--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰু চিনেমাত অভিনয় নকৰে কাজল আগৰৱালে। খবৰ অনুসৰি, দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে নিজৰ ব্যক্তিগত জীৱনত অধিক মনোনিৱেশ  পুত্ৰ নীল কিচলুক সময় দিবলৈকে অভিনয় বাদ দিয়াৰ সিদ্ধান্ত লৈছে।

অৱশ্যে এতিয়ালৈকে এইয়া কেৱল উৰাবাতৰি হৈ আছে। শেহতীয়াকৈ কাজলে তেওঁৰ এখন ছবিৰ সৈতে টুইটাৰ হেণ্ডেলত এটা ৰহস্যময় পোষ্ট কৰিছিল।

তাত তেওঁ লিখিছে- যেতিয়া আপুনি দায়িত্ববোৰৰ মাজত সোমাই পৰিব আৰু তাৰমাজতে উশাহ ল’ব। অনুৰাগীসকলে ইয়াৰ পৰাই দায়িত্বসমূহৰ বিষয়ে অনুমান কৰিছে।

'হেই চিনামিকা’খ্যাত অভিনেত্ৰীগৰাকীয়ে মুঠ প্ৰায় ৫৫খন ছবিত অভিনয় কৰিছে। তেওঁৰ কিছুমান বিখ্যাত চিনেমা হ’ল: মিষ্টাৰ পাৰফেক্ট, জিলা, থুপাক্কি, ডাৰ্লিং। অজয় দেৱগনৰ বিপৰীতে ৰোহিত শ্বেট্টীৰ সিংহাম ছবিতো কাম কৰিছিল কাজলে।

কাজল আগৰৱালাই ব্যৱসায়ী গৌতম কিচলুৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ২০২২ চনৰ ১৯ ​​মে’ত তেওঁলোকৰ এটি পুত্ৰসন্তান জন্ম হয়। সেয়েহে, তেওঁ আজিকালি নিজৰ অভিভাৱকত্বৰ কৰ্তব্য পালনত অধিক মনোনিৱেশ কৰিছে।

অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ অভিনয় কৰা  কমল হাছানৰ ইণ্ডিয়ান ২ আৰু নন্দমুৰি বালকৃষ্ণৰ পৰিচালিত 'ভগৱন্ত কেছাৰী’ ছবিৰ শ্বুটিং সম্পূৰ্ণ হ’ব হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু