--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নন্দিনী কাশ্যপে হোৱাইটএপ কল কৰি ছামিউলৰ পৰিয়ালক মন্ত্ৰী, বিধায়ক আৰু আৰক্ষীৰ ক্ষমতা দেখুৱাইছিল বুলি অভিযোগ উত্থাপন।

ডিজিটেল ডেস্কঃ অভিনেত্ৰী নন্দিনী কাশ্যপৰ তীব্ৰ বেগী গাড়ীৰ খুন্দাত চিৰদিনলৈ চকু মুদিলে ২১ বছৰীয়া যুৱক ছামিউল হকে। মঙলবাৰে চিকিৎসাধীন অৱস্থাতে  এ'প'ল হাস্পতালত মৃত্যু হয় যুৱকজনৰ। 


এতিয়া এই ঘটনাৰ সন্দৰ্ভত নন্দিনীৰ মাতৃৰ ভাষ্য প্ৰকাশ পাইছে। নন্দিনীৰ মাতৃয়ে কয় যে 'এই ঘটনাৰ বাবে আমি যথেষ্ট দু:খিত। আমাৰ পৰিয়ালৰ ফালৰ পৰা যুৱকজনক সকলো সহায় কৰিব বিচৰা হৈছিল।চিকিৎসালয়ত নন্দিনীৰ দেউতাকে চিকিৎসাৰ বাবে ধন দিবলৈ গৈছিল। কিন্তু তাত থকা কেইজনমান যুৱকে ছামিউলৰ পৰিয়ালক ধন ল'বলৈ বাধা দিছিল আৰু নন্দিনীৰ দেউতাকক ধমক দিছিল। আৰক্ষীয়ে সুৰক্ষাজনিত কাৰণত চিকিৎসালয়লৈ নাযাবলৈ নন্দিনীক পৰামৰ্শ দিছিল।


GMCHত ছামিউলে উপযুক্ত চিকিৎসা পোৱা নাছিল বাবে আমাৰ কথামতেই GMCHৰ পৰা এ'প'ল হাস্পতাললৈ নিয়া হৈছিল। নন্দিনীৰ গাড়ীৰ নামত থকা ৫ খন চালান নন্দিনীয়ে চলোৱা বাবে নহয়, ড্ৰাইভাৰে চলোৱা বাবে জৰিমনা হৈছিল। আমি আইনী প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত পৰিয়ালটোৰ কাষলৈ যাম। আমি সকলোপ্ৰকাৰৰ সহায় কৰিবলৈ এতিয়াও প্ৰস্তুত।'


ইফালে নন্দিনীৰ মাতৃয়ে মিছা কথা কোৱাৰ অভিযোগ  ছামিউলৰ ভাতৃৰ। তেওঁ কয় যে ''GMCHৰ পৰা এ'প'ললৈ নিবলৈ কেতিয়াও কোৱা নাছিল নন্দিনীৰ পৰিয়ালে। নন্দিনী কাশ্যপে হোৱাইটএপ কল কৰি ছামিউলৰ পৰিয়ালক মন্ত্ৰী, বিধায়ক আৰু আৰক্ষীৰ ক্ষমতা দেখুৱাইছিল। ইয়াৰ লগতে লগতে চিকিৎসাৰ কোনো ব্যয় বহন নকৰো বুলি কৈছিল।'' 


এতিয়া আৰু নন্দিনীৰ পৰিয়ালৰ পৰা কোনোধৰণৰ সহায় নালাগে বুলি হাতযোৰ কৰি ক'লে ছামিউলৰ পৰিয়ালে। 


উল্লেখ্য যে  গুৱাহাটীৰ দক্ষিণগাঁৱত শুকুৰবাৰে পুৱতি নিশা নন্দিনীৰ গাড়ীৰ খুন্দাত উফৰি গৈছিল ছামিউল হক। দুৰ্ঘটনাৰ পিছতে যুৱকজনক এৰি নন্দিনীয়ে পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছিল।দুৰ্ঘটনাত ছাত্রজনৰ দুখন ভৰি ভাগি গৈছিল। ছামিউলৰ পিছ মূৰত ১০টাতকৈ অধিক চিলাই পৰিছিল। আঘাতপ্ৰাপ্ত যুৱকজনৰ সোঁ-হাতখনো ভাগি গৈছিল।


এনে অৱস্থাতো ছামিউল হকৰ এটাও খবৰ নোলোৱা বুলি অভিযোগ উত্থাপন হৈছিল নন্দিনীৰ বিৰুদ্ধে। সামান্যতম মানৱীয়তা নন্দিনীয়ে নেদেখুৱালে বুলি অসমবাসীয়ে উজাৰিছিলে ক্ষোভ। এতিয়া নন্দিনী কাশ্যপে উপযুক্ত শাস্তি পোৱাটো বিছাৰিছে অসমৰ ৰাইজে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
প্ৰথমখন খেলতে চীনক ৪-৩ গ'লত পৰাজিত কৰে ভাৰতে
অতি সোনকালে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’বঃভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা
সীমান্তত শান্তি, পোনপটীয়া বিমান সেৱা, মানসৰোৱৰ যাত্ৰা... প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ ১০টা গুৰুত্বপূৰ্ণ কথা
সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত হোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিলে বায়ু সেনাই
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক