--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হায়দৰাবাদ লোকসভা সমষ্টিৰ সাংসদ তথা অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলীমিন, চমুকৈ এআইএমআইএমৰ সভাপতি আছাদুদ্দিন ওৱেছীৰ গাড়ীলৈ গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছে৷ ওৱেচীয়ে অভিযোগ কৰিছে যে উত্তৰ প্ৰদেশৰ মিৰাটত নিৰ্বাচনী প্ৰচাৰ চলাই নতুন দিল্লীলৈ উভতি গৈ থকাৰ সময়ত তেওঁৰ গাড়ীত গুলীচালনা কৰা হৈছিল। অৱশ্যে, এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও তেওঁৰ বাহন ক্ষতিগ্ৰস্ত হৈছে বুলি তেওঁ সদৰি কৰিছে৷ ঘটনাটো পশ্চিম উত্তৰ প্ৰদেশৰ হাপুৰৰ দিল্লীৰ ওচৰৰ এটা টোল প্লাজাত সংঘটিত হৈছে বুলি জানিব পৰা গৈছে৷ গুলীওৱা লোকসকলে তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ এৰি পলাই যায় বুলি মন্তব্য হায়দৰাবাদৰ সাংসদগৰাকীৰ৷ তেওঁ কয়, মই মিৰাটৰ কিথাউৰত এক নিৰ্বাচনী অনুষ্ঠানৰ পিছত দিল্লীলৈ ৰাওনা হৈছিলোঁ। ছজাৰচি টোল প্লাজাৰ ওচৰত দুজন লোকে মোৰ বাহনৰ ওপৰত তিনিৰ পৰা চাৰি ৰাউণ্ড গুলীচালনা কৰিছিল, দলটোত মুঠ ৩-৪জন লোক আছিল৷ টোলপ্লাজাৰ পৰা ওৱেচীয়ে টুইট কৰা ভিজুৱেলবোৰত তেওঁৰ বগা এছইউভিখনত দুটা বুলেটৰ ছিদ্ৰ দেখা গৈছিল৷ তৃতীয়টো গুলীয়ে বাহনখনৰ টায়াৰ ফুটাইছে বুলি জানিব পৰা গৈছে৷ উক্ত ঘটনাৰ পাছতে সাংসদজনে আন এখন গাড়ীৰে ঘটনাস্থলীৰ পৰা ৰাওনা হয়৷ উল্লেখযোগ্যে যে, এআইএমআইএম নেতাজনে ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিতব্য উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে মিৰাটত এখন ৰাজহুৱা সভা সম্বোধন কৰিছিল। বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ এসপ্তাহ বাকী থকা অৱস্থাত সাংসদ আছাদুদ্দিন ওৱেছীৰ বাহনত গুলীচালনাৰ ঘটনাই ৰাজ্যখনৰ নিৰ্বাচনী প্ৰেক্ষাপটত প্ৰভাৱ পেলোৱাৰ লগতে দেশৰ ৰাজনীতিতো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু