--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এসময়ত ঘন জংঘলে আৱৰি থকা ৰেংমা সংৰক্ষিত বনাঞ্চল দখল কৰি জনাঞ্চললৈ ৰূপান্তৰিত কৰা লোকসকলে বিদ্যাপুৰত স্থাপন কৰিছিল উৰিয়ামঘাটৰ পাছতে বৃহৎ চহৰ। এই চহৰতে চৰকাৰী বুলড'জাৰৰ হাতোৰা প্রথমে চলোৱা হয়।

ডিজিটেল ডেস্ক : অপেক্ষাৰ অন্ত পেলাই সোমবাৰে পুৱাৰে পৰা উৰিয়ামঘাট সীমান্তৰ ৰেংমা বনাঞ্চলত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছে। শ শ বুলড'জাৰে সোমবাৰে পুৱা ৮ বজাৰ পৰা বিদ্যাপুৰ বজাৰত উচ্ছেদ অভিযান আৰম্ভ কৰে। এই বজাৰত ১২০খন সৰু-বৰ ব্যাৱসায়িক প্রতিষ্ঠান স্থাপন কৰি ৪.২ হেক্টৰ ভূমি বেদখল কৰি আছিল সন্দেহযুক্ত লোকে। এই সকলোবোৰ মাটি সোমবাৰে মুক্ত কৰা হয়।


এসময়ত ঘন জংঘলে আৱৰি থকা ৰেংমা সংৰক্ষিত বনাঞ্চল দখল কৰি জনাঞ্চললৈ ৰূপান্তৰিত কৰা লোকসকলে বিদ্যাপুৰত স্থাপন কৰিছিল উৰিয়ামঘাটৰ পাছতে বৃহৎ চহৰ। এই চহৰতে চৰকাৰী বুলড'জাৰৰ হাতোৰা প্রথমে চলোৱা হয়। ইয়াৰ পাছত চহৰখনৰ পাৰ্শ্বৱর্তী এলেকাসমূহত থকা বেদখলকাৰীৰ ঘৰ আৰু বাৰীত উচ্ছেদ চলোৱা হয়। প্ৰখৰ ৰ'দৰ বাবে মাত্র ৩ ঘণ্টা উচ্ছেদ চলাই সোমবাৰে দিনৰ বাবে উচ্ছেদকাৰ্য বন্ধ ৰখা হয়।


উল্লেখযোগ্য যে ৰাজ্যখনৰ ভিতৰতেই সৰ্ববৃহৎ এই উচ্ছেদ অভিযান যাতে শান্তিপূর্ণভাৱে চলাব পৰা যায় আৰু কোনো অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে প্রশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে। অসম আৰক্ষীৰ প্ৰায় দুহেজাৰ জোৱান আৰু বিষয়া, বন বিভাগ আৰু চি আৰ পি এফৰ প্ৰায় এহেজাৰ বিষয়া আৰু জোৱানক এই অভিযানৰ বাবে নিযুক্ত কৰা হৈছে। একেদৰে প্ৰায় ৯শ শ্রমিক এই অভিযানত মকৰল কৰা হৈছে। - তদুপৰি বিদ্যাপুৰ খেলপথাৰত অস্থায়ী শিবিৰ স্থাপন কৰি উচ্চপদস্থ আৰক্ষী, চি আৰ পি এফ আৰু বন বিভাগৰ বিষয়াসকলে অভিযানৰ পৰ্যবেক্ষণ কৰি আহিছে।


তেওঁলোকৰ ভিতৰত প্ৰধান মুখ্য বন সংৰক্ষক, অসম আৰক্ষীৰ আই জি পিদ্বয়, জিলা আযুক্ত, আৰক্ষী অধীক্ষক, কাৰ্যবাহী দণ্ডাধীশ আদিয়ে। অন্যহাতে, নগালেণ্ড চৰকাৰৰ ফালৰ পৰাও এই অভিযানত অংশগ্রহণ কৰে ৰালান আৰু ভাণ্ডাৰীৰ মহকুমাধিপতিদ্বয়, মহকুমা আৰক্ষী বিষয়া, গাঁওবুঢ়া, লুথা ষ্টুডেন্ট ইউনিয়ন আদিয়ে। সোমবাৰে এই উচ্ছেদ অভিযান কম সময়ৰ বাবে চলোৱা হয় যদিও আজি পুৱাৰে পৰা দীর্ঘসময় ধৰি চলায় বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ। সোমবাৰে বিদ্যাপুৰ বজাৰত উচ্ছেদ চলাই অভিযান সমাপ্ত কৰে যদিও আজি পৰা পুনৰ বিদ্যাপুৰ গাঁও, ২নং মধুপুৰ, খেৰবাৰী, ১নং পিঠাঘাট, ২নং পিঠাঘাট, দলনিপথাৰ, ২নং দয়ালপুৰ, ৩নং দয়ালপুৰ, সোণাৰিবিল টোপ, আনন্দপুৰ, ৩নং ৰজাপুখুৰী আৰু গেলাজান গাঁৱত পর্যায়ক্রমে উচ্ছেদ চলাই নিব।


মন কৰিব লগীয়া কথা যে বহিৰাগত লোকে আহি ৰেংমা বনাঞ্চল ধ্বংস কৰি এই গাঁওসমূহ স্থাপন কৰি ২৬০০ৰো অধিক পৰিয়ালে বসতি স্থাপন কৰি ব্যৱসায়-বাণিজ্য কৰিছিল। ইয়াত দেখিবলৈ পোৱা গৈছিল বৃহৎ বৃহৎ পকী ঘৰ আৰু শ শ বিঘা মাটিত তামোলৰ বাৰী, শাক-পাচলি, কল, বগৰী আদিৰ বাৰী। ইফালে বহু সন্দেহজনক লোকে দৈয়াং নদীৰ কাষে কাষে মাটি বেদখল কৰি শিল, বালি খনন কৰি গৈছিল। মুঠৰ ওপৰত এইসকল লোকে খেতি খোলা আৰু শিল, বালি খান্দি অবাধ সম্পত্তিৰ মালিক হৈ পৰিছিল। বন বিভাগে এই গাঁওসমূহ উচ্ছেদ কৰিলে প্রায় এঘাৰ হাজাৰ হেক্টৰ মাটি মুকলি হ'ব। এই সমগ্র উচ্ছেদ অভিযানটোৰ নেতৃত্ব দিয়া বিশেষ মুখ্য সচিব এম কে যাদৱে জনায় যে দুই-তিনিদিন নহয় তাতকৈ বেছি দিন লাগিব পাৰে উৰিয়ামঘাট উচ্ছেদ অভিযানত।


কিয়নো সীমান্তৰ এই উচ্ছেদ অভিযানটোৰ সকলো দিশ চোৱা-চিতা কৰি আগবাঢ়ি যাব লগা হৈছে আৰু সতৰ্কতাৰে কাম কৰিব লগা হৈছে। তদুপৰি তেওঁলোকে চেলেঞ্জিং মুডেৰে কাম কৰিব লগা হৈছে। আনহাতে, সোমবাৰৰ উচ্ছেদ অভিযান সুকলমে হৈ যোৱাৰ বাবে তেওঁ অসম আৰু নগালেণ্ডৰ দুয়ো পক্ষৰ প্ৰশাসনিক বিষয়া আৰু নিৰাপত্তা বাহিনীসমূহক ধন্যবাদ জ্ঞাপন কৰে। ইফালে, যিসমূহ গাঁৱত উচ্ছেদ চলোৱা হ'ব তাত বাস কৰা লোকসকলে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে বছৰ বছৰ ধৰি বনাঞ্চলতে বসবাস কৰি আহিছে। তেওঁলোকৰ তাতে ভোটাধিকাৰো আছে, অন্যস্থানত মাটি-বাৰী বা পৰিয়ালৰ লোক নাই গতিকে তেওঁলোকে ক'লৈ যাব। সেয়ে, সীমান্ত অঞ্চলতে উচ্ছেদৰ পাছতো অন্য স্থানলৈ আঁতৰি নগৈ সেই স্থানতে থাকিব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ