--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে আন দলৰ লগতে  বিজেপিতো উঠিছে যোগদানৰ ঢৌ। শেহতীয়াকৈ ভাৰতীয় বায়ু সেনাৰ প্ৰাক্তন মুৰব্বী আৰ কে এছ ভাদাউৰিয়াই বিজেপিত যোগদান কৰিছে।  ভাদাউৰিয়াই  হৈছে ৰাফেল বিমান উৰুওৱা প্ৰথম ভাৰতীয় বায়ু সেনা বিষয়া । তেওঁ ফ্ৰান্সৰ পৰা ভাৰতে ৰাফেল  বিমানক্ৰয়ৰ চুক্তি সম্পাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এক কথাত আইএএফৰ প্ৰাক্তন মুৰব্বী আৰ কে এছ ভাদাউৰিয়া ৰাফেল চুক্তিৰ অন্যতম স্থপতি আছিল।

 এইবাৰ তেওঁ বিজেপিত যোগদান কৰিছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে দেওবাৰে ভাদাউৰিয়াই বিজেপিৰ কাৰ্যালয়ত উপস্থিত হয়।  ভাদাউৰিয়াই কৈছে যে তেওঁ দেশৰ সেৱা কৰাৰ আন এটা সুযোগ হেৰুৱাব নিবিচাৰে। বিজেপিয়ে তেওঁক সেই সুযোগ দিব পাৰে।তেওঁ কয়  "মই বায়ু সেনাৰ জৰিয়তে প্ৰায় ৪০ বছৰ ধৰি দেশৰ প্ৰতি সেৱা আগবঢ়াই আহিছো। কিন্তু মই মোদী চৰকাৰৰ দিনত যোৱা আঠ বছৰত সৰ্বশ্ৰেষ্ঠ সময় অতিবাহিত কৰিছিলো। প্ৰধানমন্ত্ৰীয়ে যিদৰে এটাৰ পিছত এটা কঠিন পদক্ষেপৰ জৰিয়তে বায়ু সেনাক শক্তিশালী আৰু আধুনিকীকৰণ কৰিছে, ই কেৱল বায়ুসেনাৰ সামৰ্থ্য বৃদ্ধি কৰাই নহয়, বাহিনীটোৰ আত্মবিশ্বাসো বৃদ্ধি কৰিছে। "

৩৬  বছৰীয়া কেৰিয়াৰত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ প্ৰাক্তন ছাত্ৰ ভাদাউৰিয়াই  বহু  দায়িত্ব পালন কৰিছে।  ২৬  খন  বিভিন্ন প্ৰকাৰৰ যুঁজাৰু বিমান উৰুওৱাৰ  উপৰি তেওঁৰ  ৪২৫০  ঘণ্টা উৰণৰ অভিজ্ঞতা আছে। তেওঁ ১৯৮০  চনত আইএএফৰ যুঁজাৰু শাখাত যোগদান কৰাৰ পিছত পিভিএছএম, এভিএছএম, ভিএম আৰু এডিচি হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। ভাদাউৰিয়াই চাৰি দশক ধৰি গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি  কেইবাটাও বঁটাও লাভ কৰিছে। ইয়াৰ ভিতৰত আছে পৰম সেৱা পদক বঁটা , ছৰ্ড অব অনাৰ, বায়ু সেনা পদক আৰু পৰম বিশ্বস্ত সেৱা পদক।

সেনা বিষয়াজনৰ অন্তৰ্ভুক্তিয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিক অতিৰিক্ত অক্সিজেন প্ৰদান কৰিব বুলি ধাৰণা কৰা হৈছে। ভাদাউৰিয়াক লোকসভা নিৰ্বাচনৰ টিকট দিয়া হ'ব পাৰে বুলি এতিয়া চৰ্চা চলিছে। ইপিনে বিৰোধীয়ে প্ৰশ্ন কৰিছে যে বিতৰ্কিত ৰাফেল চুক্তিত চৰকাৰক সহায় কৰাৰ বাবেই বিজেপিয়ে প্ৰাক্তন আইএএফ মুৰব্বীগৰাকীক  পুৰস্কৃত কৰিব বিচাৰিছে নেকি?

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ