--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰই আধাৰ কাৰ্ড আৰু ভোটাৰ পৰিচয় পত্ৰ সংযোগ কৰাৰ সময়সীমা বৃদ্ধি কৰিছে৷ সেই  অনুসৰি ৩১ মাৰ্চ,২০২৪-ৰ ভিতৰত অনলাইন বা এছএমএছৰ জৰিয়তে ভোটাৰ আইডিৰ সৈতে  আধাৰ সংযোগ কৰিব পৰা যাব। 

আধাৰ কাৰ্ড আৰু ভোটাৰ পৰিচয় পত্ৰ সংযোগ কৰাৰ মূল উদ্দেশ্য হৈছে একাধিক সমষ্টিত এজন ব্যক্তিৰে ভোটাৰ তালিকাত নাম পঞ্জীয়ন কৰাটো বন্ধ কৰা৷ এক কথাত ক’বলৈ গ’লে আধাৰ কাৰ্ড আৰু ভোটাৰ পৰিচয় পত্ৰ সংযোগ কৰাৰ পিছত এজন লোকে কেৱল এটা সমষ্টিতহে ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব৷ কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে ভোটাৰ পৰিচয় পত্ৰক আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰাৰ অন্তিম তাৰিখ ৩১ মাৰ্চ, ২০২৪ লৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ পূৰ্বে, কেন্দ্ৰীয় চৰকাৰে ১ এপ্ৰিল, ২০২৩ ৰ ভিতৰত তেনে কৰাৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰি দিছিল৷২০২১ চনৰ ডিচেম্বৰত লোকসভাই নিৰ্বাচনী আইন (সংশোধনী) বিধেয়ক গৃহীত কৰিছিল। আৰু তাৰ পিছতে ভোটাৰ আইডিৰ সৈতে আধাৰ সংযোগ কৰিবলৈ অনুমোদন জনোৱা হৈছিল।

 ঘৰতে কৰিব পৰা যায় ভোটাৰ আইডিৰ সৈতে আধাৰ সংযোগ৷  ইয়াৰ বাবে আপোনাক কেৱল এটা ইণ্টাৰনেট সংযোগ কৰিব পৰা  স্মাৰ্টফোনৰ প্ৰয়োজন হ’ব। এয়া  কিদৰে কৰিবজানো আহক-  
১. ফোনৰ ব্ৰাউজাৰৰ পৰা https://voterportal.eci.gov.in/ যাওঁক।

২. মোবাইল নম্বৰ / ইমেইল আইডি / ভোটাৰ আইডি নম্বৰ ব্যৱহাৰ কৰি লগইন কৰক আৰু পাছৱৰ্ড এটা দিয়ক৷

৩. নাম, জন্ম তাৰিখ আৰু পিতৃৰ নাম আদিৰ লগতে  ৰাজ্য, জিলা আৰু ব্যক্তিগত বিৱৰণ আদি যথাস্থানত পূৰণ কৰক।

৪. বিৱৰণবোৰ পূৰণ কৰাৰ পিছত, 'ছাৰ্চ'ত ক্লিক কৰক। যদি আপুনি প্ৰদান কৰা বিৱৰণবোৰ চৰকাৰী ডাটাবেছৰ সৈতে মিলে, তেন্তে সেয়া স্ক্ৰীণত প্ৰদৰ্শিত হ'ব।

৫. 'ফিড আধাৰ নং' ত ক্লিক কৰক। ইয়াক স্ক্ৰীণৰ বাওঁফালে দেখা যায়।

এটা পপ-আপ পৃষ্ঠা ওলাব। তাত আপুনি আধাৰ নম্বৰ, ভোটাৰ পৰিচয় পত্ৰ তথ্য , পঞ্জীভুক্ত ম'বাইল নম্বৰত উল্লেখ থকা  আপোনাৰ নাম দিব লাগিব।

৭. সকলো বিৱৰণ সঠিকভাৱে পূৰণ কৰাৰ পিছত তথ্যবোৰ এবাৰ পুনৰ পৰীক্ষা কৰি চাওঁক  কৰক। তাৰ পিছত 'ছাবমিট' বুটামত ক্লিক কৰক।

৮. স্ক্ৰীণত দেখুৱাব যে আপোনাৰ আবেদন  সফলতাৰে গ্ৰহণ কৰা হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু