--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশ কঁপাই যোৱা হিণ্ডেনবাৰ্গ প্ৰতিবেদনৰ পাছত দেশৰ আগশাৰীৰ উদ্যোগপতি গৌতম আদানী বিৰুদ্ধে বিৰোধী দলসমূহে লোকসভাৰ মজিয়াৰ ভিতৰে-বাহিৰে এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে৷

বিৰোধী দলসমূহে আদানী গ্ৰুপৰ সমূহ নথি-পত্ৰ তন্ন-তন্নকৈ পৰীক্ষা আৰু বিভিন্ন ক্ষেত্ৰত লাভ কৰা চৰকাৰী ঠিকাসমূহৰ পৰীক্ষাৰ বাবে জয়ন্ট পাৰ্লিয়ামেণ্টৰী কমিটি (JPC)ৰ দাবী কৰে৷ তেওঁলোকে কয় যে এই সমগ্ৰ দিশটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগত জড়িত হৈ আছে, সেয়েহে দেশৰ তদন্তকাৰী সংস্থা সমূহে এই দিশত তদন্ত আগবঢ়াব লাগে৷

আজি বহুকেইটা বিৰোধী দলৰ নেতাই সংসদ ভৱনৰ পৰা ইডিৰ কাৰ্যালয়ৰ অভিমুখে যোৱা  প্ৰতিবাদী সমদল এটাক আৰক্ষীয়ে বাধা প্ৰদান কৰে৷

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই জানিবলৈ দিয়া অনুসৰি আৰক্ষীয়ে ১৮টা বিৰোধী দলৰ নেতা আৰু সাংসদক ইডিৰ কাৰ্যালয়ৰ সন্মুখলৈ গৌতম আদানিৰ বিৰুদ্ধে তদন্ত কৰাৰ বাবে প্ৰতিবাদ সমদল উলিওৱা বাবে বাধা প্ৰদান কৰে৷

অন্যহাতে আৰক্ষীয়ে সমদলটিক বাধা দিয়াৰ কাৰণ হিচাপে কৈছে যে,সেই সময়ত সেই অঞ্চলত ১৪৪ ধাৰা প্ৰৱৰ্তন কৰা আছিল৷ সেয়েহে পুনৰ প্ৰতিবাদী সমদলটি সংসদ ভৱনৰ দিশে উভতি আহে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব