--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নন্দিনী কাশ্যপে হোৱাইটএপ কল কৰি ছামিউলৰ পৰিয়ালক মন্ত্ৰী, বিধায়ক আৰু আৰক্ষীৰ ক্ষমতা দেখুৱাইছিল বুলি অভিযোগ উত্থাপন।

ডিজিটেল ডেস্কঃ অভিনেত্ৰী নন্দিনী কাশ্যপৰ তীব্ৰ বেগী গাড়ীৰ খুন্দাত চিৰদিনলৈ চকু মুদিলে ২১ বছৰীয়া যুৱক ছামিউল হকে। মঙলবাৰে চিকিৎসাধীন অৱস্থাতে  এ'প'ল হাস্পতালত মৃত্যু হয় যুৱকজনৰ। 


এতিয়া এই ঘটনাৰ সন্দৰ্ভত নন্দিনীৰ মাতৃৰ ভাষ্য প্ৰকাশ পাইছে। নন্দিনীৰ মাতৃয়ে কয় যে 'এই ঘটনাৰ বাবে আমি যথেষ্ট দু:খিত। আমাৰ পৰিয়ালৰ ফালৰ পৰা যুৱকজনক সকলো সহায় কৰিব বিচৰা হৈছিল।চিকিৎসালয়ত নন্দিনীৰ দেউতাকে চিকিৎসাৰ বাবে ধন দিবলৈ গৈছিল। কিন্তু তাত থকা কেইজনমান যুৱকে ছামিউলৰ পৰিয়ালক ধন ল'বলৈ বাধা দিছিল আৰু নন্দিনীৰ দেউতাকক ধমক দিছিল। আৰক্ষীয়ে সুৰক্ষাজনিত কাৰণত চিকিৎসালয়লৈ নাযাবলৈ নন্দিনীক পৰামৰ্শ দিছিল।


GMCHত ছামিউলে উপযুক্ত চিকিৎসা পোৱা নাছিল বাবে আমাৰ কথামতেই GMCHৰ পৰা এ'প'ল হাস্পতাললৈ নিয়া হৈছিল। নন্দিনীৰ গাড়ীৰ নামত থকা ৫ খন চালান নন্দিনীয়ে চলোৱা বাবে নহয়, ড্ৰাইভাৰে চলোৱা বাবে জৰিমনা হৈছিল। আমি আইনী প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত পৰিয়ালটোৰ কাষলৈ যাম। আমি সকলোপ্ৰকাৰৰ সহায় কৰিবলৈ এতিয়াও প্ৰস্তুত।'


ইফালে নন্দিনীৰ মাতৃয়ে মিছা কথা কোৱাৰ অভিযোগ  ছামিউলৰ ভাতৃৰ। তেওঁ কয় যে ''GMCHৰ পৰা এ'প'ললৈ নিবলৈ কেতিয়াও কোৱা নাছিল নন্দিনীৰ পৰিয়ালে। নন্দিনী কাশ্যপে হোৱাইটএপ কল কৰি ছামিউলৰ পৰিয়ালক মন্ত্ৰী, বিধায়ক আৰু আৰক্ষীৰ ক্ষমতা দেখুৱাইছিল। ইয়াৰ লগতে লগতে চিকিৎসাৰ কোনো ব্যয় বহন নকৰো বুলি কৈছিল।'' 


এতিয়া আৰু নন্দিনীৰ পৰিয়ালৰ পৰা কোনোধৰণৰ সহায় নালাগে বুলি হাতযোৰ কৰি ক'লে ছামিউলৰ পৰিয়ালে। 


উল্লেখ্য যে  গুৱাহাটীৰ দক্ষিণগাঁৱত শুকুৰবাৰে পুৱতি নিশা নন্দিনীৰ গাড়ীৰ খুন্দাত উফৰি গৈছিল ছামিউল হক। দুৰ্ঘটনাৰ পিছতে যুৱকজনক এৰি নন্দিনীয়ে পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছিল।দুৰ্ঘটনাত ছাত্রজনৰ দুখন ভৰি ভাগি গৈছিল। ছামিউলৰ পিছ মূৰত ১০টাতকৈ অধিক চিলাই পৰিছিল। আঘাতপ্ৰাপ্ত যুৱকজনৰ সোঁ-হাতখনো ভাগি গৈছিল।


এনে অৱস্থাতো ছামিউল হকৰ এটাও খবৰ নোলোৱা বুলি অভিযোগ উত্থাপন হৈছিল নন্দিনীৰ বিৰুদ্ধে। সামান্যতম মানৱীয়তা নন্দিনীয়ে নেদেখুৱালে বুলি অসমবাসীয়ে উজাৰিছিলে ক্ষোভ। এতিয়া নন্দিনী কাশ্যপে উপযুক্ত শাস্তি পোৱাটো বিছাৰিছে অসমৰ ৰাইজে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ