--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানৱীয় প্ৰমূল্যৰ যেন সাংঘাতিক অভাৱ ঘটিছে সমাজৰ একাংশ নাগৰিকৰ মাজত৷ এইবাৰ মানৱীয়তাক ভুলুণ্ঠিত কৰা এনে এটা ঘটনা সংঘটিত হ’ল ভাৰতৰ অৰ্থনৈতিক ৰাজধানী মুম্বাইত৷

এগৰাকী মহিলাক হত্যা কৰি পলিথিনেৰে মেৰিয়াই আলমাৰীত সুমুৱাই থোৱা অৱস্থাত মুম্বাই আৰক্ষীয়ে উদ্ধাৰ কৰে৷ ইতিমধ্যে আৰক্ষীয়ে হত্যাৰ অপৰাধত মহিলাগৰাকীৰ ২৩ বছৰীয়া জীয়েকক গ্ৰেপ্তাৰ কৰিছে৷

হত্যা হোৱা মহিলাগৰাকীৰ নাম বীণা জৈন বুলি জানিব পৰা গৈছে৷ মহিলাগৰাকীৰ শৰীৰটো বহু মাহ ধৰি এটা ষ্টীল আলমাৰীত সুমুৱাই থোৱা বাবে শৰীৰটো নষ্ট হৈ গৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷

ইতিমধ্যে মহিলাগৰাকীৰ জী ৰিম্পল জৈনক আৰক্ষীয়ে বহু ঘন্টা ধৰি সোধপোছ কৰাৰ পিছত গ্ৰেপ্তাৰ কৰে৷ ৰিম্পল জৈন নিজৰ মাতৃ বীণা জৈনৰ সৈতে মুম্বাইৰ লাগবাগ অঞ্চলত বাস কৰিছিল৷

মৃত মহিলাগৰাকীৰ ভাতৃ আৰু ভাগিনে যোৱা মঙলবাৰে আৰক্ষীক মহিলাগৰাকীৰ নিৰুদ্দেশৰ ওপৰত ভিত্তি কৰি আৰক্ষীক তদন্তৰ বাবে আহ্বান জনাই৷ মুম্বাইৰ জেষ্ঠ আৰক্ষী বিষয়া প্ৰৱীণ মুণ্ডেই জানিবলৈ দিয়া মতে মহিলাগৰাকী যোৱা বছৰৰ ২৬ নৱেম্বৰৰ পৰাই নিৰুদ্দেশ হৈ আছিল৷

এই অভিযোগৰ ভিত্তিত বীণা জৈনৰ ঘৰৰ প্ৰথম মহলাৰ পৰা আলমাৰীত সুমুৱাই থোৱা অৱস্থাত তেখেতৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ