--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব ছবিজগতৰ বাবে এক উল্লেখযোগ্য বঁটা হ’ল অস্কাৰ বঁটা। অস্কাৰ বঁটাৰ সন্মানেৰে সন্মানিত হোৱাৰ সপোন মনোৰঞ্জন জগতৰ লগত জড়িত থকা প্ৰত্যেক ব্যক্তিয়ে দেখি আহিছে।

একাডেমী বঁটা, যাক আমি অস্কাৰ বুলি জানো, এই অস্কাৰক বিশ্বৰ মনোৰঞ্জন উদ্যোগৰ আটাইতকৈ সন্মানীয় আৰু গুৰুত্বপূৰ্ণ বঁটা বুলি বিবেচনা কৰা হয়। ‘একাডেমী অফ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সেছ’ চমুকৈ এএমপিএএছৰ দ্বাৰা প্ৰতি বছৰি এই বঁটা প্ৰদান কৰা হয়। 

১৯২৯ চনত স্থাপিত অস্কাৰত শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰী আৰু শ্ৰেষ্ঠ মূল চিত্ৰনাট্যকে ধৰি বিভিন্ন শ্ৰেণী বা শাখাত স্বীকৃতি দিয়া হয়।

যুদ্ধ, অৰ্থনৈতিক সমস্যাৰ পৰা মহামাৰীলৈকে ধৰি বিভিন্ন প্ৰতিঘাতৰ মাজতো এই অনুষ্ঠান অবিচলভাৱে অনুষ্ঠিত হৈ আহিছে। কিন্তু ২০২৫ চনৰ ২ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৯৭ সংখ্যক অস্কাৰ অনুষ্ঠানটোয়ে এক অভূতপূৰ্ব পৰিস্থিতিৰ সন্মুখীন হৈছে। লছ এঞ্জেলছৰ বিধ্বংসী বনজুইৰ ফলত প্ৰথমবাৰৰ বাবে এইবাৰ অস্কাৰ বাতিল হোৱাৰ সম্ভাৱনাৰ কথা প্ৰকাশ পাইছে।

বনজুইৰ পৰিস্থিতিক লৈ এতিয়াও একাডেমীয়ে কোনো ধৰনৰ চূড়ান্ত সিদ্ধান্ত ল’ব পৰা নাই। তথাপিও, পৰিস্থিতি নিয়ন্ত্ৰণৰ ওপৰত নিৰ্ভৰ কৰি অনুষ্ঠানৰ ভাগ্য নিৰ্ধাৰণ কৰা হ’ব বুলি আশা পুহি ৰখা হৈছে।

লছ এঞ্জেলছৰ এই বিধ্বংসী বনজুইয়ে চহৰখনত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এতিয়ালৈকে ২৪ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু হাজাৰ হাজাৰ ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে। ধবংস হৈছে স্থাৱৰ সম্পদসমূহ। এই সময়ত চহৰবাসী যিহেতু কঠিন সময়ৰ সন্মুখীন হৈছে, সেইবাবে অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা যাবনে নাই তাকে লৈ একাডেমী উদ্বিগ্ন হৈ পৰিছে। 

ইতিমধ্যে ক্ৰিটিকছ চয়ছ এৱাৰ্ড আৰু ব্ৰিটিছ একাডেমী ফিল্ম এণ্ড টেলিভিছন আৰ্টছৰ কেইবাটাও অনুষ্ঠান পিছুৱাব লগা হৈছে। লগতে অস্কাৰৰ মনোনয়ন ভোটদানৰ সময়সীমাও বৃদ্ধি কৰা হৈছে।

অস্কাৰ অনুষ্ঠানৰ আগতেও সালসলনি ঘটিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ক্ষুদ্ৰ পৰিসৰত অনুষ্ঠান সম্পন্ন হৈছিল। ২০২১ চনৰ ক’ভিড মহামাৰীত সামাজিক দূৰত্বৰ নিয়ম মানি সীমিত মানুহৰ উপস্থিতিত অস্কাৰ অনুষ্ঠিত হৈছিল। এতিয়াও পৰিস্থিতি অনুকূল হ’লে একাডেমীয়ে অনুষ্ঠানটো সঠিক সময়ত সম্পন্ন কৰাৰ প্ৰচেষ্টা কৰিব।

এই সংকটৰ সময়ত একাডেমীৰ মূল লক্ষ্য হৈছে লছ এঞ্জেলছবাসীৰ বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়োৱাত গুৰুত্ব আৰোপ কৰা। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক