--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আই চি চি চেম্পিয়ন্‌ছ ট্ৰফীৰ আয়োজক পাকিস্তানে প্রথম দুখন মেচত নিউজিলেণ্ড আৰু ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাজিত হোৱাৰ পাছত দলটো এতিয়া কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে। উল্লেখযোগ্য যে পাকিস্তান ক্রিকেট ইতিমধ্যে আর্থিক সংকটৰ সন্মুখীন হৈছে। এতিয়া দলটোৱে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱৰাৰ পাছত পাকিস্তান ক্রিকেট ব'ৰ্ডৰ বাবে সমস্যা অধিক গভীৰ হোৱাৰ আশংকা কৰা হৈছে। 

উল্লেখযোগ্য যে আয়োজক দলটোৰ আগতীয়া প্ৰস্থানৰ পাছত দেশখনত প্রতিযোগিতাৰ খেল চোৱাৰ বাবে ঘৰুৱা দৰ্শকৰ আগ্ৰহ নোহোৱা হৈ পৰা বুলি জনা গৈছে। ইয়াৰ উপৰি পাকিস্তানী ক্রিকেট দলটোৰ ব্ৰেণ্ড ভেল্যু হ্রাস পোৱাটো নিশ্চিত হৈ পৰিছে। ইয়াৰ লগতে স্পনছ'ৰৰ সমস্যাৰো সন্মুখীন হৈছে। 

ইয়াৰ লগতে দলটোক স্পনছ'ৰ কৰাৰ কাৰণে স্পনছ'ৰাৰৰ অভাৱ হ'ব পাৰে বুলি কোৱা হৈছে। পাকিস্তান ক্রিকেট ব'ৰ্ডৰ এটা সূত্রই সংবাদ মাধ্যমৰ আগত কয়, 'চেম্পিয়ন্‌ছ ট্ৰফীৰ পাকিস্তানৰ মেচ চোৱাৰ বাবে দেশখনৰ ক্ৰিকেট প্রেমীসকলে যথেষ্ট উৎসাহ দেখুৱাইছিল। বৃহৎ সংখ্যক পাকিস্তানী ক্রিকেট প্রেমী ষ্টেডিয়ামত উপস্থিত হৈছিল। কিন্তু এতিয়া পাকিস্তানী দলটো প্রতিযোগিতাৰ পৰা বাহিৰ হৈছে। এতিয়া পাকিস্তানী ক্রিকেট প্রেমী খেল চাবলৈ আহিব জানো? প্রকৃততে পাকিস্তানত দেশখনৰ ক্ৰিকেট প্রেমীক ষ্টেডিয়ামলৈ অনাটো ইমান সহজ নহয়। এতিয়া আমাৰ সমস্যা অধিক বৃদ্ধি পাব।' উল্লেখযোগ্য যে পাকিস্তানে প্রায় ২৯ বছৰৰ পাছত আই চি চিৰ প্ৰতিযোগিতা আয়োজনৰ দায়িত্ব লাভ কৰিছিল।

কিন্তু মহম্মদ ৰিজৱানৰ নেতৃত্বৰ পাকিস্তানী ক্রিকেট দলটোৰ প্ৰতিযোগিতাত প্রদর্শন আছিল একেবাৰে হতাশাজনক। প্রথম মেচত নিউজিলেণ্ডৰ হাতত আয়োজক দলটো ৬০ ৰানৰ ব্যৱধানত পৰাজিত হয়। ইয়াৰ পাছত ভাৰতৰ হাতত ৬ উইকেটত পৰাজিত হয় দলটো। মন কৰিবলগীয়া যে প্রতিযোগিতাখনৰ এতিয়াও প্রায় আধা সংখ্যক মেচ অনুষ্ঠিত হ'বলৈ বাকী আছে। এনে অৱস্থাত পাকিস্তান ক্রিকেট ব'ৰ্ডৰ অৰ্থনৈতিক সংকট অধিক গভীৰ হ'বলৈ লৈছে। সূত্ৰটোৰ মতে, পাকিস্তানৰ বাহিৰত অৰ্থাৎ ডুবাইত অনুষ্ঠিত হোৱা মেচসমূহত বৃহৎ সংখ্যক দর্শকে খেল চাবলৈ আহিছে। কিন্তু সমস্যা পাকিস্তানত। 

সূত্রটোৱে কয়, 'আমি প্রতিযোগিতাৰ আয়োজক হোৱাৰ বাবত ফিজ, টিকট বিক্ৰী আৰু আই চি চিৰ ৰাজহৰ এটা অংশ পোৱাটো নিশ্চিত, কিন্তু কিছুমান চিন্তা এতিয়াও অব্যাহত আছে। প্রধান সমস্যা হ'ল উকা ষ্টেডিয়াম দেখাৰ পাছত প্রতিযোগিতাৰ খেলসমূহৰ সম্প্ৰচাৰ প্ৰভাৱহীন হৈ পৰিব। ই পাকিস্তান ক্রিকেটৰ ব্ৰেণ্ড ভেল্যুত প্রভাৱ পেলাব।' পাকিস্তান ক্রিকেট ব'ৰ্ডৰ অধ্যক্ষ মহচিন নাকভীৰ ৰণকৌশলক লৈও প্রশ্নৰ অৱতাৰণা হৈছে। তেওঁ কৰাচী, লাহোৰ আৰু ৰাৱালপিণ্ডিৰ ষ্টেডিয়ামৰ উন্নীতকৰণ কৰে, কিন্তু প্রতিযোগিতাত খেলাৰ বাবে দেশখনৰ দলটোক শক্তিশালী কৰাত গুৰুত্ব নিদিলে বুলি কোৱা হৈছে।

উৎস- দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ