--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজধানী দিল্লীৰ বিভিন্ন স্থানত এতিয়া ওলমিছে 'মোদী হাটাও, দেশ বচাও' পোষ্টাৰ। খোদ দিল্লীতে মোদীৰ বিৰুদ্ধে এনেদৰে ফোষ্টাৰ লগোৱাৰ কথাই ৰাজধানী চহৰ খনত বেছ আলোড়ণৰ সৃষ্টি কৰিছে৷দিল্লী আৰক্ষীয়ে ইতিমধ্যে পোষ্টাৰ লগোৱাৰ সন্দেহত  ১০০ জন লোকৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছে। অভিযুক্তসকলৰ ভিতৰৰে ছয়জনক ইতিমধ্যে গ্ৰেপ্তাৰো কৰা হৈছে। দিল্লী আৰক্ষীয়ে কমেও  ২,০০০  পোষ্টাৰ জব্দ কৰিছে৷

দিল্লী আৰক্ষীৰ মতে, প্ৰধানমন্ত্ৰী আৰু মোদী চৰকাৰৰ বিৰোধিতা কৰি দিল্লীৰ বিভিন্ন অঞ্চলৰ দেৱাল আৰু লাইট  পোষ্টত এনেধৰণৰ পোষ্টাৰ লগোৱা হৈছে। পোষ্টাৰসমূহৰ কিছুমানত  "মোদী হাটাও, দেশ বচাও" বুলি লিখা হৈছে আৰু কিছুমানক কেন্দ্ৰৰ বিৰুদ্ধে শ্ল'গান লিখা  হৈছে। দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত  দীপেন্দ্ৰ পাঠকে কয় যে আম আদমী পাৰ্টিৰ কাৰ্যালয়লৈ যোৱা  এখন ভানৰ  পৰা কমেও ২০০০ পোষ্টাৰ উদ্ধাৰ কৰা হৈছে। ভান চালকজনে দাবী কৰিছিল যে তেওঁক পোষ্টাৰবোৰ আপৰ কাৰ্যালয়লৈ নিবলৈ কোৱা হৈছিল।

ইয়াৰ পৰা আৰক্ষীয়ে  অনুমান কৰিছে  যে পোষ্টাৰসমূহ  লগোৱাৰ আঁৰত কেজৰিৱাল চৰকাৰৰ হাত থাকিব পাৰে। অৱশ্যে কথাবোৰ এতিয়াও স্পষ্ট হোৱা নাই৷এতিয়ালৈকে দিল্লী আৰক্ষীয়ে  ছয়জন লোকক গ্ৰেপ্তাৰ কৰিছে৷ পোষ্টাৰসমূহ ছপোৱা প্ৰিণ্টিং প্ৰেছৰ গৰাকীকো গ্ৰেপ্তাৰ কৰা হৈছে। 

তেওঁ কৈছে যে তেওঁ 'মোদী হটাও, দেশ বচাও' বুলি লিখা ৫০,০০০ পোষ্টাৰৰ অৰ্ডাৰ পাইছিল।ইয়াৰ পূৰ্বে, ২০২১ চনত সমগ্ৰ দেশতে কৰোনা টিকাকৰণৰ সময়ত দিল্লীত কেইবাখনো মোদী বিৰোধী পোষ্টাৰ লগোৱা হৈছিল। সেই সময়ত ১৭  জন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল আৰু তেওঁলোকৰ মাজৰে ১৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু