--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজধানী দিল্লীৰ বিভিন্ন স্থানত এতিয়া ওলমিছে 'মোদী হাটাও, দেশ বচাও' পোষ্টাৰ। খোদ দিল্লীতে মোদীৰ বিৰুদ্ধে এনেদৰে ফোষ্টাৰ লগোৱাৰ কথাই ৰাজধানী চহৰ খনত বেছ আলোড়ণৰ সৃষ্টি কৰিছে৷দিল্লী আৰক্ষীয়ে ইতিমধ্যে পোষ্টাৰ লগোৱাৰ সন্দেহত  ১০০ জন লোকৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছে। অভিযুক্তসকলৰ ভিতৰৰে ছয়জনক ইতিমধ্যে গ্ৰেপ্তাৰো কৰা হৈছে। দিল্লী আৰক্ষীয়ে কমেও  ২,০০০  পোষ্টাৰ জব্দ কৰিছে৷

দিল্লী আৰক্ষীৰ মতে, প্ৰধানমন্ত্ৰী আৰু মোদী চৰকাৰৰ বিৰোধিতা কৰি দিল্লীৰ বিভিন্ন অঞ্চলৰ দেৱাল আৰু লাইট  পোষ্টত এনেধৰণৰ পোষ্টাৰ লগোৱা হৈছে। পোষ্টাৰসমূহৰ কিছুমানত  "মোদী হাটাও, দেশ বচাও" বুলি লিখা হৈছে আৰু কিছুমানক কেন্দ্ৰৰ বিৰুদ্ধে শ্ল'গান লিখা  হৈছে। দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত  দীপেন্দ্ৰ পাঠকে কয় যে আম আদমী পাৰ্টিৰ কাৰ্যালয়লৈ যোৱা  এখন ভানৰ  পৰা কমেও ২০০০ পোষ্টাৰ উদ্ধাৰ কৰা হৈছে। ভান চালকজনে দাবী কৰিছিল যে তেওঁক পোষ্টাৰবোৰ আপৰ কাৰ্যালয়লৈ নিবলৈ কোৱা হৈছিল।

ইয়াৰ পৰা আৰক্ষীয়ে  অনুমান কৰিছে  যে পোষ্টাৰসমূহ  লগোৱাৰ আঁৰত কেজৰিৱাল চৰকাৰৰ হাত থাকিব পাৰে। অৱশ্যে কথাবোৰ এতিয়াও স্পষ্ট হোৱা নাই৷এতিয়ালৈকে দিল্লী আৰক্ষীয়ে  ছয়জন লোকক গ্ৰেপ্তাৰ কৰিছে৷ পোষ্টাৰসমূহ ছপোৱা প্ৰিণ্টিং প্ৰেছৰ গৰাকীকো গ্ৰেপ্তাৰ কৰা হৈছে। 

তেওঁ কৈছে যে তেওঁ 'মোদী হটাও, দেশ বচাও' বুলি লিখা ৫০,০০০ পোষ্টাৰৰ অৰ্ডাৰ পাইছিল।ইয়াৰ পূৰ্বে, ২০২১ চনত সমগ্ৰ দেশতে কৰোনা টিকাকৰণৰ সময়ত দিল্লীত কেইবাখনো মোদী বিৰোধী পোষ্টাৰ লগোৱা হৈছিল। সেই সময়ত ১৭  জন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল আৰু তেওঁলোকৰ মাজৰে ১৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ