--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আফগানিস্তানৰ বিৰুদ্ধে পৰাস্ত হ’ল পাকিস্তান। ১১ বছৰৰ পাছত টি২০ত আফগানিস্তানে পৰাস্ত কৰিবলৈ সক্ষম হয় পাকিস্তানক। শ্বাৰজাহত হৈ থকা দুয়োদখন দেশৰ টি২০ শৃংখলাৰ প্ৰথমখন মেচত ১০০ ৰাণো সংগ্ৰহ কৰিব নোৱাৰিলে পাকিস্তানে।

বাবৰ আজম আৰু মহম্মদ ৰিজৱানৰ অনুপস্থিতিত শ্বাদাৱ খানৰ নেতৃত্বত পাকিস্তানে তীব্ৰ বেটিং সংকটৰ মুখামুখি হয়। আফগানিস্তানে ৬টা উইকেটত জয়লাভ কৰে। মহম্মদ নবীয়ে বেট আৰু বলৰ সৈতে সৰ্বোত্তম প্ৰদৰ্শন কৰে।

মেচখনত পাকিস্তানে মাত্ৰ ৯২ ৰানহে সংগ্ৰহ কৰে। পাকিস্তানে সমগ্ৰ ২০ অভাৰত বেটিং কৰি হেৰুৱাই ৯ টা উইকেট।অ’পেনাৰ ছাইম আয়ুবে ১৭ ৰান সংগ্ৰহ কৰে। ইমাদ ৱাছিমৰ ১৮ ৰান দলৰ সৰ্বাধিক। তায়াব তাহিৰে ১৬ ৰান সংগ্ৰহ কৰে। অধিনায়ক ছাদাবে ১২ ৰান সংগ্ৰহ কৰে। বাকী কোনো বেটছমেনে ১০ ৰানৰ সীমা অতিক্ৰম কৰিব নোৱাৰিলে।

এই ছিৰিজত নবিক আফগানিস্তানৰ দললৈ ঘূৰাই অনা হৈছিল। টি-২০ বিশ্বকাপৰ পিছত তেওঁ নেতৃত্ব ত্যাগ কৰিছিল। লগতে তেওঁক দলৰ পৰাও বাদ দিয়া হৈছিল। পাকিস্তানৰ বিৰুদ্ধে দললৈ উভতি আহিয়ে নবীয়ে মেন অৱ দ্য মেচৰ সন্মান লাভ কৰে। অভিজ্ঞ ক্ৰিকেটাৰগৰাকীয়ে ৩ অভাৰত ১২ ৰানেৰে ২টা উইকেট দখল কৰাৰ উপৰিও ৩৮টা বলত ৩৮ ৰান সংগ্ৰহ কৰি দলটোক জয় কৰাবলৈ সক্ষম হয়।

আফগানিস্তানৰ অপেনাৰ ৰহমানুল্লাহ গুৰবাজে ১৭টা বলত ১৬ ৰান সংগ্ৰহ কৰে। নবীৰ সৈতে খেলখন শেষ কৰে নাজিবুল্লাহ জাদ্ৰানে। ১৭ ৰানত অপৰাজিত হৈ থাকে জাদ্ৰান। ১৩টা বল বাকী থকা অৱস্থাত আফগানিস্তানে জয়লাভ কৰে।

আফগানিস্তানৰ বিৰুদ্ধে আৰু দুখন টি-২০ মেচ খেলিব পাকিস্তানে। তিনিওখন মেচ হ’ব শ্বাৰজাহত। সেই দুখন মেচ হ’ব ২৬ আৰু ২৭ মাৰ্চত। এই শৃংখলাত প্ৰথমখন মেচত জয়লাভেৰে ইতিমধ্যে আফগানিস্তানে ১-০ গ’লত অগ্ৰগতি লাভ কৰিছে। আৰু এখন মেচত জয়ী হ’লেই এই শৃংখলা জয় কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জাৰ্মানীৰ ওপৰত ট্ৰাম্পৰ ‘ডাবল এটেক’: ৫,০০০ সামৰিক সৈন্য প্ৰত্যাহাৰ আৰু বাহনৰ ওপৰত ২৫% শুল্ক ঘোষণা
ৰামদেৱৰ পাছত চি আৰ পি এফক গতালে বীজ নিগমৰ ৫০ বিঘা ভূমি
পলাতক অপৰাধীৰ বিৰুদ্ধে ভাৰতৰ 'অপাৰেশ্যন গ্ল'বেল হান্ট'
মুজতবা খামেনেইৰ মৃত্যুৰ বিষয়ত অপপ্ৰচাৰ চলাইছে আমেৰিকাই, ইৰানী বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ দাবী
টী-২০ মহিলা বিশ্বকাপ ২০২৬ ; বিচিচিআইএ ঘোষণা কৰিলে ভাৰতীয় দল
গংগা এক্সপ্ৰেছৱেত হাই-টেক সুৰক্ষা ব্যৱস্থা: এতিয়াৰ পৰা গাড়ী চলাওতে টোপনি আহিলে চালকক কৰিব সতৰ্ক
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু
আজি পুৱা ১০.৩০ বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
আইপিএলত ইতিহাস গঢ়াৰ দিশে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী: বিহাৰৰ বৈভৱে কঁপাব ক্ৰিকেট জগত
ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল: শীৰ্ষত কোন কোন জিলা?