--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা শুকুৰবাৰে ছবিগৃহত মুক্তি পালে ছৈইফ আলী খান, কৃতি সেনন আৰু প্ৰভাশৰ ছবি আদিপুৰুষ। ছবিখনে দৰ্শকৰ পৰা মিশ্ৰিত সঁহাৰি লাভ কৰিছে। এই ছবিখন বহুতে ভাল পাইছে, আনহাতে কিছুমানে এই ছবিখনত বহু অভাৱ বিচাৰি পাইছে।

অৱশ্যে সমালোচনাৰ মাজতো এই ছবিখনে প্ৰথম দিনাই বক্স অফিচত ১৪০ কোটি টকা সংগ্ৰহ কৰা বুলি কোৱা হৈছে।

ছবিখনত প্ৰভাশে ৰাম, কৃতি সেননে দেৱী সীতাৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু ছেইফ আলী খানে ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনৰ সংলাপৰ পৰা আৰম্ভ কৰি কাহিনীলৈকে চৰ্চা চলি আছে। ইফালে ছেইফ আলী খানৰো এক বেলেগ কাৰণত চৰ্চা চলি আছে। আচলতে ছেইফে নিজৰ পুত্ৰ টাইমূৰৰ সৈতে আদিপুৰুষৰ স্ক্ৰীনিঙলৈ গৈছিল। থিয়েটাৰৰ পৰা ওলাই আহোঁতে পাপাৰাজী আৰু অনুৰাগীয়ে তেওঁৰ ফটো তুলিবলৈ আগুৰি ধৰে৷






ছেইফ আলী খান ওলাই অহাৰ লগে লগে পাপাৰাজী আৰু অনুৰাগীয়ে ‘জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম’ ধ্বনি দিবলৈ আৰম্ভ কৰে। এই সময়ত ছাইফেও সকলোকে হাত যোৰ কৰি সম্ভাষণ জনায় যদিও ইয়াৰ পাছত তেওঁ এবাৰো জয় শ্ৰী ৰাম নক’লে। ইয়াৰ পিছত মানুহে তেওঁক ট্ৰল কৰিবলৈ ধৰিলে,যে ছেইফে হিন্দুু আস্থাৰ অপমান কৰিছে,এতিয়া এই ঘটনাক লৈ ইণ্টাৰনেটত যথেষ্ট প্ৰতিক্ৰিয়া দেখা গৈছে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?