--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে আন দলৰ লগতে  বিজেপিতো উঠিছে যোগদানৰ ঢৌ। শেহতীয়াকৈ ভাৰতীয় বায়ু সেনাৰ প্ৰাক্তন মুৰব্বী আৰ কে এছ ভাদাউৰিয়াই বিজেপিত যোগদান কৰিছে।  ভাদাউৰিয়াই  হৈছে ৰাফেল বিমান উৰুওৱা প্ৰথম ভাৰতীয় বায়ু সেনা বিষয়া । তেওঁ ফ্ৰান্সৰ পৰা ভাৰতে ৰাফেল  বিমানক্ৰয়ৰ চুক্তি সম্পাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এক কথাত আইএএফৰ প্ৰাক্তন মুৰব্বী আৰ কে এছ ভাদাউৰিয়া ৰাফেল চুক্তিৰ অন্যতম স্থপতি আছিল।

 এইবাৰ তেওঁ বিজেপিত যোগদান কৰিছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে দেওবাৰে ভাদাউৰিয়াই বিজেপিৰ কাৰ্যালয়ত উপস্থিত হয়।  ভাদাউৰিয়াই কৈছে যে তেওঁ দেশৰ সেৱা কৰাৰ আন এটা সুযোগ হেৰুৱাব নিবিচাৰে। বিজেপিয়ে তেওঁক সেই সুযোগ দিব পাৰে।তেওঁ কয়  "মই বায়ু সেনাৰ জৰিয়তে প্ৰায় ৪০ বছৰ ধৰি দেশৰ প্ৰতি সেৱা আগবঢ়াই আহিছো। কিন্তু মই মোদী চৰকাৰৰ দিনত যোৱা আঠ বছৰত সৰ্বশ্ৰেষ্ঠ সময় অতিবাহিত কৰিছিলো। প্ৰধানমন্ত্ৰীয়ে যিদৰে এটাৰ পিছত এটা কঠিন পদক্ষেপৰ জৰিয়তে বায়ু সেনাক শক্তিশালী আৰু আধুনিকীকৰণ কৰিছে, ই কেৱল বায়ুসেনাৰ সামৰ্থ্য বৃদ্ধি কৰাই নহয়, বাহিনীটোৰ আত্মবিশ্বাসো বৃদ্ধি কৰিছে। "

৩৬  বছৰীয়া কেৰিয়াৰত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ প্ৰাক্তন ছাত্ৰ ভাদাউৰিয়াই  বহু  দায়িত্ব পালন কৰিছে।  ২৬  খন  বিভিন্ন প্ৰকাৰৰ যুঁজাৰু বিমান উৰুওৱাৰ  উপৰি তেওঁৰ  ৪২৫০  ঘণ্টা উৰণৰ অভিজ্ঞতা আছে। তেওঁ ১৯৮০  চনত আইএএফৰ যুঁজাৰু শাখাত যোগদান কৰাৰ পিছত পিভিএছএম, এভিএছএম, ভিএম আৰু এডিচি হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। ভাদাউৰিয়াই চাৰি দশক ধৰি গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি  কেইবাটাও বঁটাও লাভ কৰিছে। ইয়াৰ ভিতৰত আছে পৰম সেৱা পদক বঁটা , ছৰ্ড অব অনাৰ, বায়ু সেনা পদক আৰু পৰম বিশ্বস্ত সেৱা পদক।

সেনা বিষয়াজনৰ অন্তৰ্ভুক্তিয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিক অতিৰিক্ত অক্সিজেন প্ৰদান কৰিব বুলি ধাৰণা কৰা হৈছে। ভাদাউৰিয়াক লোকসভা নিৰ্বাচনৰ টিকট দিয়া হ'ব পাৰে বুলি এতিয়া চৰ্চা চলিছে। ইপিনে বিৰোধীয়ে প্ৰশ্ন কৰিছে যে বিতৰ্কিত ৰাফেল চুক্তিত চৰকাৰক সহায় কৰাৰ বাবেই বিজেপিয়ে প্ৰাক্তন আইএএফ মুৰব্বীগৰাকীক  পুৰস্কৃত কৰিব বিচাৰিছে নেকি?

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু