--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব ছবিজগতৰ বাবে এক উল্লেখযোগ্য বঁটা হ’ল অস্কাৰ বঁটা। অস্কাৰ বঁটাৰ সন্মানেৰে সন্মানিত হোৱাৰ সপোন মনোৰঞ্জন জগতৰ লগত জড়িত থকা প্ৰত্যেক ব্যক্তিয়ে দেখি আহিছে।

একাডেমী বঁটা, যাক আমি অস্কাৰ বুলি জানো, এই অস্কাৰক বিশ্বৰ মনোৰঞ্জন উদ্যোগৰ আটাইতকৈ সন্মানীয় আৰু গুৰুত্বপূৰ্ণ বঁটা বুলি বিবেচনা কৰা হয়। ‘একাডেমী অফ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সেছ’ চমুকৈ এএমপিএএছৰ দ্বাৰা প্ৰতি বছৰি এই বঁটা প্ৰদান কৰা হয়। 

১৯২৯ চনত স্থাপিত অস্কাৰত শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰী আৰু শ্ৰেষ্ঠ মূল চিত্ৰনাট্যকে ধৰি বিভিন্ন শ্ৰেণী বা শাখাত স্বীকৃতি দিয়া হয়।

যুদ্ধ, অৰ্থনৈতিক সমস্যাৰ পৰা মহামাৰীলৈকে ধৰি বিভিন্ন প্ৰতিঘাতৰ মাজতো এই অনুষ্ঠান অবিচলভাৱে অনুষ্ঠিত হৈ আহিছে। কিন্তু ২০২৫ চনৰ ২ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৯৭ সংখ্যক অস্কাৰ অনুষ্ঠানটোয়ে এক অভূতপূৰ্ব পৰিস্থিতিৰ সন্মুখীন হৈছে। লছ এঞ্জেলছৰ বিধ্বংসী বনজুইৰ ফলত প্ৰথমবাৰৰ বাবে এইবাৰ অস্কাৰ বাতিল হোৱাৰ সম্ভাৱনাৰ কথা প্ৰকাশ পাইছে।

বনজুইৰ পৰিস্থিতিক লৈ এতিয়াও একাডেমীয়ে কোনো ধৰনৰ চূড়ান্ত সিদ্ধান্ত ল’ব পৰা নাই। তথাপিও, পৰিস্থিতি নিয়ন্ত্ৰণৰ ওপৰত নিৰ্ভৰ কৰি অনুষ্ঠানৰ ভাগ্য নিৰ্ধাৰণ কৰা হ’ব বুলি আশা পুহি ৰখা হৈছে।

লছ এঞ্জেলছৰ এই বিধ্বংসী বনজুইয়ে চহৰখনত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এতিয়ালৈকে ২৪ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু হাজাৰ হাজাৰ ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে। ধবংস হৈছে স্থাৱৰ সম্পদসমূহ। এই সময়ত চহৰবাসী যিহেতু কঠিন সময়ৰ সন্মুখীন হৈছে, সেইবাবে অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা যাবনে নাই তাকে লৈ একাডেমী উদ্বিগ্ন হৈ পৰিছে। 

ইতিমধ্যে ক্ৰিটিকছ চয়ছ এৱাৰ্ড আৰু ব্ৰিটিছ একাডেমী ফিল্ম এণ্ড টেলিভিছন আৰ্টছৰ কেইবাটাও অনুষ্ঠান পিছুৱাব লগা হৈছে। লগতে অস্কাৰৰ মনোনয়ন ভোটদানৰ সময়সীমাও বৃদ্ধি কৰা হৈছে।

অস্কাৰ অনুষ্ঠানৰ আগতেও সালসলনি ঘটিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ক্ষুদ্ৰ পৰিসৰত অনুষ্ঠান সম্পন্ন হৈছিল। ২০২১ চনৰ ক’ভিড মহামাৰীত সামাজিক দূৰত্বৰ নিয়ম মানি সীমিত মানুহৰ উপস্থিতিত অস্কাৰ অনুষ্ঠিত হৈছিল। এতিয়াও পৰিস্থিতি অনুকূল হ’লে একাডেমীয়ে অনুষ্ঠানটো সঠিক সময়ত সম্পন্ন কৰাৰ প্ৰচেষ্টা কৰিব।

এই সংকটৰ সময়ত একাডেমীৰ মূল লক্ষ্য হৈছে লছ এঞ্জেলছবাসীৰ বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়োৱাত গুৰুত্ব আৰোপ কৰা। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ