--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰই আধাৰ কাৰ্ড আৰু ভোটাৰ পৰিচয় পত্ৰ সংযোগ কৰাৰ সময়সীমা বৃদ্ধি কৰিছে৷ সেই  অনুসৰি ৩১ মাৰ্চ,২০২৪-ৰ ভিতৰত অনলাইন বা এছএমএছৰ জৰিয়তে ভোটাৰ আইডিৰ সৈতে  আধাৰ সংযোগ কৰিব পৰা যাব। 

আধাৰ কাৰ্ড আৰু ভোটাৰ পৰিচয় পত্ৰ সংযোগ কৰাৰ মূল উদ্দেশ্য হৈছে একাধিক সমষ্টিত এজন ব্যক্তিৰে ভোটাৰ তালিকাত নাম পঞ্জীয়ন কৰাটো বন্ধ কৰা৷ এক কথাত ক’বলৈ গ’লে আধাৰ কাৰ্ড আৰু ভোটাৰ পৰিচয় পত্ৰ সংযোগ কৰাৰ পিছত এজন লোকে কেৱল এটা সমষ্টিতহে ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব৷ কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে ভোটাৰ পৰিচয় পত্ৰক আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰাৰ অন্তিম তাৰিখ ৩১ মাৰ্চ, ২০২৪ লৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ পূৰ্বে, কেন্দ্ৰীয় চৰকাৰে ১ এপ্ৰিল, ২০২৩ ৰ ভিতৰত তেনে কৰাৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰি দিছিল৷২০২১ চনৰ ডিচেম্বৰত লোকসভাই নিৰ্বাচনী আইন (সংশোধনী) বিধেয়ক গৃহীত কৰিছিল। আৰু তাৰ পিছতে ভোটাৰ আইডিৰ সৈতে আধাৰ সংযোগ কৰিবলৈ অনুমোদন জনোৱা হৈছিল।

 ঘৰতে কৰিব পৰা যায় ভোটাৰ আইডিৰ সৈতে আধাৰ সংযোগ৷  ইয়াৰ বাবে আপোনাক কেৱল এটা ইণ্টাৰনেট সংযোগ কৰিব পৰা  স্মাৰ্টফোনৰ প্ৰয়োজন হ’ব। এয়া  কিদৰে কৰিবজানো আহক-  
১. ফোনৰ ব্ৰাউজাৰৰ পৰা https://voterportal.eci.gov.in/ যাওঁক।

২. মোবাইল নম্বৰ / ইমেইল আইডি / ভোটাৰ আইডি নম্বৰ ব্যৱহাৰ কৰি লগইন কৰক আৰু পাছৱৰ্ড এটা দিয়ক৷

৩. নাম, জন্ম তাৰিখ আৰু পিতৃৰ নাম আদিৰ লগতে  ৰাজ্য, জিলা আৰু ব্যক্তিগত বিৱৰণ আদি যথাস্থানত পূৰণ কৰক।

৪. বিৱৰণবোৰ পূৰণ কৰাৰ পিছত, 'ছাৰ্চ'ত ক্লিক কৰক। যদি আপুনি প্ৰদান কৰা বিৱৰণবোৰ চৰকাৰী ডাটাবেছৰ সৈতে মিলে, তেন্তে সেয়া স্ক্ৰীণত প্ৰদৰ্শিত হ'ব।

৫. 'ফিড আধাৰ নং' ত ক্লিক কৰক। ইয়াক স্ক্ৰীণৰ বাওঁফালে দেখা যায়।

এটা পপ-আপ পৃষ্ঠা ওলাব। তাত আপুনি আধাৰ নম্বৰ, ভোটাৰ পৰিচয় পত্ৰ তথ্য , পঞ্জীভুক্ত ম'বাইল নম্বৰত উল্লেখ থকা  আপোনাৰ নাম দিব লাগিব।

৭. সকলো বিৱৰণ সঠিকভাৱে পূৰণ কৰাৰ পিছত তথ্যবোৰ এবাৰ পুনৰ পৰীক্ষা কৰি চাওঁক  কৰক। তাৰ পিছত 'ছাবমিট' বুটামত ক্লিক কৰক।

৮. স্ক্ৰীণত দেখুৱাব যে আপোনাৰ আবেদন  সফলতাৰে গ্ৰহণ কৰা হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement