--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ গৌতম আদানি আৰু প্ৰধানমন্ত্ৰী মোদীৰ সম্পৰ্কক লৈ দেশৰ ৰাজনীতি উত্তাল হৈ পৰিছে৷ ‘ইণ্ডিয়া’ৰ বৈঠকৰ পূৰ্বে বৃহস্পতিবাৰে কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশে এখন সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আদানিৰ মাজৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰে৷ 

সংবাদমেলত ৰমেশে কয়, ২৮ জানুৱাৰীৰ পৰা ২৮ মাৰ্চলৈ কংগ্ৰেছে প্ৰধানমন্ত্ৰী মোদীক আদানি সম্পৰ্কে ১০০টা প্ৰশ্ন সুধিছিল৷ আদানিৰ ‘শ্বেল কোম্পানী’বোৰত ২০,০০০ কোটি টকাৰ গৰাকী কোন সেই বিষয়ে আমাৰ কোনো ধাৰণা নাই। ৰাহুল গান্ধীয়ে লোকসভাত এই বিষয়বোৰৰ ওপৰত কথা পাতিছিল আৰু যাৰবাবে তেওঁক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল। এয়া আদানিৰ বিষয় নহয়, ই ‘মোদানি’ৰ সমস্যা। প্ৰকৃত বিষয়টো হ'ল প্ৰধানমন্ত্ৰী মোদী আৰু আদানিৰ মাজৰ সম্পৰ্ক।

জয়ৰাম ৰমেশে অভিযোগ উত্থাপন কৰাৰ পূৰ্বে সংবাদমেলৰ আৰম্ভণিতে কয়, ২০১৪ চনত অষ্ট্ৰেলিয়াত ৯ম সন্মিলন অনুষ্ঠিত হৈছিল। তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে জি-২০ সদস্যসকলক কৈছিল যে সকলোৱে ক‘লা ধনৰ বিৰুদ্ধে, ইয়াৰ সংগ্ৰাহকৰ বিৰুদ্ধে, শ্বেল কোম্পানীৰ বিৰুদ্ধে আৰু কৰ আশ্ৰয়ৰ বিৰুদ্ধে (যিবোৰ দেশত কৰ ৰেহাই আছে) একেলগে কাম কৰিব লাগে, কিন্তু অহা সপ্তাহৰ পৰা ১৮ সংখ্যক জি-২০ সন্মিলন অনুষ্ঠিত হ’ব৷ এনে সময়তে আজি আমেৰিকা, ইংলেণ্ড আৰু আমাৰ দেশৰ বাতৰি কাকতত প্ৰকাশ পাইছে যে প্ৰধানমন্ত্ৰীৰ প্ৰিয়বন্ধু আদানিয়ে ছেবিৰ (নিয়ামক সংস্থা) সকলো নিয়ম উলংঘা কৰি শ্বেল কোম্পানী ব্যৱহাৰ কৰিছে। 

আদানি গোচৰ সন্দৰ্ভত ৰাহুল গান্ধীয়ে সংসদত কি কৈছিল ?


চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৰাহুল গান্ধীয়ে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ধন্যবাদ প্ৰস্তাৱৰ ওপৰত বক্তব্য ৰাখিছিল। এই সময়ছোৱাত তেওঁ প্ৰধানমন্ত্ৰী মোদী আৰু ব্যৱসায়ী গৌতম আদানিৰ মাজৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰিছিল৷ সংসদত ভাষণ ৰখাৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু গৌতম আদানিৰ একেলগে থকা এখন আলোকচিত্ৰৰ কথা উল্লেখ কৰি তেওঁ কৈছিল, ভাৰত জোড়ো যাত্ৰাৰ সময়ত মই সকলো ঠাইতে কেৱল আদানিৰ নাম শুনিছিলোঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত