--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানৱীয় প্ৰমূল্যৰ যেন সাংঘাতিক অভাৱ ঘটিছে সমাজৰ একাংশ নাগৰিকৰ মাজত৷ এইবাৰ মানৱীয়তাক ভুলুণ্ঠিত কৰা এনে এটা ঘটনা সংঘটিত হ’ল ভাৰতৰ অৰ্থনৈতিক ৰাজধানী মুম্বাইত৷

এগৰাকী মহিলাক হত্যা কৰি পলিথিনেৰে মেৰিয়াই আলমাৰীত সুমুৱাই থোৱা অৱস্থাত মুম্বাই আৰক্ষীয়ে উদ্ধাৰ কৰে৷ ইতিমধ্যে আৰক্ষীয়ে হত্যাৰ অপৰাধত মহিলাগৰাকীৰ ২৩ বছৰীয়া জীয়েকক গ্ৰেপ্তাৰ কৰিছে৷

হত্যা হোৱা মহিলাগৰাকীৰ নাম বীণা জৈন বুলি জানিব পৰা গৈছে৷ মহিলাগৰাকীৰ শৰীৰটো বহু মাহ ধৰি এটা ষ্টীল আলমাৰীত সুমুৱাই থোৱা বাবে শৰীৰটো নষ্ট হৈ গৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷

ইতিমধ্যে মহিলাগৰাকীৰ জী ৰিম্পল জৈনক আৰক্ষীয়ে বহু ঘন্টা ধৰি সোধপোছ কৰাৰ পিছত গ্ৰেপ্তাৰ কৰে৷ ৰিম্পল জৈন নিজৰ মাতৃ বীণা জৈনৰ সৈতে মুম্বাইৰ লাগবাগ অঞ্চলত বাস কৰিছিল৷

মৃত মহিলাগৰাকীৰ ভাতৃ আৰু ভাগিনে যোৱা মঙলবাৰে আৰক্ষীক মহিলাগৰাকীৰ নিৰুদ্দেশৰ ওপৰত ভিত্তি কৰি আৰক্ষীক তদন্তৰ বাবে আহ্বান জনাই৷ মুম্বাইৰ জেষ্ঠ আৰক্ষী বিষয়া প্ৰৱীণ মুণ্ডেই জানিবলৈ দিয়া মতে মহিলাগৰাকী যোৱা বছৰৰ ২৬ নৱেম্বৰৰ পৰাই নিৰুদ্দেশ হৈ আছিল৷

এই অভিযোগৰ ভিত্তিত বীণা জৈনৰ ঘৰৰ প্ৰথম মহলাৰ পৰা আলমাৰীত সুমুৱাই থোৱা অৱস্থাত তেখেতৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব