--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হায়দৰাবাদ লোকসভা সমষ্টিৰ সাংসদ তথা অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলীমিন, চমুকৈ এআইএমআইএমৰ সভাপতি আছাদুদ্দিন ওৱেছীৰ গাড়ীলৈ গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছে৷ ওৱেচীয়ে অভিযোগ কৰিছে যে উত্তৰ প্ৰদেশৰ মিৰাটত নিৰ্বাচনী প্ৰচাৰ চলাই নতুন দিল্লীলৈ উভতি গৈ থকাৰ সময়ত তেওঁৰ গাড়ীত গুলীচালনা কৰা হৈছিল। অৱশ্যে, এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও তেওঁৰ বাহন ক্ষতিগ্ৰস্ত হৈছে বুলি তেওঁ সদৰি কৰিছে৷ ঘটনাটো পশ্চিম উত্তৰ প্ৰদেশৰ হাপুৰৰ দিল্লীৰ ওচৰৰ এটা টোল প্লাজাত সংঘটিত হৈছে বুলি জানিব পৰা গৈছে৷ গুলীওৱা লোকসকলে তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ এৰি পলাই যায় বুলি মন্তব্য হায়দৰাবাদৰ সাংসদগৰাকীৰ৷ তেওঁ কয়, মই মিৰাটৰ কিথাউৰত এক নিৰ্বাচনী অনুষ্ঠানৰ পিছত দিল্লীলৈ ৰাওনা হৈছিলোঁ। ছজাৰচি টোল প্লাজাৰ ওচৰত দুজন লোকে মোৰ বাহনৰ ওপৰত তিনিৰ পৰা চাৰি ৰাউণ্ড গুলীচালনা কৰিছিল, দলটোত মুঠ ৩-৪জন লোক আছিল৷ টোলপ্লাজাৰ পৰা ওৱেচীয়ে টুইট কৰা ভিজুৱেলবোৰত তেওঁৰ বগা এছইউভিখনত দুটা বুলেটৰ ছিদ্ৰ দেখা গৈছিল৷ তৃতীয়টো গুলীয়ে বাহনখনৰ টায়াৰ ফুটাইছে বুলি জানিব পৰা গৈছে৷ উক্ত ঘটনাৰ পাছতে সাংসদজনে আন এখন গাড়ীৰে ঘটনাস্থলীৰ পৰা ৰাওনা হয়৷ উল্লেখযোগ্যে যে, এআইএমআইএম নেতাজনে ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিতব্য উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে মিৰাটত এখন ৰাজহুৱা সভা সম্বোধন কৰিছিল। বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ এসপ্তাহ বাকী থকা অৱস্থাত সাংসদ আছাদুদ্দিন ওৱেছীৰ বাহনত গুলীচালনাৰ ঘটনাই ৰাজ্যখনৰ নিৰ্বাচনী প্ৰেক্ষাপটত প্ৰভাৱ পেলোৱাৰ লগতে দেশৰ ৰাজনীতিতো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ