--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিংগাপুৰত অৱতৰণ কৰাৰ লগে লগে ছিংগাপুৰৰ আগশাৰীৰ ৰিয়েল এষ্টেট গ্ৰুপে ২০২৮ চনৰ ভিতৰত ভাৰতত বিনিয়োগ দুগুণ কৰাৰ কথা ঘোষণা কৰিছে। এছিয়াৰ সৰ্ববৃহৎ বৈচিত্ৰ্যপূৰ্ণ ৰিয়েল এষ্টেট গ্ৰুপ ছিংগাপুৰৰ কেপিটালেণ্ডে অহা চাৰি বছৰত ভাৰতত ৪৫,০০০ কোটি টকা বিনিয়োগ কৰিব বুলি প্ৰকাশ কৰিছে আৰু ইয়াৰ  পিছতেই ভাৰতত গ্ৰুপটোৰ মুঠ বিনিয়োগ ৯০,২৮০ কোটি টকালৈ বৃদ্ধি পাব ৷

কেপিটালেণ্ড ইনভেষ্টমেণ্টে জনায় যে, ২০২৮ চনৰ ভিতৰত ভাৰতত ‘ফাণ্ড আন্দাৰ মেনেজমেন্ট’ৰ অধীনত থকা ধন দুগুণ হ’ব, যিটো ২০২৪ চনৰ ৩০ জুনলৈকে আছিল ৭.৪ বিলিয়ন ডলাৰ বা ৪৫৮.৮ বিলিয়ন টকা আছিল। কোম্পানীটোৱে কয় যে এই সিদ্ধান্তই কেপিটালেণ্ড ইনভেষ্টমেণ্টে ২০২৮ চনৰ ভিতৰত ‘ফাণ্ড আন্দাৰ মেনেজমেন্ট’ৰ অধীনত থকা ২০০ বিলিয়ন ডলাৰৰ পুঁজিৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। ভাৰতত খোপনি পুতাৰ ৩০ বছৰীয়া জয়ন্তী উপলক্ষে কোম্পানীটোৱে এই ঘোষণা কৰিছে। ভাৰতৰ অৰ্থনৈতিক বিকাশৰ গতিক লৈ কেপিটালেণ্ড ইনভেষ্টমেণ্টে অত্যন্ত ইতিবাচক আৰু সম্প্ৰসাৰণৰ দিশত আগবাঢ়িছে।


ভাৰতত থকা ছিংগাপুৰৰ উচ্চায়ুক্ত ছাইমন ৱঙে কেপিটালেণ্ড ইনভেষ্টমেণ্টৰ এই বিনিয়োগৰ তথ্য ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে। তেওঁ নিজৰ পোষ্টত লিখিছে যে ছিংগাপুৰৰ কোম্পানীসমূহে ভাৰতত বিনিয়োগ দুগুণ বৃদ্ধি কৰাৰ খবৰ শুনি আনন্দিত অনুভৱ কৰিছো ।


কেপিটালেণ্ড ইনভেষ্টমেণ্টছৰ মুখ্য কাৰ্যবাহী বিষয়া লি ছি কুনে কয় যে, ভাৰত আমাৰ বাবে এক কৌশলগত বজাৰ আৰু কেপিটালেণ্ড ইনভেষ্টমেণ্টছৰ সামগ্ৰিক ব্যৱসায়ত ই মূল অৱদানকাৰী। তেওঁ কয়, ‘ভাৰত আমাৰ বাবে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বজাৰ য’ত যোৱা সাত বছৰত আমাৰ বিনিয়োগ তিনিগুণ বৃদ্ধি পাইছে। তেওঁ কয়, ২০২৮ চনত ভাৰতৰ জিডিপি ৭ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে আৰু আগন্তুক পাঁচ বছৰত ভাৰতৰ অৰ্থনীতি বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’ব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ