--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাচিন ৰবীন্দ্ৰৰ শতকেৰে নিউজীলেণ্ডক চেম্পিয়নছ ট্ৰফী ২০২৫ত একেৰাহে দ্বিতীয়টো জয় পঞ্জীয়ন কৰে । সোমবাৰে ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়ামত বাংলাদেশক ৫ উইকেটত পৰাস্ত কৰে নিউজিলেণ্ডে । নিউজিলেণ্ডে ৪৬.১ অভাৰত ৫ উইকেট বাংলাদেশে নিৰ্ধাৰণ কৰি দিয়া ২৩৭ ৰাণৰ লক্ষ্যত উপনীত হয় আৰু ছেমি ফাইনেলত স্থান নিশ্চিত কৰে ৷


ভাৰতৰ উপৰি পাকিস্তান, নিউজিলেণ্ড আৰু বাংলাদেশক গ্ৰুপ এত স্থান দিয়া হৈছে। আনহাতে, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানক অষ্ট্ৰেলিয়াৰ সৈতে গ্ৰুপ বিত স্থান দিয়া হৈছে। অৱশ্যে পইণ্ট টেবুললৈ লক্ষ্য কৰিলে পইণ্ট টেবুলৰ শীৰ্ষত আছে দক্ষিণ আফ্ৰিকা। আনহাতে অষ্ট্ৰেলিয়াই দ্বিতীয় স্থান দখল কৰিছে।

পাকিস্তান আৰু বাংলাদেশে দুখনকৈ মেচত পৰাজয়ৰ সন্মুখীন হৈছে । নিউজিলেণ্ডৰ বিৰুদ্ধে পাকিস্তান ৬০ ৰাণত পৰাস্ত হোৱাৰ বিপৰীতে ভাৰতে ৬ উইকেটত পৰাস্ত কৰে । আনহাতে বাংলাদেশে অভিযানৰ প্রথমখন খেলত ভাৰতৰ হাতত ৬ উইকেটত আৰু দ্বিতীয়খন খেলত নিউজীলেণ্ডৰ হাতত ৫ উইকেটত পৰাস্ত হয়৷

যদিও দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডৰ ২-২ পইণ্টৰ সমান, কিন্তু টেম্বা বাভুমাৰ অধিনায়কত্বত থকা দক্ষিণ আফ্ৰিকাৰ নেট ৰান ৰেট অষ্ট্ৰেলিয়াতকৈ ভাল। দক্ষিণ আফ্ৰিকাৰ নেট ৰান ৰেট ২.১৪০। আনহাতে অষ্ট্ৰেলিয়াৰ নেট ৰান ৰেট ০.৪৭৫। দক্ষিণ আফ্ৰিকাই আফগানিস্তানক পৰাস্ত কৰি এই প্ৰতিযোগিতাৰ আৰম্ভণি কৰে। একে সময়তে ইংলেণ্ড আৰু আফগানিস্তানে প্ৰথম জয়ৰ বাবে অপেক্ষা কৰি আছে। অৱশ্যে এই গ্ৰুপৰ পৰাই ছেমি ফাইনেলত প্ৰৱেশৰ বাবে দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ দলসমূহ শক্তিশালী প্ৰতিদ্বন্দ্বী বুলি ধাৰণা কৰা হৈছে।

এই জয়ৰ জৰিয়তে আয়োজক পাকিস্তান আৰু বাংলাদেশ প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ বিপৰীতে নিউজীলেণ্ড আৰু ভাৰতে ছেমি ফাইনেলত স্থান দখল কৰিছে । ২ মাৰ্চ দেওবাৰে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখন এতিয়া আনুষ্ঠানিকতাত পৰিণত হৈছে আৰু কোনটো দলে গ্ৰুপত শীৰ্ষস্থান দখল কৰিব সেইটো নিৰ্ণয় কৰিব ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক