--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কানাডাত ৰহস্যজনক মৃত্যু ভাৰতীয় মূলৰ এহাল দম্পতী আৰু তেওঁলোকৰ কন্যাৰ। ৰহস্যজনকভাৱে তেওঁলোকৰ ঘৰত হোৱা অগ্নিকাণ্ডৰ ফলত তেওঁলোকৰ মৃত্যু হয়। অগ্নিকাণ্ডৰ ফলত তিনিওজনৰে মৃত্যু হয়। ৰহস্যজনকভাৱে ঘৰটোত জুই লাগিছিল। 

আৰক্ষীয়ে জনোৱা মতে, মৃত লোকসকলৰ নাম ৰাজীৱ ৱাৰিকাও (৫১), শিল্পা কোঠা (৪৭) আৰু মেহক ৱাৰিকাও (১৬)।

তেওঁলোকে কানাডাৰ অন্টাৰিঅ’ প্ৰদেশত বাস কৰিছিল। তিনিওজন লোকৰ দেহ ইমানেই বেয়াকৈ জ্বলি গৈছিল যে প্ৰথমে চিনাক্ত কৰিব পৰা নাছিল। 

আৰক্ষীয়ে তদন্ত কৰি গম পায় যে এয়া কোনো দুৰ্ঘটনা নহয়। তেওঁলোকৰ ঘৰটোত কোনো লোকে অগ্নি সংযোগ কৰিছিল। 

ওচৰ-চুবুৰীয়াই তেওঁলোকৰ ঘৰটোত প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনিছিল আৰু তাৰপাছতেই তেওঁলোকৰ ঘৰটো ভয়ংকৰ জুই দপদপকৈ জ্বলি উঠি আগুৰি ধৰিছিল। ক্ষন্তেকতে জাহ যায় ঘৰটো আৰু তিনিটিকৈ প্ৰাণ। তেওঁলোকে দেখিলে যে ঘৰটোত দপদপকৈ জুই জ্বলি আছে।

বাতৰি অনুসৰি, ৰাজীৱ ৱাৰিকাই আগতে টৰন্টো পুলিচতো কাম কৰিছিল। ২০১৬ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে। কন্যা মেহক ফুটবল খেলৰ সৈতে জড়িত আছিল। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। 

তদন্তৰ অন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক