--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশ কঁপাই যোৱা হিণ্ডেনবাৰ্গ প্ৰতিবেদনৰ পাছত দেশৰ আগশাৰীৰ উদ্যোগপতি গৌতম আদানী বিৰুদ্ধে বিৰোধী দলসমূহে লোকসভাৰ মজিয়াৰ ভিতৰে-বাহিৰে এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে৷

বিৰোধী দলসমূহে আদানী গ্ৰুপৰ সমূহ নথি-পত্ৰ তন্ন-তন্নকৈ পৰীক্ষা আৰু বিভিন্ন ক্ষেত্ৰত লাভ কৰা চৰকাৰী ঠিকাসমূহৰ পৰীক্ষাৰ বাবে জয়ন্ট পাৰ্লিয়ামেণ্টৰী কমিটি (JPC)ৰ দাবী কৰে৷ তেওঁলোকে কয় যে এই সমগ্ৰ দিশটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগত জড়িত হৈ আছে, সেয়েহে দেশৰ তদন্তকাৰী সংস্থা সমূহে এই দিশত তদন্ত আগবঢ়াব লাগে৷

আজি বহুকেইটা বিৰোধী দলৰ নেতাই সংসদ ভৱনৰ পৰা ইডিৰ কাৰ্যালয়ৰ অভিমুখে যোৱা  প্ৰতিবাদী সমদল এটাক আৰক্ষীয়ে বাধা প্ৰদান কৰে৷

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই জানিবলৈ দিয়া অনুসৰি আৰক্ষীয়ে ১৮টা বিৰোধী দলৰ নেতা আৰু সাংসদক ইডিৰ কাৰ্যালয়ৰ সন্মুখলৈ গৌতম আদানিৰ বিৰুদ্ধে তদন্ত কৰাৰ বাবে প্ৰতিবাদ সমদল উলিওৱা বাবে বাধা প্ৰদান কৰে৷

অন্যহাতে আৰক্ষীয়ে সমদলটিক বাধা দিয়াৰ কাৰণ হিচাপে কৈছে যে,সেই সময়ত সেই অঞ্চলত ১৪৪ ধাৰা প্ৰৱৰ্তন কৰা আছিল৷ সেয়েহে পুনৰ প্ৰতিবাদী সমদলটি সংসদ ভৱনৰ দিশে উভতি আহে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ