--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিংগাপুৰত অৱতৰণ কৰাৰ লগে লগে ছিংগাপুৰৰ আগশাৰীৰ ৰিয়েল এষ্টেট গ্ৰুপে ২০২৮ চনৰ ভিতৰত ভাৰতত বিনিয়োগ দুগুণ কৰাৰ কথা ঘোষণা কৰিছে। এছিয়াৰ সৰ্ববৃহৎ বৈচিত্ৰ্যপূৰ্ণ ৰিয়েল এষ্টেট গ্ৰুপ ছিংগাপুৰৰ কেপিটালেণ্ডে অহা চাৰি বছৰত ভাৰতত ৪৫,০০০ কোটি টকা বিনিয়োগ কৰিব বুলি প্ৰকাশ কৰিছে আৰু ইয়াৰ  পিছতেই ভাৰতত গ্ৰুপটোৰ মুঠ বিনিয়োগ ৯০,২৮০ কোটি টকালৈ বৃদ্ধি পাব ৷

কেপিটালেণ্ড ইনভেষ্টমেণ্টে জনায় যে, ২০২৮ চনৰ ভিতৰত ভাৰতত ‘ফাণ্ড আন্দাৰ মেনেজমেন্ট’ৰ অধীনত থকা ধন দুগুণ হ’ব, যিটো ২০২৪ চনৰ ৩০ জুনলৈকে আছিল ৭.৪ বিলিয়ন ডলাৰ বা ৪৫৮.৮ বিলিয়ন টকা আছিল। কোম্পানীটোৱে কয় যে এই সিদ্ধান্তই কেপিটালেণ্ড ইনভেষ্টমেণ্টে ২০২৮ চনৰ ভিতৰত ‘ফাণ্ড আন্দাৰ মেনেজমেন্ট’ৰ অধীনত থকা ২০০ বিলিয়ন ডলাৰৰ পুঁজিৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। ভাৰতত খোপনি পুতাৰ ৩০ বছৰীয়া জয়ন্তী উপলক্ষে কোম্পানীটোৱে এই ঘোষণা কৰিছে। ভাৰতৰ অৰ্থনৈতিক বিকাশৰ গতিক লৈ কেপিটালেণ্ড ইনভেষ্টমেণ্টে অত্যন্ত ইতিবাচক আৰু সম্প্ৰসাৰণৰ দিশত আগবাঢ়িছে।


ভাৰতত থকা ছিংগাপুৰৰ উচ্চায়ুক্ত ছাইমন ৱঙে কেপিটালেণ্ড ইনভেষ্টমেণ্টৰ এই বিনিয়োগৰ তথ্য ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে। তেওঁ নিজৰ পোষ্টত লিখিছে যে ছিংগাপুৰৰ কোম্পানীসমূহে ভাৰতত বিনিয়োগ দুগুণ বৃদ্ধি কৰাৰ খবৰ শুনি আনন্দিত অনুভৱ কৰিছো ।


কেপিটালেণ্ড ইনভেষ্টমেণ্টছৰ মুখ্য কাৰ্যবাহী বিষয়া লি ছি কুনে কয় যে, ভাৰত আমাৰ বাবে এক কৌশলগত বজাৰ আৰু কেপিটালেণ্ড ইনভেষ্টমেণ্টছৰ সামগ্ৰিক ব্যৱসায়ত ই মূল অৱদানকাৰী। তেওঁ কয়, ‘ভাৰত আমাৰ বাবে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বজাৰ য’ত যোৱা সাত বছৰত আমাৰ বিনিয়োগ তিনিগুণ বৃদ্ধি পাইছে। তেওঁ কয়, ২০২৮ চনত ভাৰতৰ জিডিপি ৭ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে আৰু আগন্তুক পাঁচ বছৰত ভাৰতৰ অৰ্থনীতি বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’ব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক