--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ গৌতম আদানি আৰু প্ৰধানমন্ত্ৰী মোদীৰ সম্পৰ্কক লৈ দেশৰ ৰাজনীতি উত্তাল হৈ পৰিছে৷ ‘ইণ্ডিয়া’ৰ বৈঠকৰ পূৰ্বে বৃহস্পতিবাৰে কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশে এখন সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আদানিৰ মাজৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰে৷ 

সংবাদমেলত ৰমেশে কয়, ২৮ জানুৱাৰীৰ পৰা ২৮ মাৰ্চলৈ কংগ্ৰেছে প্ৰধানমন্ত্ৰী মোদীক আদানি সম্পৰ্কে ১০০টা প্ৰশ্ন সুধিছিল৷ আদানিৰ ‘শ্বেল কোম্পানী’বোৰত ২০,০০০ কোটি টকাৰ গৰাকী কোন সেই বিষয়ে আমাৰ কোনো ধাৰণা নাই। ৰাহুল গান্ধীয়ে লোকসভাত এই বিষয়বোৰৰ ওপৰত কথা পাতিছিল আৰু যাৰবাবে তেওঁক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল। এয়া আদানিৰ বিষয় নহয়, ই ‘মোদানি’ৰ সমস্যা। প্ৰকৃত বিষয়টো হ'ল প্ৰধানমন্ত্ৰী মোদী আৰু আদানিৰ মাজৰ সম্পৰ্ক।

জয়ৰাম ৰমেশে অভিযোগ উত্থাপন কৰাৰ পূৰ্বে সংবাদমেলৰ আৰম্ভণিতে কয়, ২০১৪ চনত অষ্ট্ৰেলিয়াত ৯ম সন্মিলন অনুষ্ঠিত হৈছিল। তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে জি-২০ সদস্যসকলক কৈছিল যে সকলোৱে ক‘লা ধনৰ বিৰুদ্ধে, ইয়াৰ সংগ্ৰাহকৰ বিৰুদ্ধে, শ্বেল কোম্পানীৰ বিৰুদ্ধে আৰু কৰ আশ্ৰয়ৰ বিৰুদ্ধে (যিবোৰ দেশত কৰ ৰেহাই আছে) একেলগে কাম কৰিব লাগে, কিন্তু অহা সপ্তাহৰ পৰা ১৮ সংখ্যক জি-২০ সন্মিলন অনুষ্ঠিত হ’ব৷ এনে সময়তে আজি আমেৰিকা, ইংলেণ্ড আৰু আমাৰ দেশৰ বাতৰি কাকতত প্ৰকাশ পাইছে যে প্ৰধানমন্ত্ৰীৰ প্ৰিয়বন্ধু আদানিয়ে ছেবিৰ (নিয়ামক সংস্থা) সকলো নিয়ম উলংঘা কৰি শ্বেল কোম্পানী ব্যৱহাৰ কৰিছে। 

আদানি গোচৰ সন্দৰ্ভত ৰাহুল গান্ধীয়ে সংসদত কি কৈছিল ?


চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৰাহুল গান্ধীয়ে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ধন্যবাদ প্ৰস্তাৱৰ ওপৰত বক্তব্য ৰাখিছিল। এই সময়ছোৱাত তেওঁ প্ৰধানমন্ত্ৰী মোদী আৰু ব্যৱসায়ী গৌতম আদানিৰ মাজৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰিছিল৷ সংসদত ভাষণ ৰখাৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু গৌতম আদানিৰ একেলগে থকা এখন আলোকচিত্ৰৰ কথা উল্লেখ কৰি তেওঁ কৈছিল, ভাৰত জোড়ো যাত্ৰাৰ সময়ত মই সকলো ঠাইতে কেৱল আদানিৰ নাম শুনিছিলোঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস