বিনিলৰ পৰিয়ালে ড্ৰ’ন আক্ৰমণত দুজন লোক আহত হোৱাৰ তথ্য লাভ কৰিছিল যদিও পৰিয়ালৰ লোকে তেওঁলোকৰ ওচৰলৈ যাব পৰা নাছিল।

বিনিল আৰু জৈনৰ আত্মীয় শনিছে সংবাদ মাধ্যমত জনোৱা মতে, ‘‘বিনিলৰ পত্নী জোছিয়ে মস্কোত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগত আছে আৰু এই তথ্য লাভ কৰিছে। তেওঁক বিষয়াসকলে জনাইছিল যে বিনিলৰ মৃত্যু হৈছে আৰু ৰাছিয়াৰ সেনাই তেওঁক এই তথ্য দিছে।”

যোৱা কেইমাহমানৰ পৰা বিনীল আৰু জৈনে ঘৰলৈ উভতি যাবলৈ অশেষ চেষ্টা কৰি আছিল। মাত্ৰ যোৱা মাহত বিনিলে দ্য ইণ্ডিয়ান এক্সপ্ৰেছলৈ কেইবাটাও ভইচ মেছেজ প্ৰেৰণ কৰিছিল। বিনিলে কৈছিল যে ছেপ্টেম্বৰৰ পৰা তেওঁ ঘৰলৈ উভতি যাবলৈ চেষ্টা কৰিছিল আৰু মস্কোত থকা ভাৰতীয় দূতাবাসক কাতৰ অনুৰোধ জনাইছিল যদিও কোনো ফল পোৱা নাছিল।

কেৰালাত ইলেক্ট্ৰিচিয়ান হিচাপে কাম কৰা বিনিলে কয়, ‘আমি মানসিক আৰু শাৰীৰিকভাৱে ক্লান্ত হৈ পৰিছো। আমি ইউক্ৰেইনৰ ৰাছিয়ান দখলত থকা অংশত আছো। আমাৰ কমাণ্ডাৰে কয় যে চুক্তিখন এবছৰৰ আছিল। আমাৰ মুক্তিৰ বাবে স্থানীয় সেনাপতিসকলক আমি আহ্বান জনাইছো। ভাৰতীয় দূতাবাসৰ মতে, ৰাছিয়ান সেনাই আমাক মুকলি কৰি নিদিয়ালৈকে তেওঁলোকে আমাক সহায় কৰিব নোৱাৰে। দূতাবাসে কয় যে আমাক ৰাছিয়াৰ ভূখণ্ডলৈ ঘূৰাই অনা উচিত।”

ৰাছিয়াৰ সেনাৰ বাবে যুঁজি মৃত্যু হোৱা কেৰালাৰ দ্বিতীয়জন ব্যক্তি বিলিন। সামৰিক সহায়ক কৰ্মচাৰীৰ চাকৰিৰ বাবে তেওঁক ৰাছিয়ান সেনাবাহিনীত নিযুক্তি দিয়া হৈছিল। যোৱা বছৰৰ আগষ্ট মাহত সন্দীপ নামৰ এজন লোকৰো ড্ৰ’ন আক্ৰমণত মৃত্যু হৈছিল। সন্দীপ থ্ৰিছুৰৰ বাসিন্দা আছিল।

যোৱা বছৰৰ এপ্ৰিল মাহত ৰাছিয়ালৈ যোৱা ভাৰতীয় যুৱকসকলৰ ভিতৰত বিনিল আৰু জৈনে সামৰিক সহায়ক কৰ্মচাৰীত ইলেক্ট্ৰিচিয়ান, ৰান্ধনী, প্লাম্বাৰ আৰু চালক হিচাপে কাম কৰাৰ আশা কৰিছিল। কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকৰ পৰা তেওঁলোকৰ ভাৰতীয় পাছপ’ৰ্ট কাঢ়ি লোৱা হ’ল। তেওঁলোকে স্থায়ী বাসিন্দা হ’বলৈ বাধ্য হৈছিল, ৰাছিয়াৰ সেনাবাহিনীত নামভৰ্তি কৰিবলৈ আৰু যুদ্ধত ফ্ৰণ্টলাইনত সেৱা আগবঢ়াবলৈ বাধ্য হৈছিল।

যোৱা কেইমাহমানৰ পৰা আমি তেওঁলোকক ঘূৰাই অনাৰ চেষ্টা কৰি আহিছো।’-অনাবাসী কেৰালাইট বিষয়ক ৰাজ্য চৰকাৰৰ সংস্থা NORKA ROOTSৰ মুখ্য কাৰ্যবাহী বিষয়া অজিত কোলাছেৰীয়ে কয়। কেৰালাৰ পৰা কিমানজন লোক এতিয়াও ৰাছিয়ান সেনাবাহিনীত আবদ্ধ হৈ আছে আমি নাজানো। তেওঁ কয় যে এইসকল লোকে কিবা অসুবিধাত আমাক ফোন কৰিলেই আমি এনে ঘটনাৰ তথ্য পাওঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ