--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডে চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ-বিৰ এখন মেচত আফগানিস্তানৰ হাতত ১৩ ৰানত পৰাজিত হৈ প্রতিযোগিতাৰ পৰা বাহিৰ হয়। ইংলেণ্ড প্রথমখন মেচত অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হৈছিল। আফগানিস্তানে প্রথমে বেটিং কৰি ইংলেণ্ডৰ সন্মুখত জয়ৰ বাবে ৩২৬ ৰানৰ লক্ষ্য বান্ধি দিয়ে। জ' ৰুটৰ ১১১টা বলত ১২০ ৰান সত্ত্বেও দলটো জয়ৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিলে আৰু সকলো উইকেট হেৰুৱাই ৩১৭ ৰানহে গোটায়। 

ইয়াৰ আগতে মেচখনত আফগানিস্তানৰ বেটাৰ ইব্রাহিম জাড্ৰানে এক অভিলেখ গঢ়ে। মেচখনত আফগানিস্তানে প্রথমে বেটিং কৰে আৰু মাত্র ৩৭ ৰানতে তিনিটা উইকেট হেৰুৱাই সংকটত পৰে। সেই সময়তে অ'পেনাৰ জাড্রানে ইংলেণ্ডৰ বলাৰসকলক সাৱলীলভাৱে খেলি যাবলৈ লয়। তেওঁ ১৪৬টা বলত ১২টা চাৰি আৰু ৬টা ছয়েৰে কৰা ১৭৭ ৰান হ'ল চেম্পিয়নছ ট্ৰফীত ব্যক্তিগত সর্বাধিক ৰান। তেওঁৰ এই বিস্ফোৰক ইনিংছটোৰ সহায়ত প্রথমে বেটিং কৰা আফগানিস্তানে ৭ উইকেট হেৰুৱাই ৩২৫ ৰান কৰে। 

উল্লেখযোগ্য যে মাত্র পাঁচ দিনৰ আগতে অর্থাৎ যোৱা ২২ ফেব্ৰুৱাৰীত ইংলেণ্ডৰ বেন ডাকেটে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৬৫ ৰান কৰি চেম্পিয়নছ ট্রফীত ব্যক্তিগত সর্বাধিক ৰানৰ অভিলেখ গঢ়িছিল। আজি জাড্রানে তেওঁৰ এই অভিলেখ ভংগ কৰে। উল্লেখযোগ্য যে চেম্পিয়নছ ট্ৰফীত চেঞ্চুৰী কৰা তেওঁ আফগানিস্তানৰ প্ৰথমজন খেলুৱৈ। মেচখনত তেওঁৰ উপৰি অধিনায়ক হছমাতুল্লা শ্বাহিদী আৰু মহম্মদ নবিয়ে ৪০ ৰানকৈ তথা আজমাতুল্লা ওমৰজায়ে ৪১ ৰানৰ বৰঙনি আগবঢ়ায়।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক