--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৩ জানুৱাৰীত কলকাতাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী উদযাপন কৰিব৷  নেতাজীৰ কন্যাই বিষয়টোত ভাল পাব লাগিছিল যদিও তেওঁ যেন সন্তুষ্ট নহয়৷  নেতাজীৰ কন্যা  অনিতা বসুৱে বিষয়টোকলৈ নিজৰ মতামত প্ৰকাশ কৰিছে।

২৩ জানুৱাৰীত সমগ্ৰ দেশে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী উদযাপন কৰিব। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘয়ো  নেতাজীৰ জন্মদিন  উদযাপন কৰাৰ সিদ্ধান্ত লৈছে৷  কিন্তু নেতাজীৰ জীয়ৰী অনিতা বসুৱে সেয়া  ভাল পোৱা নাই। তেওঁ ইয়াক গৰিহণা দিছে আৰু কৈছে যে নেতাজী সুভাষ চন্দ্ৰ বসুৱে  আৰ এছ এছৰ দৰে সংগঠনক কেতিয়াও আসৈ দিয়া নাছিল৷ 

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই (আৰ এছ এছ) কলকাতাৰ শ্বহীদ মিনাৰত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৬ সংখ্যক  জন্ম জয়ন্তী উদযাপন কৰিব৷ আৰ এছ এছ ৰ মুৰব্বী মোহন ভাগৱত অনুষ্ঠানটোৰ মুখ্য বক্তা হিচাবে উপস্থিত থাকিব৷ 

অনুষ্ঠানটো সন্দৰ্ভত অনিতা বসুৱে কয় "মোৰ দেউতা এজন এনে  মানুহ আছিল যিয়ে  এজন  হিন্দু আছিল যদিও  সকলো ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছিল৷ তেওঁ  বিশ্বাস কৰিছিল যে সকলোৱে একেলগে মিলিজুলি থাকিব লাগে । মই নাভাবো যে আৰ এছ এছে এনে নীতিত বিশ্বাস কৰে। যদি আৰ এছ এছে নেতাজীৰ আদৰ্শ গ্ৰহণ কৰা আৰম্ভ কৰিছে তেন্তে সেয়া  ভাৰতৰ বাবে ভাল হ'ব। নেতাজীয়ে ধৰ্মনিৰপেক্ষতাত বিশ্বাস কৰিছিল আৰু মই নিশ্চিত নহয় যে আৰ এছ এছে সেয়া বিশ্বস কৰে বুলি৷  যদি আৰ এছ এছে হিন্দু জাতীয়তাবাদী ধাৰণা প্ৰচাৰ কৰিব বিচাৰে, ই নেতাজীৰ আদৰ্শৰ সৈতে মিলা ধৰণৰ নহ'ব। যদি নেতাজীক এইক্ষেত্ৰত  ব্যৱহাৰ কৰা হয়, তেন্তে মই এনে কাৰ্যসূচীলৈ সমৰ্থন জনাব নোৱাৰো।"






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু