--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আফগানিস্তানৰ বিৰুদ্ধে পৰাস্ত হ’ল পাকিস্তান। ১১ বছৰৰ পাছত টি২০ত আফগানিস্তানে পৰাস্ত কৰিবলৈ সক্ষম হয় পাকিস্তানক। শ্বাৰজাহত হৈ থকা দুয়োদখন দেশৰ টি২০ শৃংখলাৰ প্ৰথমখন মেচত ১০০ ৰাণো সংগ্ৰহ কৰিব নোৱাৰিলে পাকিস্তানে।

বাবৰ আজম আৰু মহম্মদ ৰিজৱানৰ অনুপস্থিতিত শ্বাদাৱ খানৰ নেতৃত্বত পাকিস্তানে তীব্ৰ বেটিং সংকটৰ মুখামুখি হয়। আফগানিস্তানে ৬টা উইকেটত জয়লাভ কৰে। মহম্মদ নবীয়ে বেট আৰু বলৰ সৈতে সৰ্বোত্তম প্ৰদৰ্শন কৰে।

মেচখনত পাকিস্তানে মাত্ৰ ৯২ ৰানহে সংগ্ৰহ কৰে। পাকিস্তানে সমগ্ৰ ২০ অভাৰত বেটিং কৰি হেৰুৱাই ৯ টা উইকেট।অ’পেনাৰ ছাইম আয়ুবে ১৭ ৰান সংগ্ৰহ কৰে। ইমাদ ৱাছিমৰ ১৮ ৰান দলৰ সৰ্বাধিক। তায়াব তাহিৰে ১৬ ৰান সংগ্ৰহ কৰে। অধিনায়ক ছাদাবে ১২ ৰান সংগ্ৰহ কৰে। বাকী কোনো বেটছমেনে ১০ ৰানৰ সীমা অতিক্ৰম কৰিব নোৱাৰিলে।

এই ছিৰিজত নবিক আফগানিস্তানৰ দললৈ ঘূৰাই অনা হৈছিল। টি-২০ বিশ্বকাপৰ পিছত তেওঁ নেতৃত্ব ত্যাগ কৰিছিল। লগতে তেওঁক দলৰ পৰাও বাদ দিয়া হৈছিল। পাকিস্তানৰ বিৰুদ্ধে দললৈ উভতি আহিয়ে নবীয়ে মেন অৱ দ্য মেচৰ সন্মান লাভ কৰে। অভিজ্ঞ ক্ৰিকেটাৰগৰাকীয়ে ৩ অভাৰত ১২ ৰানেৰে ২টা উইকেট দখল কৰাৰ উপৰিও ৩৮টা বলত ৩৮ ৰান সংগ্ৰহ কৰি দলটোক জয় কৰাবলৈ সক্ষম হয়।

আফগানিস্তানৰ অপেনাৰ ৰহমানুল্লাহ গুৰবাজে ১৭টা বলত ১৬ ৰান সংগ্ৰহ কৰে। নবীৰ সৈতে খেলখন শেষ কৰে নাজিবুল্লাহ জাদ্ৰানে। ১৭ ৰানত অপৰাজিত হৈ থাকে জাদ্ৰান। ১৩টা বল বাকী থকা অৱস্থাত আফগানিস্তানে জয়লাভ কৰে।

আফগানিস্তানৰ বিৰুদ্ধে আৰু দুখন টি-২০ মেচ খেলিব পাকিস্তানে। তিনিওখন মেচ হ’ব শ্বাৰজাহত। সেই দুখন মেচ হ’ব ২৬ আৰু ২৭ মাৰ্চত। এই শৃংখলাত প্ৰথমখন মেচত জয়লাভেৰে ইতিমধ্যে আফগানিস্তানে ১-০ গ’লত অগ্ৰগতি লাভ কৰিছে। আৰু এখন মেচত জয়ী হ’লেই এই শৃংখলা জয় কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু